• মঙলবাৰৰ দিনটো কুশলে যাবনে? ৰাশিফল চাওঁ আহক

    জীৱন শৈলী
    মঙলবাৰৰ দিনটো কুশলে যাবনে? ৰাশিফল চাওঁ আহক


    ১২ ডিচেম্বৰ ২০২৩, মঙলবাৰ

    মেষ- কৰ্মক্ষেত্ৰত পদোন্নতিৰ যোগ। কোনো লোকে দু: সংবাদ দিব পাৰে। শিক্ষাৰ্থীৰ বাবে শুভ। শুভ সংখ্যা ৫, শুভ ৰং বাদামী।

    বৃষ-কৰ্মক্ষেত্ৰত ভয় শংকা বৃদ্ধি পাব। অযথা বদনাম পাব পাৰে। জমা ধন খৰচ হ’ব। শুভ সংখ্যা ৩, শুভ ৰং বগা।

     মিথুন- কৰ্মত দূৰদৰ্শিতা প্ৰকাশ পাব। ভ্ৰমণৰ যোগ। প্ৰেমত সাৱধান হ’ব। মিতব্যয়ী হওক। শুভ সংখ্যা ৪, শুভ ৰং সেউজীয়া।

    কৰ্কট- কৰ্মস্থানত যথেষ্ট কষ্ট হোৱাৰ সম্ভাৱনা। দুষ্ট লোকে বিপথে নিব পাৰে।পৰচৰ্চা নকৰিব। শুভ সংখ্যা ১,শুভ ৰং সোণালী।

    সিংহ- আনৰ তোষামোদত ভোল নাযাব। যি কোনো কথাতে নিজৰটোকে শুদ্ধ বুলি নাভাবিব।
    হাতলৈ ধন আহিব। শুভ সংখ্যা ২, শুভ ৰং ৰঙা।

    কন্যা- দিনটো প্ৰায় ভালে যাব। খৰচৰ মাত্ৰা বৃদ্ধি পাব।সংযম ৰক্ষা কৰি চলিব। শুভ সংখ্যা ৫, শুভ ৰং হালধীয়া।

    তুলা- কামত আনৰ পৰা প্ৰেৰণা পাব। মনোৰঞ্জনত ব্যস্ত নথকাই ভাল। মিছা প্ৰতিশ্ৰুতি নিদিব। শুভ সংখ্যা ৯, শুভ ৰং গুলপীয়া।

    বৃশ্চিক- বিবাহৰ কথা চলি থকা সকলে আজি সিদ্ধান্তত উপনীত হ'ব।পত্নীৰ স্বাস্থ্যক লৈ চিন্তা হ’ব পাৰে। শুভ সংখ্যা ৭, শুভ ৰং বগা।

    ধনু- জনপ্ৰিয়তা বৃদ্ধিৰ সুযোগ পাব। যাকে তাকে সংগ নিদিব। আৰ্থিক স্থিতি উন্নত। শুভ সংখ্যা ৭, শুভ ৰং মেৰুণ।

    মকৰ- গণেশৰ কৃপা দৃষ্টি লাভ কৰিব। ব্যৱসায়ীত, শিক্ষাৰ্থীৰ বাবে দিনটো মধ্যমীয়া।প্ৰেমত বিবাদৰ সম্ভাৱনা। শুভ সংখ্যা ৩, শুভ ৰং বেঙুনীয়া।

    কুম্ভ- পাবলগীয়া ধন ঘূৰাই পাব। কাৰোৰে সৈতে অনৰ্থক কাজিয়া নকৰিব। শুভ সংখ্যা ৪, শুভ ৰং মাখন।

    মীন- মাটি-বাৰীৰ ক্ষেত্ৰত স্থগিত থকা বিষয়বোৰ সমাধান হ’ব। দিনটো সুখদায়ক হ’ব। অৰ্থ লাভ। শুভ সংখ্যা ২, শুভ ৰং নীলা।