২৮/০২/২০২৪, বুধবাৰ
মেষ : কৰ্মক্ষেত্ৰত ইতিবাচক পৰিস্থিতি থাকিব। আপোনাৰ কামৰ দক্ষতা প্ৰদৰ্শন কৰাৰ এয়া উচিত সময়। সময়ৰ অপব্যয় নকৰিব।
বৃষ : অৰ্থ বিনিয়োগৰ কথা ভাবিছে যদি সেয়া বৰ্তমানে স্থগিত ৰাখক। ধন বিনিয়োগৰ বাবে এয়া উচিত সময় নহয়। আজিৰ দিনটোত যাত্ৰা এৰাই চলক।
মিথুন : মানসিকভাৱে নিজকে সকলো পৰিস্থিতিৰ বাবে প্ৰস্তুত ৰাখক। কৰ্মক্ষেত্ৰত আপোনাৰ সৰলতাৰ অপপ্ৰয়োগ হ’ব পাৰে সাৱধান হওক।
কৰ্কট : দীৰ্ঘদিনৰ পৰিশ্ৰমৰ আজি উচিত ফল লাভ কৰাৰ সম্ভাৱনা। কৰ্মক্ষেত্ৰত কামৰ প্ৰশংসা পাব। পৰিয়ালৰো সমৰ্থন লাভ কৰিব।
সিংহ : সকলো মনে ভবা ধৰণে নহ’বও পাৰে, বিচলিত নহব, এয়া সাময়িক। আপোনাৰ ব্যক্তিত্বই অন্য লোকক প্ৰভাৱিত কৰিব। ভাবি গুণি কামত আগবাঢ়ক।
কন্যা : নতুন নতুন যোগাযোগ হ’ব পাৰে, যিয়ে আপোনাক আজি নহলেও ভৱিষ্যতে সহায় কৰিব। স্বাস্থ্য সম্পৰ্কে সচেতন থাকক। শিক্ষাৰ ক্ষেত্ৰত ভাল।
তুলা : প্ৰেম তথা পাৰিবাৰিক দিশত আজি ভাল। বিবাহপ্ৰাৰ্থীৰ বিবাহৰ কথা বতৰা আগবাঢ়িব। ব্যৱসায়ত বা চাকৰিত কামৰ চাপ কম থাকিব।
বৃশ্চিক : আৰ্থিক দিশত আজি এইসকল ৰাশিৰ লোকৰ ভাল। মনৰ কথা শুনি চলাৰ চেষ্টা কৰক। ক্ৰোধ সম্বৰণৰ বাবে চেষ্টা কৰিব।
ধনু : আজি নৱেম্বৰৰ পহিলা দিনটোৰ ভ্ৰমণৰ যোগ আছে। যিয়ে লাভাম্বিত কৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত সজাগ হোৱাৰ প্ৰয়োজন, লাভ হ’ব।
মকৰ : কৰ্মক্ষেত্ৰত শুভ যোগ। অৰ্থনৈতিক সমৃদ্ধিৰ সম্ভাৱনা। অকাৰণত কাৰোৰে ওপৰত ক্ৰোধ নকৰিব। সকলো সমস্যাৰ সমাধান পাব।
কুম্ভ : শিক্ষাৰ দিশত আজি কিছু দুৰ্বল দেখা যায়। মন শান্ত কৰি ৰাখক। ভৰিত আঘাত পোৱাৰ সম্ভৱনা। নতুন কাপোৰ বা উপহাৰ লাভ কৰিব পাৰে।
মীন : বহুি অমীমাংসিত সমস্যাৰ সমাধান হ’ব। জীৱনলৈ শান্তি আহিব। পৰিৱৰ্তনৰ বাবে এয়াই শ্ৰেষ্ঠ সময়। প্ৰিয়জনৰ সৈতে ভাল সময় অতিবাহিত হ’ব।
Leave A Comment