১৮ জানুৱাৰী ২০২৫, শণিবাৰ
মেষ ৰাশি : সকলো শুভ শক্তিয়ে আপোনাৰ দিনটো শুভ কৰি তুলিব। কামত পৰিপূৰ্ণতা লাভ কৰিব। খং আৰু আৱেগত নিয়ন্ত্ৰণ ৰাখক। নতুন কাম হাতত লওক। ভ্ৰমণলৈ যাব পাৰে৷
বৃষ ৰাশি : আপোনাৰ সাংসাৰিক জীৱন শুভ হব৷ পৰিয়াল আৰু প্ৰিয়জনৰ সৈতে ফুৰিবলৈ যাব পাৰে৷ নতুন কামৰ আয়োজন কৰিব পাৰে। সকলোৰে আশীৰ্বাদ লাভ কৰিব৷
মিথুন ৰাশি : শান্তিৰে থাকিব । সহকৰ্মীসকলৰ সৈতে কোনো প্ৰকল্পত যদি কাম কৰি আছে, তেতিয়া হ’লে সাৱধানে থাকক। সন্তানক লৈ চিন্তাত থাকিব পাৰে। অনাৱশ্যক খৰচ হোৱাৰ সম্ভাৱনা আছে । বিতৰ্ক নকৰিব । পেটৰ গণ্ডগোল হ’ব পাৰে। ভাল দিনৰ বাবে অপেক্ষা কৰক।কথা কওঁতে সাৱধান হওক ৷
কৰ্কট ৰাশি : কোনো কথা চিন্তা নকৰাকৈ নতুন কাম হাতত নল’ব । বন্ধু আৰু আত্ময়ীৰ সৈতে সাক্ষাৎ হ’ব পাৰে । সকলো কামতে সফলতা লাভ কৰিব ৷ আৰ্থিক লাভৰ যোগ আছে । সামাজিকভাৱে সন্মান অৰ্জন কৰিব।
সিংহ ৰাশি : শাৰীৰিকভাৱে অসুস্থ আৰু উদ্বিগ্ন হৈ থাকিব । আত্মীয়-স্বজনৰ সৈতে কিছু অপ্ৰত্যাশিত অপ্ৰীতিকৰ ঘটনা হ’ব পাৰে । মাতৃৰ মন বেয়া হ’ব পৰা ঘটনা ঘটিব পাৰে । স্বাস্থ্যক লৈ চিন্তাত থাকিব । চৰকাৰী আৰু সম্পত্তি সম্বন্ধীয় নথিপত্ৰ চহী কৰাৰ সময়ত সতৰ্ক থাকিব ।
কন্যা ৰাশি : আপোনাৰ মন দুৰ্বল হৈ থাকিব ৷ কোনো সিদ্ধান্ত ল’ব কঠিন হ’ব পাৰে । কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু নতুন কোনো কাম হাতত নল’ব । পৰিয়ালৰ লোকৰ সৈতে সংঘাত হ’ব পাৰে। কথা কওঁতে মুখ চম্ভালক ৷ আঁকোৰগোজ হৈ থকাতকৈ নমনীয় হৈ থাকক।
তুলা ৰাশি : দিনটো অশান্তিৰে পাৰ হ'ব পাৰে । আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে কষ্টত ভুগিব পাৰে । উদ্বিগ্ন হৈ থাকিব আৰু পেটৰ সমস্যা হ’ব পাৰে । অকস্মাৎ ব্যয়ৰ সম্ভাৱনা আছে । কাজিয়া, ভ্ৰমণ আৰু নতুন কাম হাতত লোৱাৰপৰা বিৰত থাকক ।
বৃশ্চিক ৰাশি : দিনটো জটিল হ’ব পাৰে । পৰিয়ালৰ লোকৰ সৈতে কাজিয়া বিবাদৰ সম্ভাৱনা আছে। ভাবি চিন্তি কথা ক’ব। খং নকৰিব। দুৰ্ঘটনাৰ পৰা সাৱধানে থাকক। শাৰীৰিক অসুস্থতা হ’ব পাৰে । ব্যয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।
ধনু ৰাশি :দিনটো শুভ । শাৰীৰিক আৰু মানসিকভাৱে উত্তম অৱস্থাত থাকিব । পৰিয়ালৰ লোকৰ সৈতে ভাল সময় কটাব । প্ৰিয়জনৰপৰা উপহাৰ পাব পাৰে । আপুনি সুসংবাদ পাব পাৰে। ভ্ৰমণৰ যোগ আছে ।
মকৰ ৰাশি : দিনটো ফলদায়ক। সহজতে নিজৰ সকলো কামত সফল হ’ব, সেয়েহে আপুনি আনন্দত থাকিব । কৰ্মক্ষেত্ৰত পদোন্নতি হ’ব পাৰে । বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ পাব ৷ আৰ্থিক লাভৰ যোগ আছে। সাংসাৰিক জীৱন উত্তম ।ব্যয় বৃদ্ধিৰ সম্ভাৱনা আছে ৷ গোটেই দিন আপুনি শাৰীৰিকভাৱে সুস্থ হৈ থাকিব । আপোনাৰ খং উঠি থাকিব ।
কুম্ভ ৰাশি : বন্ধু আৰু প্ৰিয়জনক লগ পাই আনন্দ ফুৰ্তিৰে দিনটো পাৰ কৰিব । সামাজিকভাৱে, কৰ্মক্ষেত্ৰত আৰু অন্যান্য ক্ষেত্ৰত লাভদায় হৈ উঠিব । বিবাহ প্ৰাৰ্থীসকলে আজি সহজতে নিজৰ বাবে আদৰ্শ জীৱনসংগী বা জীৱনসংগিনী লাভ কৰিব । ভ্ৰমণৰ যোগ আছে । পৰিয়ালত কোনো শুভ অনুষ্ঠান হোৱাৰ সম্ভাৱনা আছে ৷
মীন ৰাশি : দিনটো আপোনাৰ বাবে শুভ। ঘৰুৱা পৰিৱেশ উৎসাহজনক আৰু শান্তিপূৰ্ণ হৈ থাকিব । অসমাপ্ত কাম সমাপ্ত কৰিব পাৰিব, যাৰ ফলত আপোনাৰ সুনাম আৰু সৌভাগ্য বৃদ্ধি হ’ব । আৰ্থিক লাভৰো যোগ আছে।
Leave A Comment