• ভালে যাবনে গুৰুবাৰ? আজিৰ ৰাশিফল চাই জানো আহক

    জীৱন শৈলী
    ভালে যাবনে গুৰুবাৰ? আজিৰ ৰাশিফল চাই জানো আহক

    ১৪/০৩/২০২৪, বৃহস্পতিবাৰ

    মেষ –  ভাল খবৰ আহিব। অৰ্থনৈতিক বিকাশ অব্যাহত থাকিব।  ঘৰত শান্তি। প্ৰেম মজবুত হ'ব।

    বৃষ -আপুনি আইনী জটিলতাৰ সন্মুখীন হ’ব লাগিব পাৰে। কাম আৰু ব্যৱসায়ত সফলতা আৰু খ্যাতি। হাতলৈ ধন আহিব।  ঘৰলৈ আলহী আহিব।

    মিথুন – এটা নতুন কাম আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। আজি ভ্ৰমণৰ যোগ আছে। ঘৰলৈ আত্মীয় লোক আহিব। 

    কৰ্কট – ঘৰুৱা বিভেদৰ সম্ভাৱনা। শিশুৰ প্ৰাপ্তিত সুনাম বৃদ্ধি। প্ৰিয়জনৰ পৰা উপহাৰ উপলব্ধ হ’ব পাৰে। 

    সিংহ – শত্ৰুৱে ক্ষতি কৰিব পাৰে। ব্যৱসায়ত লাভ। পৰোপকাৰ কৰোঁতে ব্যয় বৃদ্ধি। ৰোগ কমিব।

    কন্যা – কৰ্মক্ষেত্ৰত দায়িত্ব বৃদ্ধি। সৃষ্টিশীল লোকৰ বাবে ভাল। মানসিক অস্থিৰতা বৃদ্ধি হ’ব। প্ৰেমত অশান্তি।

    তুলা – অত্যধিক খঙৰ ফলত বিপদ হ’ব পাৰে। প্ৰেমৰ বাবে অস্থিৰতা আহিব। কৰ্মস্থানৰ পৰিৱেশত উন্নতি দেখা যাব।  

    বৃশ্চিক -দুঃস্বপ্ন বা বেয়া সপোন হৈছে অৱচেতন মনৰ ভয়, সেইবোৰৰ বিষয়ে বিচলিত হোৱাৰ কোনো প্ৰয়োজন নাই। অতিমাত্ৰা খৰছ হ’ব।

    ধনু – আপোনাৰ আপোন কোনোবাই আপোনাক আঘাত কৰিব। চুবুৰীয়াৰ সৈতে সদ ভাৱ ৰাখক। পঢ়াত মন দিয়ক। মন বেয়া হ'ব পাৰে।

    মকৰ – সম্পৰ্কক অধিক নিৰ্ভৰযোগ্য কৰি তুলি আজি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব পাৰে। জ্বৰ–চৰ্দিৰ সমস্যাত ভুগিব পাৰে। প্ৰেম হ'ব পাৰে।

    কুম্ভ – আজি নিজকে আত্মবিশ্বাসী অনুভৱ হ’ব পাৰে। কৰ্মক্ষেত্ৰত অত্যন্ত চাপ থাকিব  শাৰীৰিক অৱস্থা ভাল হ’ব। প্ৰেমত সুখ। 

    মীন – কোনো ভাল ঘটনা ঘটিব পাৰে। ভ্ৰমণ ব্যৱসায়ৰ সৈতে জড়িতসকলৰ বাবে আজিৰ দিনটো শুভ। প্ৰেমত শুভ। আলহী আহিব।