• আজি ৩ মাৰ্চ,দেওবাৰ…জানো আহক আজিৰ দিনটোৰ ৰাশিফল

    জীৱন শৈলী
    আজি ৩ মাৰ্চ,দেওবাৰ…জানো আহক আজিৰ দিনটোৰ ৰাশিফল
    ডিজিটেল ডেস্কঃ ১.মেষ ৰাশি(অ,ল) : -  মেষ ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত কৰ্মত সামান্য বাধা আহিব যদিও আজিৰ দিনটোত আপোনাৰ আমোদ - প্ৰমোদৰ মাজেৰে পাৰ হ'ব, লগতে আজি ছাত্ৰ- ছাত্ৰী সকলৰ মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

    ২. বৃষ ৰাশি(উ,ব) :- বৃষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ'ব, কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব লগতে আজিৰ দিনটোত আপোনাৰ আনন্দ মনে পাৰ হোৱাৰ যোগ দেখা যায়।

    ৩. মিথুন ৰাশি(ক,ছ):-  মিথুন ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ বুলি কব পাৰি, লগতে আজি আপোনাৰ আৰ্থিক দিশটো টনকিয়াল হোৱাৰ যোগ দেখা যায়।

    ৪.কৰ্কট ৰাশি(ড,হ) : - কৰ্কট ৰাশিৰ  জাতক - জাতিকা সকলৰ  সকলৰ আজিৰ দিনটোত মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে, লগতে আজি আপোনাৰ মনত সামান্য চিন্তা বৃদ্ধি হ'ব পাৰে, যদিও আজি ছাত্ৰ- ছাত্ৰী সকলৰ বিদ্যা আহৰণত শুভ হোৱাৰ যোগ দেখা যায়। 

    ৫.সিংহ ৰাশি (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত কৰ্মত সকলো দিশতে জয় লাভ কৰিব, পাৰিবাৰিক দিশটো শুভ বুলি কব পাৰি যদিও আজি আপুনি ঘৰুৱা কৰ্মত সজাগ হোৱাটো ভাল হ'ব।

    ৬.কন্যা ৰাশি(প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত উৎসৱ পাৰ্বনত জড়িত হ'বলৈ সুযোগ লাভ কৰিব, মনত সুখ- শান্তি বাঢ়িব, লগতে আজি আপোনাৰ মনত ভাবি থকা কৰ্মবোৰ সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।


    ৭. তুলা ৰাশি(ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত কৰ্ম কৌশল আয়ত্ব কৰিবলৈ সক্ষম হব, ভ্ৰমণৰ সুযোগ লাভ কৰিব যদিও আজি আপোনাৰ মনোমালিন্য হ'ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

    ৮. বৃশ্চিক ৰাশি (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত সন্মান বাঢ়িব, প্ৰেমত শুভ হ'ব , লগতে আজি ছাত্ৰ- ছাত্ৰী সকলে জ্ঞান আহৰণৰ কৰিবলৈ সুযোগ লাভ কৰিব।

    ৯.ধনু ৰাশি (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হ'ব, সমাজ কৰ্মী সকলে সামাজিক সন্মান লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য স্বাস্থ্যৰ হানি  হোৱাৰ যোগ দেখা যায়।

    ১০.মকৰ ৰাশি(খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত যিসকল ব্যক্তি ৰাজনীতিৰ লগত জড়িত হৈ আছে তেওঁলোকে ৰাজনৈতিক সা-সুবিধা লাভ কৰিব লগতে আজি শিক্ষক সকলৰ সুনাম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

    ১১.কুম্ভ ৰাশি(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে আপোনাৰ মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে আজি আপোনাৰ উপাৰ্জন সামান্য হ্ৰাস হোৱাৰ যোগ দেখা যায়।

    ১২.মীন ৰাশি ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, কৰ্মত জনপ্ৰিয়তা অৰ্জন কৰিব, যদিও আজি আপোনাৰ ক্ষতি কৰিব পৰা ব্যক্তিৰ পৰা সাৱধান হোৱাটো ভাল হ'ব।