কেনে যাব আজি ১৯ জুলাই, মঙলবাৰৰ দিনটো
মেষ ৰাশি – আজিৰ দিনটো খুব আশাপ্রদ দেখা নাযায়। কর্মক্ষেত্ৰত আশা কৰা মতে ফল পাব। প্রাপ্যদি থাকিলে চেষ্টা কৰাটো উচিত হ’ব। নতুন কামৰ চেষ্টাত দূৰ যাত্রা।
বৃষ ৰাশি – ঘৰুৱা পৰিৱেশ বৰ এটা প্রতিকূল নহ’ব। শাৰীৰিক সমস্যা থাকিব। পঢ়া-শুনাত থকা সকলে বিশেষ যত্ন কৰক। ব্যৱসায়ত বাধা নাই। প্ৰেমত বেয়া দেখা নাযায়।
মিথুন ৰাশি – নিজ কামত কৃতকার্যতাৰ কাৰক। নিজৰ প্রতি নিষ্ঠা বাঢ়িব। দাম্পত্যন্ত নিৰাশ হোৱাৰৰ যোগ। বিদ্যাত মনোযোগ দিব। ব্যৱসায়ত অর্থ বিনিয়োগ কৰোতে সাৱধান।
কৰ্কট ৰাশি – কর্মক্ষেত্রত যোগ্যতা বজাই ৰখাৰ চেষ্টা কৰক। কাৰোবাৰ বাবে মনত দুখ পাব পাৰে। ভাই-ভনীৰ বিয়াৰ কথাত সুখী হ’ব। ভ্রমণ পাৰিলে স্থগিত ৰাখক।
সিংহ ৰাশি – আয় বৃদ্ধি লগতে সঞ্চয়ৰ ক্ষেত্ৰতো উন্নতি হোৱা দেখা যায়। কোনো লোকৰ কর্মজীৱনৰ আৰম্ভ আৰু কোনো লোকৰ পাৰিবাৰিক স্বচ্ছলতা আৰু সামাজিক কামত খ্যাতি লাভ।
কন্যা ৰাশি- আর্থিক অনুকূল নহয় যদিও ভয়ৰো কাৰণ নাই। নতুন সম্পত্তি ক্রয় কৰিব পাৰে, ভৱিষ্যতে বহু কামত দিব। বিদ্যাত বাধা নাই। কৰ্মক্ষেত্ৰত শুভ ফল পাব।
তুলা ৰাশি – আর্থিকত আয়তকৈ ব্যয় বেছি হ’ব। আকস্মিকভাৱে ধন প্রাপ্তিৰ চেষ্টাত কোনোৱে সফল হ’ব। ব্যৱসায়ীসকলৰ মন অস্থিৰ থাকিব দিনটো।
বৃশ্চিক ৰাশি – শৰীৰ খুব ভাল বুলিব নোৱাৰি। তথাপি মজলীয়াভাৱে দিনটো পাৰ হ’ব। যাত্ৰাৰ সম্ভাৱনা। সৰু-সুৰা আঘাতৰ বাবে সতর্ক হওক। প্রেমত উৎসাহ।
ধনু ৰাশি – ব্যৱসায়ীসকল সতর্ক থাকক। কর্মক্ষেত্ৰত বাধাৰ মাজেদি সফলতা পাব। শৰীৰৰ প্ৰতি নজৰ দিব, কিছু সমস্যা দেখা যায়। ঘৰুৱা মতান্তৰ। যোগ্যজন পুৰস্কৃত হোৱাৰ যোগ।
মকৰ ৰাশি- সাহসিকতাৰে কৰ্মত আগুৱাই যোৱাৰ চেষ্টা কৰক। কর্মক্ষেত্ৰত যোগ্যতা ৰখাৰ চেষ্টা কৰক। খেলিমেলিৰে দিনটো পাৰ হ’ব পাৰে। বিদ্যাত শুভ। উদ্বেগ আদিৰ কিছু সমাধানৰ আশা।
কুম্ভ ৰাশি – আর্থিক কষ্ট দেখা যায়। প্রাপ্য ধনাদিৰ বাবে চেষ্টা থকাটো উচিত আজি নহলেও দুদিনমানলৈ অপেক্ষা কৰক। শৰীৰ ভালে ৰাখক। ভ্রমণত আহুকাল।
মীন ৰাশি – বিদ্যাত মধ্যম। দিনটোত আপোনাৰ মনৰ অৱস্থা ভাল নাথাকিবও পাৰে। পত্নীৰ মতামতক প্রাধান্য দিলে লাভৱান হ’ব। স্বাস্থ্যই কিছু চিন্তাত ৰাখিব পাৰে।
Leave A Comment