২৩ জুন, ২০২২, বৃহস্পতিবাৰ
মেষ : শুভ দিন৷ সফলতা লাভ কৰিব৷ কৰ্ম-ব্যৱসায়ত লক্ষ্যত সফল হʼব৷ বিচাৰধাৰা উন্নত হ’ব, বিঘিনিবোৰ আঁতৰ হʼব৷ কঠোৰ পৰিশ্ৰম কৰিলে ফল লাভ কৰিব৷
বৃষ ৰাশি: ভাল বন্ধু লাভ কৰিব৷ সকলো অশান্তিৰ কাৰণ দূৰ হʼব৷ সমনীয়াৰ লগত দিনটো আনন্দৰে পাৰ কৰিব৷
মিথুন ৰাশি: কৰ্মস্থলীত জ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ ল’ব। ব্যয় বৃদ্ধি৷ শান্ত হৈ থাকিব৷ লাভ বৃদ্ধি৷ প্ৰেমত শুভ।
কৰ্কট ৰাশি: সহনশীল হৈ থাকিব৷ গ্ৰহ ভাল নহয়৷ কঠোৰ পৰিশ্ৰম কৰিলে ভাল পৰিণাম পাব৷ প্ৰেমত শুভ৷ কৰ্ম-ব্যৱসায়ত লক্ষ্যত সফল হʼব৷
সিংহ ৰাশি: খং-ৰাগে কৰ্ম জীৱনত প্ৰভাৱ পেলাব পাৰে৷ নিন্দা আৰু নিৰুৎসাহিত, পৰচৰ্চা কৰাৰপৰা আঁতৰি থাকিব৷ পৰৰ বিচাৰ নকৰিব৷ প্ৰেমত শুভ৷
কন্যা ৰাশি: কৰ্ম জীৱনত ভাল বন্ধু লাভ কৰিব৷ প্ৰশংসা লাভ৷ সফল হʼব৷ সন্ধিয়া সকলো অশান্তি দূৰ হ’ব৷ মানসিক আৰু শাৰীৰিক চিন্তা ভাল হʼব৷
তুলা ৰাশি: দিনটো প্ৰায় ভাল৷ সফল হʼব৷ জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লʼব৷ ব্যক্তিগত জীৱন সুখৰ হ’ব।
বৃশ্চিক ৰাশি: কঠোৰ পৰিশ্ৰমৰ ভাল ফল পাব৷ দিনটো আনন্দময় হ’ব৷ প্ৰশংসা লাভ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব৷
ধনু ৰাশি: কঠোৰ পৰিশ্ৰম কৰিলে আনন্দ লাভ কৰিব৷ চিন্তাধাৰাবোৰ ভাল হʼব৷ প্ৰশংসা লাভ৷ দিনটো প্ৰায় ভাল হʼব৷ ব্যস্ত কাৰ্যসূচিৰ মাজেৰে সময় উলিয়াই প্ৰেমত মনোযোগ দিব৷ খৰচ বৃদ্ধি৷ শুভ সংখ্যা ৭।
মকৰ ৰাশি: নিজৰ ওপৰত ভৰসা ৰাখিলে লক্ষ্যত সফল হ’ব৷ সহজতে নিৰুৎসাহিত হৈ নপৰিব। গৌৰৱ অর্জন কৰিব৷
কুম্ভ ৰাশি: দিনটো খেলিমেলি হʼব পাৰে৷ এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে৷ কৰ্ম জীৱনত অশান্তি হʼব পাৰে৷ আন বিষয়ত সফল হʼব৷ প্ৰতিযোগিতাৰ পৰা আঁতৰত থাকিব৷
মীন ৰাশি: আৱেগিক চিন্তাধাৰাবোৰৰ সৈতে যুঁজিব৷ পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে৷ খং-ৰাগে জীৱনত প্ৰভাৱ পেলাব পাৰে৷ শান্ত হৈ থাকিব৷ জ্যেষ্ঠৰ পৰা পৰামৰ্শ লʼব৷
Leave A Comment