২৬ অক্টোবৰ ২০২৪, শনিবাৰ
মেষ ৰাশি: আধ্যাত্মিকতাত নিমগ্ন থাকিব৷ স্বাস্থ্যৰ প্ৰতি অধিক যত্ন ল’বলগীয়া হ’ব পাৰে৷ পৰিয়ালৰ লোকৰ সৈতে কথা পতাৰ সময়ত ধৈৰ্য ধৰি থাকক৷
বৃষ ৰাশি: দিনটো বেয়া৷ মন-মগজু বৰ বেয়া হৈ থাকিব৷ উদ্বেগ আৰু সন্দেহেৰে দিনটো পাৰ হ’ব৷ পৰিয়ালৰ লোকৰ সৈতে কাজিয়াত লিপ্ত হ’ব পাৰে৷
মিথুন ৰাশি: দিনটো লাঞ্ছনা আৰু বিড়ম্বনাৰ সন্মুখীন হ’ব ৷ নতুনকৈ কিবা আৰম্ভ কৰিবলৈ বিচাৰিলে নকৰিব৷ খৰচ বৃদ্ধি৷ স্বাস্থ্য বৰ ভালে নাযাব৷ হতাশা অনুভৱ কৰিব৷ পঢ়ুৱৈসকলৰ কাৰণে দিনটো মধ্যমীয়া৷
কৰ্কট ৰাশি: দিনটো অতি উত্তম৷ সৃজনশীলতা আৰু শিল্পকলাৰ প্ৰতি প্ৰেম হ’ব৷ শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী অনুভৱ কৰিব৷
সিংহ ৰাশি: দিনটো অসাধাৰণ৷ স্বাস্থ্য ভালে থাকিব৷ বন্ধু আৰু প্ৰিয়জনসকলৰ সৈতে গঠনমূলক আলাপ-আলোচনা কৰিব৷ সৰুসুৰা ভ্ৰমণলৈ যাব পাৰে৷ অস্বাভাৱিক আৱেগিক হৈ উঠিব৷ শৰীৰ ভালে থাকিব৷
কন্যা ৰাশি: হাতলৈ ধন আহিব৷ বৌদ্ধিক আলোচনা কৰিব পাৰে৷ সাৱধান, ভাবি চিন্তি নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিব৷
তুলা ৰাশি: মন আৰু শৰীৰ দুয়োটা ভাল হৈ থাকিব৷ সকলো কাম সুচাৰু ৰূপে সম্পন্ন হ’ব৷ বিনিয়োগৰ পৰা ভাল লভ্যাংশ পাব৷ লাভবান হ’ব৷
বৃশ্চিক ৰাশি: পৰিয়ালৰ সৈতে দিনটো উপভোগ কৰিব৷ আৱেগিক হৈ থাকিব৷ শাৰীৰিক ভাৱে সবল হ’ব৷ আৰ্থিক দিশতো সন্তোষজনক হ’ব৷ উচ্চ প্ৰশংসিত হ’ব৷ কাজিয়া বিবাদ এৰাই চলক৷
ধনু ৰাশি: দিনটো লাভেই লাভ৷ সাংসাৰিক জীৱন সুখৰ হ’ব৷ বন্ধুসকলৰ সৈতে সৰু-সুৰা ভ্ৰমণত যাব পাৰে৷ আয় বৃদ্ধি৷ প্ৰেমত শুভ৷
মকৰ ৰাশি: দিনটো মিশ্ৰিত ফল লাভ কৰিব৷ শৰীৰ বৰ ভালে নাযাব৷ মানসিকভাৱে অত্যন্ত প্ৰফুল্লতা অনুভৱ কৰিব৷ ভ্ৰমণলৈ যাব পাৰে৷ সন্তানক লৈ দুশ্চিন্তাত থাকিব৷
কুম্ভ ৰাশি: ব্যৱসায়িক দিশৰ পৰা লাভবান হ’ব পাৰে৷ আয়ৰ বাবে দিনটো অনুকূল৷ জুই, পানীৰ পৰা আঁতৰত থাকক৷ ব্যৱসায়িক কামত সুনাম বৃদ্ধি হ’ব৷
মীন ৰাশি: দুৰ্ঘটনাৰ পৰা সাৱধান৷ ভাবি চিন্তি কথা ক’ব, কাৰণ কাজিয়া-বিবাদ লাগি যাব পাৰে৷ সমস্যাৰে দিনটো যাব৷ শৰীৰ আৰু মনৰ স্বাস্থ্য বেয়া হৈ থাকিব৷ ঘনিষ্ঠ আৰু প্ৰিয়জনৰ সৈতে ভুল বুজাবুজিৰ সম্ভাৱনা আছে৷
Leave A Comment