• দেশত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে হাঁপানী ৰোগীৰ সংখ্যা, সেয়েহে আজিয়েই সলনি কৰক এইসমূহ অভ্যাস

    জীৱন শৈলী
    দেশত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে হাঁপানী ৰোগীৰ সংখ্যা, সেয়েহে আজিয়েই সলনি কৰক এইসমূহ অভ্যাস

    ডিজিটেল ডেস্ক : আধুনিক যুগত জনসাধাৰণৰ
    জীৱন-যাপন আৰু খাদ্যাভ্যাসৰ বহু পৰিৱৰ্তন হৈছে। ইয়াৰ উপৰি আমাৰ চৌপাশৰ পৰিৱেশ দিনকদিনে
    প্ৰদূষিত হৈ পৰিছে। বিশেষকৈ যুৱক-যুৱতীসকলৰ মাজত হাঁপানী ৰোগ অতি সাধাৰণ হৈ পৰিছে।
    ভাৰতত আজি প্ৰায় ২ কোটি হাঁপানী ৰোগী আছে। বিশ্ব স্বাস্থ্য সংস্থাই দাবী কৰিছে যে
    যদি এনেদৰে পৰিৱেশ প্ৰদূষিত হৈ থাকে, তেন্তে হাঁপানী ৰোগ হ’ব পাৰে এটা সময়ত আটাইতকৈ
    মাৰাত্মক ৰোগ। সেয়ে পৰিৱেশক দূষিত হোৱাৰ পৰা আমি সকলোৱে সুৰক্ষা দিব লাগে। ইয়াৰ উপৰি
    যুৱক-যুৱতীসকলে নিজৰ অভ্যাস সলনি কৰাটোও প্ৰয়োজন হৈ পৰিছে। জানো আহক কোনবোৰ অভ্যাসৰ
    বাবে হাঁপানীৰ ৰোগ বৃদ্ধি পাব পাৰে।



     এই অভ্যাসৰ বাবে হাঁপানী ৰোগীৰ
    সংখ্যা বৃদ্ধি পাব পাৰে-



    * অনবৰতে কামত ব্যস্ত হৈ থকা লোকসকলৰ
    হাঁপানী ৰোগৰ সমস্যা বেছি হয়। এনে অৱস্থাত কৰ্মৰ সমান্তৰালভাৱে শৰীৰক বিশ্ৰাম দিয়াটোও
    প্ৰয়োজন।



    * আজিৰ সময়ত যুৱপ্ৰজন্মৰ মাজত চিগাৰেট-গুটখা
    সেৱনৰ অভ্যাস অতি বেছি, এনে অৱস্থাত হাঁপানী ৰোগৰ সমস্যা বৃদ্ধি পাব পাৰে।



    * নিয়মিতভাৱে ৫০০ মিটাৰো খোজকঢ়াৰ
    অভ্যাস নাই, তেন্তে আপোনাৰ এই অভ্যাসে আপোনাৰ শৰীৰটোক অস্থিৰ কৰি তুলিব পাৰে। ফলত হাঁপানী
    ৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।



    * বাহিৰৰ বস্তু বেছিকৈ সেৱন নকৰিব।
    ইয়াৰ ফলত হাঁপানীৰ সমস্যা হোৱাৰ সম্ভাৱনা অতি বেছি।



    * দৈনিক যোগাভ্যাসৰ লগতে স্বাস্থ্যসন্মত
    খাদ্য নিৰ্বাচন নকৰাৰ ফলতো হাঁপানী ৰোগৰ সমস্যা বৃদ্ধি পাব পাৰে।