• আজিৰ দিনটো কেনে যাব? চাওঁ আহক ৰাশিফল

    জীৱন শৈলী
    আজিৰ দিনটো কেনে যাব? চাওঁ আহক ৰাশিফল
    ৪ নৱেম্বৰ ২০২৪, সোমবাৰ

    মেষ ৰাশি: মনটো অস্থিৰ হৈ থাকিব৷ দুৰ্বলতা, শক্তিহীনতা আৰু কামৰ প্ৰতি এলাহ ভাৱ আছে৷ পেটৰ সমস্যা হ’ব পাৰে৷ ব্যয় বৃদ্ধি৷ সহকৰ্মীসকলৰ আচৰণ জটিল হ’ব, তেওঁলোকৰ পৰা সহযোগিতা নাপাব৷

    বৃষ ৰাশি: দিনটো দুৰ্ভাগ্য আৰু আশংকা কঢ়িয়াই লৈ আহিব৷ নতুন কাম হাতত লোৱাৰ পৰা বিৰত থাকক৷ কোনোপধ্যেই মুৰ গৰম হ’বলৈ নিদিব৷ অবৈধ আৰু অনৈতিক কামৰ চিন্তা মনৰ পৰা দূৰত ৰাখক৷

    মিথুন ৰাশি:  দিনটো যথেষ্ট শুভ৷ বন্ধু বা পৰিয়ালৰ লোকৰ সৈতে আনন্দৰে সৈতে অনুষ্ঠানত যোগ দিব পাৰে৷ বন্ধুৰ দ্বাৰা উপকৃত আৰু লাভবান হ’ব৷ বয়োজ্যেষ্ঠসকলৰ পৰা মৰম-চেনেহ পাব৷

    কৰ্কট ৰাশি: দিনটো অত্যন্ত শুভ৷ নতুন কাম আৰু উদ্যোগ হাতত ল’ব পাৰে৷ বৃত্তিধাৰী আৰু ব্যৱসায়ীসকলৰ কাৰণে দিনটো লাভদায়ক ৷ প্ৰশংসা লাভ কৰিব৷ পদোন্নতি, দৰমহা বৃদ্ধি হ’ব পাৰে। মৰম আৰু সন্মান পোৱাৰ সম্ভাৱনা আছে৷

    সিংহ ৰাশি: দিনটো আনন্দৰে পাৰ হ’ব৷ সুখ-সমৃদ্ধি বৃদ্ধি হ’ব৷ গোটেই দিন প্ৰাণৱন্ত আৰু তজবজীয়া অনুভৱ কৰিব৷ দুশ্চিন্তা নকৰিব৷

    কন্যা ৰাশি: দিনটো শুভ৷ বৈবাহিক জীৱনত সুখ আৰু শান্তি বিৰাজ কৰিব ৷ সকলো দিশৰ পৰা আনন্দ আৰু পৰিতৃপ্তি লাভ কৰিব৷ স্বাস্থ্য ভালে থাকিব৷ লাভ আৰু জনপ্ৰিয়তা বৃদ্ধি পাব৷

    তুলা ৰাশি: দিনটো আশানুৰূপ নহ’ব৷ স্বামীৰ স্ত্ৰীৰ সৈতে বা স্ত্ৰীৰ স্বামীৰ সৈতে উত্তপ্ত কাজিয়া হ’ব৷ অংশীদাৰিত্ব কৰাৰ আগতে অধিক সতৰ্ক থাকক৷ ব্যৱসায় সম্বন্ধীয় বিবাদৰ পৰা দূৰত থাকিব৷

    বৃশ্চিক ৰাশি: দিনটো ধীৰ-স্থিৰ আৰু শান্ত হৈ থাকক৷ বন্ধু আৰু আত্মীয়সকলৰ পৰা উষ্ম আচৰণ নাপাব ৷ স্বাস্থ্যক লৈ চিন্তা বাঢ়িব ৷ আৰ্থিক ক্ষতি আৰু সুনাম নষ্ট হোৱাৰ আশংকা আছে৷ খং উঠিব৷ নিজৰ বদনাম হ’বলৈ নিদিব৷ নথিপত্ৰ চহী কৰাৰ আগতে দুনাই ভাবক৷

    ধনু ৰাশি: আনন্দৰে দিনটো পাৰ হ’ব৷ ভাইভনীৰ লগত সম্পৰ্ক ভাল হ’ব৷ নতুন কাম আৰু উদ্যোগ হাতত লোৱাৰ বাবে দিনটো ভাল ৷ সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধিৰ ইংগিত আছে৷

    মকৰ ৰাশি: শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰিলে অপ্ৰত্যাশিত লাভ পাব পাৰে৷ ঘৰুৱা পৰিৱেশ বৰ ভালে নাথাকিব৷ অসন্তোষ আৰু অস্থিৰতা বিৰাজ কৰিব৷ স্বাস্থ্য ভালে থাকিব৷ সুস্থ মনোভাৱৰ ফলত নেতিবাচক মনোভাৱ দূৰ কৰিব পাৰিব৷

    কুম্ভ ৰাশি: কোনো কাম মনোযোগ দি থাকিব নোৱাৰিব৷ মনটো বিমৰ্ষ হৈ থাকিব৷ কোনো বস্তুৰ প্ৰতি আগ্ৰহ নাথাকিব৷ ধৰ্মীয় বিষয়ত অত্যধিক ব্যয়ৰ সম্ভাৱনা আছে৷ বিনিয়োগ কৰাৰ সময়ত ভালকৈ ভাবি চিন্তি ল’ব৷ পৰিয়ালৰ লোকৰ সৈতে অলপ সংঘাত হ’ব পাৰে৷ সৰু-সুৰা লাভৰ পিছে পিছে দৌৰি থাকিলে ডাঙৰ কোনো ক্ষতি হৈ যাব পাৰে৷ প্ৰাৰ্থনা আৰু ধ্যান কৰিলে দিনটো ভালে যাব৷


    মীন ৰাশি: গোটেই দিনটো প্ৰাণৱন্ত আৰু উলহ মালহেৰে পূৰ্ণ হৈ থাকিব৷ গ্ৰহৰ অৱস্থান ভালে থাকিব৷ পৰিয়ালৰ লোকৰ সৈতে আনন্দদায়ক ভ্ৰমণত যাব পাৰে৷ স্পষ্ট মনোভাৱ আৰু আধ্যাত্মিকতাই মনটো ফুৰ্তিত ৰাখিব৷ সকলো ধৰণৰ নেতিবাচক চিন্তা মনৰপৰা দূৰত ৰাখক৷