২০/০৯/২০২৪
মেষ : দক্ষতা সাহস আৰু বুদ্ধিমত্তাৰ পৰিচয় দিয়ক | মূল্যবান সম্পদ লাভ কৰিব। জৰুৰী কামত আনক ভৰসা নকৰিব |প্ৰেমত সাৱধান হ’ব | শুভ সংখ্যা ৭ , শুভ ৰং কমলা |
বৃষ : খং উঠিব পাৰে। প্ৰতিভা বিকাশৰ যোগ। সাহিত্যিক সকলৰ বাবে শুভ। শুভ ৰং আকাশী নীলা। শুভ সংখ্যা ১।
মিথুন : ভাগ্য ভাল। কৰ্মজীৱনত প্ৰসংশা লাভৰ যোগ। স্বাস্থ্যৰ প্ৰতি নজৰ দিব। শুভ সংখ্যা ৩।
কৰ্কট : যাত্ৰা কৰাটো লাভদায়ক কিন্তু খৰচী বুলি প্ৰমাণিত হব। আপোনাৰ আৰু জীৱন সংগীৰ মাজত বিশ্বাসৰ এক দূৰ্বলতা আহিব পাৰে ,যাৰ ফলত বৈবাহিক জীৱনত কিছু অশান্তিৰ সৃষ্টি হব পাৰে। শুভ সংখ্যা ৩।
সিংহ : আপোনাৰ উদাৰ স্বভাৱ আজি আপোনাৰ বাবে ভালেকেইটা সুখৰ মূহুৰ্ত অথবা পল লৈ আহিব। প্ৰেমত শুভ। শুভ সংখ্যা ২।
কন্যা : আপোনাৰ হাঁহিমুখীয়া স্বভাৱে অন্যক সুখী কৰিব। আপোনাৰ বহুত উৎসৰ পৰা লাভ হ’ব পাৰে। শুভ সংখ্যা ৫।
তুলা : আপুনি আপোনাৰ চেষ্টা সমূহত সফলতা লাভ কৰিব। আৰ্থিক ভাৱে আজি আপুনি সবল থাকিব। ঘৰুৱা কন্দল হ’ব পাৰে। শুভ সংখ্যা ১।
বৃশ্চিক : অফিচ আৰু ঘৰৰ কামৰ চাপে আপোনক খঙাল কৰি তুলিব। বন্ধু-বান্ধৱৰ পৰা সাৱধান। শুভ সংখ্যা ৮।
ধনু : দিনটো মধ্যমীয়া। প্ৰেমত শুভ। যান-বাহনৰ পৰা সাবধান। শুভ সংখ্যা ৪।
মকৰ : আজিৰ দিনটো শৰীৰৰ বাবে শুভ কাৰক। আর্থিক,বাণিজ্য আৰু কৰ্মত অলপ উন্নত হ’ব। শুভ সংখ্যা ৬।
কুম্ভ : স্বাস্থ্য ভালে থাকিব। উপদেশ অবিহনে আজি কতো ধন বিনিয়োগ নকৰিব। শুভ সংখ্যা ৯।
মীন : আপোনাৰ সকলোতকৈ ডাঙৰ সপোন দিঠকত পৰিণত হবলৈ গৈ আছে। আয় বৃদ্ধি পাব- কিন্তু দৈনন্দিন জীৱনত হোৱা অতিৰিক্ত খৰচৰ বৃদ্ধিয়ে আপোনাৰ সময় অধিক জটিল কৰি তুলিব। শুভ সংখ্যা ৩।
Leave A Comment