• আপুনিও অত্যধিক নিমখ সেৱন কৰে নেকি, ই স্বাস্থ্যৰ বাবে ডাঙৰ ক্ষতিকাৰক হ’ব পাৰে, জানি লওক

    জীৱন শৈলী
    আপুনিও অত্যধিক নিমখ সেৱন কৰে নেকি, ই স্বাস্থ্যৰ বাবে ডাঙৰ ক্ষতিকাৰক হ’ব পাৰে, জানি লওক

    ডিজিটেল ডেস্ক : নিমখ অবিহনে খাদ্যৰ
    খোৱাদ আধৰুৱা। কিন্তু সঠিক পৰিমাণত নিমখ সেৱন কৰাটো স্বাস্থ্যৰ বাবে উপকাৰী। আনহাতে
    যদি আপুনি ইয়াক অতিৰিক্তভাৱে সেৱন কৰে তেন্তে ই শৰীৰৰ বাবে ক্ষতিকাৰকো হ’ব পাৰে, জানো
    আহক।



     * অত্যধিক নিমখ সেৱন কৰাটো হৃদযন্ত্ৰৰ
    বাবে বিপজ্জনক। ইয়াৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায়।



     * বেছিকৈ নিমখ সেৱন কৰিলে পেট ফুলা
    হ’ব পাৰে। কাৰণ নিমখ অত্যধিক সেৱনৰ ফলত পেটত পানী জমা হয়। যাৰ বাবে পেট ফুলাৰ সমস্যা
    হয়।



     * অধিক নিমখ সেৱনে বি পিৰ সমস্যা
    বৃদ্ধি কৰে আৰু তেজত ছ’ডিয়ামৰ পৰিমাণ বৃদ্ধি কৰে।



     * বেছিকৈ নিমখ খালে বৃক্কৰ সমস্যা
    বৃদ্ধি পাব পাৰে। কাৰণ নিমখ খালে শৰীৰত অধিক ঘাম ওলায়। যাৰ বাবে বৃক্কৰ সমস্যা বৃদ্ধি
    পায়।



     * অত্যধিক নিমখ সেৱনৰ বাবে ছালৰ লগত জড়িত সমস্যাও
    আৰম্ভ হয়। এনে পৰিস্থিতিত নিমখ কম পৰিমাণেহে সেৱন কৰিব লাগে।ো