• আজিৰ দিনটো কেনে যাব? ৰাশিফল চাওঁ আহক

    জীৱন শৈলী
    আজিৰ  দিনটো কেনে যাব? ৰাশিফল চাওঁ আহক
    ২২/০৯/২৪, দেওবাৰ

    মেষ: কর্মক্ষেত্রত লটিঘটি খোৱাৰ সম্ভাৱনা আছে। সতৰ্কতাৰে কৰ্মত অগ্ৰসৰ হোৱা ভাল। ব্যয় বৃদ্ধি।

    বৃষ: মনৰ উৎসাহ-উদ্দীপনাই কর্মক্ষেত্রত আগবঢ়াত সহায় কৰিব। মানসিক আনন্দ লাভৰ সম্ভাৱনা। ব্যৱসায়ত উন্নতি।

    মিথুন: আর্থিকক্ষেত্র অনুকূল প্রভাবাধীন। কাম-কাজত অগ্রগতি লাভৰ আশা কৰিব পাৰে। ব্যৱসায়ত আয়। পাৰিবাৰিক সমস্যা হ্রাস।

    কর্কট: মনত জন্মা ভীতি ভাবে কর্মক্ষেত্রত বিৰূপ প্ৰভাৱ পেলোৱাৰ শংকা দেখা যায়। সাহসেৰে কৰ্মত অৱতীৰ্ণ হোৱা ভাল। ব্যয় বৃদ্ধি।

    সিংহ: কর্মক্ষেত্র অনুকূল প্রভাৱাধীন হেতু কৰ্মত সাফল্য প্রাপ্তিৰ আশা কৰিব পাৰে। আর্থিক সমস্যা লাঘৱ। পাৰিবাৰিক অশান্তি নাই।

    কন্যা: কাম-কাজত তৎপৰতা বৃদ্ধি পাব। ব্যৱসায়ত জড়িতৰ পক্ষে আর্থিক উন্নতিৰ আশা কৰিব পাৰে। পাৰিবাৰিক সমস্যা লাঘব।

    তুলা: কাম-কাজৰ ক্ষেত্রত সতর্কতা অবিহনে ক্ষতিগ্রস্ত হোৱাৰ আশংকা নথকা নহয়। ব্যৱসায়ত চিন্তা। বিবাদ এৰাই চলা ভাল।

    বৃশ্চিক: প্রেম-প্রীতিৰ ক্ষেত্ৰ প্ৰতিকূল নহয়। আনৰ মৰম-চেনেহৰ প্রতি আকাংক্ষা জাগিব পাৰে। ব্যৱসায়ত মিশ্রিত ফল লাভৰ আশা।

    ধনু: কাম-কাজত লাগি থাকিলেও স্বাস্থ্যজনিত সমস্যাই মানসিক অশান্তিৰ উদ্রেক ঘটাব পাৰে। ব্যৱসায়ত দুশ্চিন্তা। মানসিক কষ্ট।

    মকৰ: দিনটো আপোনাৰ পক্ষে সমস্যাযুক্ত হৈ উঠিব পাৰে। কাম- কাজ, কথা-বতৰাত সতর্কতা অৱলম্বন কৰা ভাল। স্বাস্থ্যত শুভ ।

    কুম্ভ: নানা চিন্তাই মনত ভিৰ কৰিব পাৰে। কাম-কাজত জটিলতা বৃদ্ধিৰ শংকা। আর্থিক সমস্যা বাঢ়িব পাৰে। ঘৰুৱা সমস্যা থাকিব।

    মীন: কাম-কাজত সাৱধানতা অৱলম্বন কৰিব। কোনো উপকৃত ব্যক্তিৰ দ্বাৰা ক্ষতি আশংকা নথকা নহয়। চিন্তা বৃদ্ধি।