• আজি দেওবাৰ! দিনটো কেনে যাব জানিবলৈ ৰাশিফল চাওঁ আহক

    জীৱন শৈলী
    আজি দেওবাৰ! দিনটো কেনে যাব জানিবলৈ ৰাশিফল চাওঁ আহক

    ১৫ ছেপ্টেম্বৰ ২০২৪, দেওবাৰ

    মেষ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে মিশ্ৰ ফলদায়ক ৷ কৰ্মক্ষেত্ৰত ভাল ফল দেখুৱাব পাৰিব ৷ কষ্টৰ ফল লাভ কৰিব ৷ আপোনাৰ সহযোগীসকলৰ সম্পূৰ্ণ সহযোগিতা লাভ কৰিব ৷ আপোনাৰ ধন সম্পত্তি বৃদ্ধি হ’ব মাত্ৰ সেয়া স্থিৰ কৰি ৰখাৰ দায়িত্ব আপোনাৰ নিজৰ ৷ পাৰিবাৰিক ক্ষেত্ৰটো দিনটো আনন্দৰে পাৰ হ’ব ৷
     

    বৃষ ৰাশি: আজি আপোনাৰ ভাগ্যত বন্ধু, ফূৰ্তি আৰু আনন্দ আছে৷ আজি আপুনি সম্পূৰ্ণৰূপে সতেজ অনুভৱ কৰিব আৰু চাৰিওফালে সুপৰিৱেশে বিৰাজ কৰিব৷ দিনটো বন্ধু আৰু পৰিয়ালৰ লগত ভ্ৰমণত ওলাই যাওক৷ পত্নীৰ সংগ সুখ লাভ কৰিব আৰু তেওঁৰ ফালৰ পৰা শুভবাৰ্তা পাব পাৰে৷ সকলো ফালৰ পৰা এটি সুন্দৰ দিন৷

    মিথুন ৰাশি:  আজিৰ দিনতো আপোনাৰ বাবে বৰ ভাল নহয়, সেইবাবে আপুনি শান্ত থাকক আৰু দিনটো যেনে তেনে পাৰ হৈ যাবলৈ দিয়ক৷ সাৱধানে থাকক, অন্যথা আপোনাক কোনোবাই মানসিকভাৱে আঘাত কৰিব পাৰে৷ মাতৃৰ শৰীৰ আৰু আন কিছুমান কাৰণত আপোনাৰ মন অস্থিৰ হৈ থাকিব৷ পানীৰ পৰা আঁতৰত থাকক৷ সম্পত্তিৰ ক্ষেত্ৰত একো সিদ্ধান্ত গ্ৰহণ নকৰিব বিশেষ লাভ নহ’বও পাৰে।

    কৰ্কট ৰাশি: চিন্তা আঁতৰাই ৰাখক, আৰু সতেজ অনুভৱ কৰক৷ আপোনাৰ বাবে আজিৰ দিনটো সাহিত্য আৰু কলাৰ চৰ্চাৰ বাবে উত্তম দিন৷ মাতৃৰ লগত কৰা আলোচনাই আপোনাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিব৷ পৰিয়ালৰ লগত সুন্দৰ আৰু সতেজতাপূৰ্ণ ভ্ৰমণত যাব পাৰে ৷ এইটোৱেই উত্তম সময় আপোনাৰ বাবে পৰিয়ালৰ কথা চিন্তা কৰিবলৈ আৰু পৰিয়ালক ধনৰ ফালৰ পৰা সহায় কৰিবলৈ৷

    সিংহ ৰাশি: আজি আপুনি শাৰিৰীকভাৱে দুৰ্বল অনুভৱ কৰিব৷ সাময়িকভাৱে আপোনাৰ ব্যৱসায়ত কিছু লোকচান ভৰিব পাৰে যি আপোনাক অসহ্যকৰ কৰি তুলিব৷ গতিকে অলপ সাৱধানে থাকক, কাৰণ আপোনাৰ বন্ধু আৰু জ্যেষ্ঠসকলৰ লগত কাজিয়াৰ সূত্ৰপাত ঘটিব পাৰে৷ আপোনাৰ সন্তানৰ স্বাস্থ্যৰ প্ৰতি চকু ৰাখক আৰু তেওঁলোকক লগত সময় কটাওক৷ 

    কন্যা ৰাশি: আপোনাৰ কৰ্মদক্ষতাই আপোনাক প্ৰতিষ্ঠা লাভত সহায় কৰিব আৰু আপুনি আপোনাৰ ভিতৰত লুকাই থকা সুপ্ত প্ৰতিভাৰ পৰিচয় লাভ কৰিব৷ আগবাঢ়ক আৰু কলাসুলভ কাম যেনে লিখা-মেলা কামত মন দিয়ক, সফল হ’ব৷ প্ৰিয়জনক প্ৰেম নিবেদন কৰাৰ বাবে উত্তম সময়৷ ছাত্ৰ-ছাত্ৰীসকলে ধীৰে ধীৰে তেওঁলোকৰ সফলতাৰ দিশত আগবাঢ়িব পাৰিব৷ খঙৰ ওপৰত কাবু ৰাখক অন্যথা আপোনাৰ সকলো সফলতাত বাধাৰ সৃষ্টি হ’ব৷

