৩০ ব'হাগ, শনিবাৰ ইং ১৪মে, ২০২২
১. মেষ ৰাশি :- মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ৷ শুভ কৰ্মলৈ নিমন্ত্ৰিত হ'ব পাৰে৷ সামান্য কৰ্মস্থান পৰিৱৰ্তনৰ যোগ দেখা যায়।
২. বৃষ ৰাশি :- বৃষ ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত মনৰ আশা পুৰণ হ'ব৷ ব্যৱসায়ত উন্নতি৷ লগতে সন্মান বৃদ্ধিৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি :- মিথুন ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত কৰ্মত সফল হ'ব৷ যদিও আজি আপোনাৰ মনত সামান্য অহংকাৰী ভাৱ আহিব পাৰে লগতে মাতৃৰ স্বাস্থ্যৰ প্ৰতি সজাগ হোৱা ভাল।
৪. কৰ্কট ৰাশি :- কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত শুভ৷ কৰ্মত জনপ্ৰিয়তা লাভ৷ প্ৰেমত সামান্য জতিলতাৰ সৃষ্টিৰ যোগ দেখা যায়।
৫. সিংহ ৰাশিৰ :- সিংহ ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিব৷ মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে লগতে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি :- কন্যা ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত প্ৰেমত শুভ৷ বন্ধু লাভ লগতে আজি সন্মান বৃদ্ধিৰ যোগ দেখা যায়।
৭. তুলা ৰাশি :- তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব৷ সুখ বৃদ্ধিৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি :- বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সমস্যাৰ সমাধান হ'ব৷ সজাগ নহলে সামান্য ব্যয় বাঢ়িব লগতে আজি কৰ্ম পৰিৱৰ্তনৰ যোগ দেখা যায়।
৯. ধনু ৰাশি :- ধনু ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব৷ ৰোগাৰোগ্য হ'ব৷ সজাগ নহলে কৰ্মক্ষেত্ৰ সামান্য প্ৰতাৰিত হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি :- মকৰ ৰাশি জাতক-জাতিকাৰ আজিৰ দিনটোত কৰ্মত আদৰ্শগত মনোভাৱ বাঢ়িব৷ সজাগ নহলে শৰীৰত সামান্য এলাহ ভাৱ বৃদ্ধি হ'ব৷ লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব।
১১. কুম্ভ ৰাশি :- কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সম্পত্তি বাঢ়িব৷ সমস্যাৰ সমাধান হ'ব৷ সজাগ নহলে কৰ্মত সামান্য গুৰুত্ব কমিব পাৰে।
১২. মীন ৰাশি :- মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত শুভ, সন্মান বাঢ়িব, কৰ্মত সফল হ'ব৷ প্ৰেমৰ ক্ষেত্ৰত সজাগ হোৱা ভাল হ'ব।
Leave A Comment