১১ আগষ্ট, বৃহস্পতিবাৰ,২০২২
মেষ ৰাশি : চাকৰিয়ালৰ বাবে ভাল দিন৷ প্ৰেমত শুভ৷ পৰিয়ালৰ লগত সৰু ভ্ৰমণ কৰিব পাৰে৷ আপোনজনৰ লগত সম্পৰ্ক ভাল হʼব৷ দিনটো কুশলে পাৰ হʼব৷
বৃষ ৰাশি : স্বাস্থ্যৰ প্ৰতি মনোযোগ দিব। প্ৰেমত চিন্তা৷ মনলৈ হতাশা আহিব। কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব৷ আলহী আহিব৷ কৰ্ম জীৱনত উন্নতি হʼব পাৰে৷
মিথুন ৰাশি : প্ৰেমত সম্পর্ক ভাল হʼব৷ বিদ্যাত ভাল৷ লক্ষ্যত সফল হ’ব৷ চিন্তাধাৰাবোৰ উন্নত কৰক। খৰচ কমাওক।
কৰ্কট ৰাশি : আয় বৃদ্ধি৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব৷ ব্যৱসায়ীসকল লাভৱান হ’ব৷ প্ৰেমত সফল হʼব।
সিংহ ৰাশি : দিনটো চিন্তাত পাৰ হʼব৷ কর্মক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰা উচিত৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব৷ ভাগৰ বৃদ্ধি৷ কৰ্ম ব্যস্ততা বৃদ্ধি।
কন্যা ৰাশি : দিনটো সফল হʼব৷ জ্যেষ্ঠজনৰ পৰা কোনো কামৰ পৰামৰ্শ লʼব৷ ব্যক্তিগত জীৱনত সুখী অনুভৱ কৰিব৷ ভ্ৰমণত সতৰ্কতা অৱলম্বন কৰা উচিত।
তুলা ৰাশি : প্ৰশংসা লাভ কৰিব৷ নিজৰ কর্মত মনোযোগ দিলে সফল হʼব৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব৷ প্ৰেমত অশান্তি বাঢ়িব।
বৃশ্চিক ৰাশি : বন্ধু বা আপোনজনৰ লগত তৰ্ক-বিতৰ্ক হ’ব পাৰে৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব৷ বিতৰ্ক এৰাই চলক।
ধনু ৰাশি : কাৰোবাৰ কথাই অসন্তুষ্ট কৰিব৷ যিকোনো পৰিকল্পনা বাতিল কৰক৷ অলপ দিন কুকুৰৰ পৰা আঁতৰি থাকক৷ মানসিক অশান্তি বাঢ়িব।
মকৰ ৰাশি : খৰচ বৃদ্ধি। উপাৰ্জন কৰাৰ সুযোগ পাব৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হ’ব৷ প্ৰেমত মধুৰতা। ভ্ৰমণত মন ভৰিব।
কুম্ভ ৰাশি : শিৱৰ কৃপা দৃষ্টি লাভ কৰিব। যিকোনো কামত সফল হ’ব৷ ধন লাভ কৰিব৷ ব্যয় বৃদ্ধি৷ প্ৰেমত শুভ। আলহী আহিব।
মীন ৰাশি : কঠোৰ পৰিশ্ৰম কৰিলে সফলতা লাভ কৰিব। দিনটো প্ৰায় ভাল হʼব। খৰচ বৃদ্ধি। প্ৰেমত শুভ৷ ব্যৱসায়ীসকলৰ উত্তম সময়।
Leave A Comment