    তুলা ৰাশি: সামাজিকভাৱে আপুনি সন্মান আৰু নাম লাভ কৰিব৷ ধন বৃদ্ধি হ’ব৷ ব্যৱসায়ীসকলৰ বাবে ভাল সময়৷ ব্যৱসায়ত প্ৰচুৰ লাভৰ যোগ আছে৷ আপোনাৰ সংগীৰ লগত ভাল সময় কটাব পাৰিব আৰু দুয়ো অতি শীঘ্ৰে বিবাহপাশত আৱদ্ধ হ’ব পাৰে৷ ঘৰ আৰু কৰ্মক্ষেত্ৰত পৰিবেশ আপোনাৰ বাবে অনুকুল হ’ব৷ আপোনাৰ কৰ্মদক্ষতাত আপোনাৰ জ্যেষ্ঠসকল সুখী হ’ব, আৰু আপোনাৰ পদোন্নতি হ’ব পাৰে৷ 

    বৃশ্চিক ৰাশি: এটা মধ্যমীয়া দিন, আপোনাৰ দুখে মনতো পৰিচালিত কৰা বাবে আপোনাৰ কামত বেয়া প্ৰভাৱ পৰিব পাৰে ৷ আপোনাৰ কাৰ্যক্ষমতা হ্ৰাস পাব পাৰে সেয়ে নতুন কাম আৰম্ভ কৰাৰ পৰা আঁতৰি থাকক৷ আপোনাৰ বেয়া মন আৰু তিতা মাত কথাই আপোনালৈ বিপদ মাতি আনিব৷ বে-আইনী কামৰ পৰা নিজকে আঁতৰাই ৰাখক যিয়ে আপোনাৰ সন্মান হানি কৰিব পাৰে৷ বাহিৰত খাদ্য গ্ৰহণ কৰাৰ পৰা বিৰত থাকক কাৰণ এই অভ্যাসে আপোনাৰ শৰীৰ আৰু টকাৰ হানি কৰিব পাৰে৷

    ধনু ৰাশি: আজি আপোনাৰ দিনটো মধ্যমীয়া৷ চিন্তাই আপোনাক বেৰি ধৰিব৷ যিয়ে আপোনাৰ মানসিক আৰু শাৰীৰিক ক্ষেত্ৰত প্ৰভাৱিত কৰিব৷ আপোনাৰ তলত কাম কৰা কাকো কটু কথা নুশুনাব৷ ভুল বুজাবুজি দূৰ কৰক৷ আদালতত চলি থকা কামত পলম হ’ব৷ বিদেশৰ পৰা অহা ভাল খবৰে আপোনাৰ দিন ভাললৈ আনিব৷ চৰকাৰী আৰু আইনী কামত সফলতা লাভ কৰিব৷ আপোনাৰ চাৰিওদিশে চকু দিয়ক, আপোনাৰ পৰিয়ালৰ কোনো লোক আপোনাৰ বাবে লাভজনক হ’ব পাৰে৷ বিশেষকৈ আপোনাৰ মাতৃ আপোনাৰ বাবে শুভ ফলদায়ক প্ৰমাণিত হ’ব৷

    মকৰ ৰাশি: এটা সৌভাগ্যশালী দিন।  আপোনাৰ উপাৰ্জন বৃদ্ধি হ’ব আৰু আপুনি কৰা সকলো কাম সফলতাৰ দিশে আগবাঢ়িব৷ আপুনি সকলোৰে বিশ্বাসযোগ্য হৈ পৰিব৷ ব্যৱসায়ৰ ক্ষেত্ৰত সফলতা লাভ কৰিব৷ একে সময়তে ব্যৱসায় আৰু সামাজিক জীৱনত মৰ্যাদাৰ পাত্ৰ হ’ব৷ কলাৰ সৈতে জড়িত সকলৰ ভালদৰে সময় পাৰ হ’ব আৰু আপুনি ভালপোৱা কামৰ লগত জড়িত হৈ আনন্দিত হ’ব৷ শৰীৰ ভালদৰে থাকিব৷

    কুম্ভ ৰাশি: আপুনি কামত সফলতা আৰু নিজক প্ৰতিষ্ঠা কৰাত সফল হ’ব৷ আপুনি মানসিকভাৱে নিজে নিজকে সলনি হোৱা যেন অনুভৱ কৰিব৷ আপোনাৰ সহকৰ্মীসকলৰ সহযোগিতা লাভ কৰিব আৰু এই কথাই আপোনাৰ কামত ভাল ফল লাভত সহায়ক হ’ব৷ পৰিয়ালৰ লগত সময় কটাই দিনটো আনন্দেৰে পাৰ হ’ব।

    মীন ৰাশি: এইকেইদিন আপোনাৰ অলপ খৰচৰ মাত্ৰা বৃদ্ধি হ’ব৷ আজি কোনো গুৰূত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ পৰা আঁতৰি থাকক৷ আপুনি কোনো ৰাজনৈতিক সংকটত পৰিব পাৰে৷ সেয়া যিকি নহওক শান্ত হৈ থাকক বিপদবোৰ লাহে লাহে নিজে নিজে আঁতৰি যাব৷এই দিনকেইটা কন্যা সকলৰ বাবে পৰিয়াল আৰু বন্ধুৰ লগত কটোৱাৰ বাবে উপযুক্ত সময়৷