৭ অক্টোবৰ, ২০২৪ সোমবাৰ
মেষ ৰাশি: বেয়া চিন্তা বাদ দি নতুন চিন্তাৰে দিন আৰম্ভ কৰক৷ আজি আপুনি মানসিক আৰু শাৰীৰিকভাৱে সবল অনুভৱ কৰিব আৰু মনোযোগেৰে কাম কৰাত সফল হ’ব৷ চকু ৰাখক যাতে পৰিয়াল আৰু আন সম্বন্ধীয়ৰ লগত মতবিৰোধ নহয়৷ ছাত্ৰ-ছাত্ৰীসকলে ভাল ফল দেখুৱাব পাৰিব৷ বেয়া চিন্তাবোৰ মনৰ পৰা আঁতৰাই পেলাওক৷
বৃষ ৰাশি: আজি আপোনাৰ ভাগ্য ভালে থাকিব৷ কৰ্মক্ষেত্ৰৰ পৰিবেশ সুন্দৰ হ’ব৷ আপোনাৰ কামত বচ আনন্দিত আৰু সন্তুষ্ট হ’ব৷ আজি হাতত লোৱা সকলো কাম নিৰ্বিঘ্নে সমাপ্ত হ’ব৷ আমদানি বৃদ্ধি হ’ব আৰু পদোন্নতি হ’ব পাৰে৷ সন্তানৰ কৃতিত্বই আপোনাক আনন্দিত কৰিব৷
মিথুন ৰাশি: আজি আপোনাৰ আত্মবিশ্বাস সম্পূৰ্ণভাৱে বৃদ্ধি হ’ব৷ যিকোনো কামৰ বাবে অতি সহজে সিদ্ধান্ত গ্ৰহণ কৰক৷ আপুনি পিতৃ বা ডাঙৰৰ পৰা সহায় লাভ কৰিব৷ সামাজিক মৰ্যাদা বৃদ্ধি হ’ব৷
কৰ্কট ৰাশি: আজি আপুনি নিজৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক অন্যথা আপুনি মানসিক অশান্তিত ভুগিব পাৰে৷ আপুনি কষ্ট কৰিলেও আপোনাৰ কষ্টৰ ফল লাভত ব্যৰ্থ হ’ব৷ সন্তানৰ বাবে চিন্তাত থাকিব লাগিব৷ চৰকাৰী কাম-কাজত সফলতা লাভ কৰিব৷ মাজে মাজে পেটৰ বিষত ভুগিব পাৰে৷
সিংহ ৰাশি: নতুন কাম আৰম্ভ কৰাৰ উত্তম সময়৷ চৰকাৰী কামত সফল হ’ব আৰু পুৰস্কৃত হ’ব৷ প্ৰতিবেশী আৰু বন্ধুৰ লগত মতবিৰোধ হ’ব পাৰে৷ মতধাৰা সলনি হ’ব৷ টকা-পইচাৰ ক্ষেত্ৰত সাৱধান হওক৷
কন্যা ৰাশি: আপোনাৰ পাৰিবাৰিক জীৱন আজি অতি সুখকৰ হৈ উঠিব৷ আজি সকলো কাম আপুনি সম্পূৰ্ণ আত্মবিশ্বাসেৰে কৰিব পাৰিব ৷ ভ্ৰমণৰ যোগ আছে৷ ইজনে সিজনক কপোৰ বা আন উপহাৰ প্ৰদান কৰিব পাৰে৷ পাৰিবাৰিক জীৱন সুখৰ হ’ব৷
তুলা ৰাশি: আজি আপোনাৰ বাবে এটা পবিত্ৰ দিন৷ শৰীৰ আৰু মনৰ আত্মবিশ্বাস বৃদ্ধি হ’ব৷ ঘৰত সুখ শান্তিৰ পৰিবেশ থাকিব৷ আপোনাৰ সহকৰ্মীসকলৰ সহযোগিতা সকলো ক্ষেত্ৰত লাভ কৰিব৷ পিতৃৰ ফালৰ পৰা শুভ৷
বৃশ্চিক ৰাশি: আপুনি যিদৰে সম্পূৰ্ণ সততাৰে আৰু দক্ষতাৰে কাম কৰিছে, আপুনি সফলতাৰ মুখ দেখিবই৷ পিতৃৰ ফালৰ পৰা সহায়ৰ হাত পাব৷ ছাত্ৰ-ছাত্ৰীসকলে সফলতাৰ বাবে কষ্ট কৰক৷ চৰকাৰী কামত সফলতা লাভ কৰিব৷ সন্তানৰ বাবে টকা জমা কৰিব পাৰিব ৷
ধনু ৰাশি: শৰীৰ বৰ ভালে নাযাব৷ আপুনি কি খোৱা-বোৱা কৰিছে তাৰ প্ৰতি চকু ৰাখক৷ খঙক আৰু বেয়া চিন্তাৰ পৰা নিজক মুক্ত ৰাখক৷ কৰ্মক্ষেত্ৰৰ পৰিবেশ আপোনাৰ অনুকুল নহ’ব৷ এটা কথাত মন দিব যাতে আপোনাৰ অভিভাৱকৰ লগত যাতে কোনো বিৰোধিতা নহয়৷
মকৰ ৰাশি: শৰীৰ আজি বৰ ভালে যাব৷ মানসিক উদ্বিগ্নতা দূৰ হ’ব৷ ব্যৱসায়ত সফলতা৷ আপোনাৰ ব্যৱহাৰ সলনি কৰক৷ সাৱধানে সকলো কামত মনোনিবেশ কৰক৷যোগাভ্যাস কৰক আৰু অলাগতিয়াল চিন্তাৰ পৰা আঁতৰি থাকক৷
কুম্ভ ৰাশি: চাব যাতে কাৰো লগত অযথা কথাত কাজিয়াৰ সূত্ৰপাত নহয়৷ মানসিক অশান্তিয়ে শাৰীৰিক অসুস্থতা বৃদ্ধি কৰিব৷ সৰু কথাতে বন্ধুৰ লগত মতবিৰোধ হ’ব পাৰে৷ ধৰ্মীয় কামত ধন খৰচ হ’ব পাৰে৷ শৰীৰৰ যত্ন লওক৷ হুলস্থূল আৰু কাজিয়াৰ পৰা নিজকে আঁতৰাই ৰাখক৷
মীন ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে সুখ আৰু লাভদায়ক। সকলো ক্ষেত্ৰৰপৰা সুযোগ-সুবিধা পাব আৰু লাভবান হ’ব। যাৰ ফলত আপোনাৰ মন ভালে থাকিব। লক্ষ্যণীয়ভাৱে আয়বৃদ্ধিৰ যোগ আছে। বন্ধুসকলৰ মনোৰঞ্জনৰ বাবে ব্যয় কৰিলে প্ৰচুৰ লাভ পাব। ক’ৰবাত ফুৰিবলৈ গ’লে বা বনভোজনত গ’লে আজিৰ দিনটো অধিক স্মৰণীয় আৰু আনন্দদায়ক হৈ থাকিব। আপুনি যদি এতিয়া অবিবাহিত তেতিয়া হ’লে বিবাহৰ যোগ আছে।
Leave A Comment