• পুৱা সাৰ পাই আপুনিও পুনৰ শুই যায় নেকি? এই পদ্ধতিসমূহ গ্ৰহণ কৰি চাওক; পলাব চকুৰ টোপনি

    জীৱন শৈলী
    পুৱা সাৰ পাই আপুনিও পুনৰ শুই যায় নেকি? এই পদ্ধতিসমূহ গ্ৰহণ কৰি চাওক; পলাব চকুৰ টোপনি
    ডিজিটেল ডেস্কঃ আমি সকলোৱে পুৱা সোনকালে উঠিব বিচাৰো কিন্তু বেছিভাগ মানুহে ইচ্ছা কৰিলেও সোনকালে উঠিব নোৱাৰে। পুৱা সোনকালে উঠিব পাৰিলে আমাৰ জীৱনটো বৰ সহজ হৈ পৰে। সময় ভালদৰে পৰিচালিত হলে আমি আমাৰ সকলো কাম সময়মতে কৰিবলৈ সক্ষম হৈ উঠো। 

    পুৱা সোনকালে উঠিলে আমাৰ ভাল জীৱনশৈলীৰ বাবে প্ৰয়োজনীয় সকলো কাম কৰিব পাৰো। যেনে- কিবা এটা ভাল পঢ়া, যোগাসন কৰা, ব্যায়াম কৰা আৰু ধ্যান কৰা আদি। আনহাতে যদি আমি দেৰিকৈ সাৰ পাওঁ তেন্তে এই সকলোবোৰ কাম কৰিবলৈ সময় নাপাওঁ। গতিকে আজি আমি আপোনাক জনাম কোনবোৰ উপায়েৰে আপুনি পুৱা সোনকালে উঠিব পাৰিব।

    ১)এলাৰ্ম ঘড়ীটো আঁতৰত ৰাখক- বেছিভাগ মানুহৰে আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল প্ৰতিদিনে পুৱা যেতিয়াই এলাৰ্ম বাজি উঠে তেতিয়াই এলাৰ্ম বন্ধ কৰি শুই যায়। ইয়াৰ পৰা হাত সাৰিবলৈ সদায় ঘড়ীটো বিচনাৰ পৰা আঁতৰত ৰাখিব লাগে। যদি আপুনি এনে কৰে তেন্তে আপুনি বিচনাৰ পৰা নামি এলাৰ্মটো বন্ধ কৰিব লাগিব, যিয়ে আপোনাৰ টোপনি ভাঙি দিব।

    ২)শোৱা কোঠাৰ পৰা ওলাই যাওক - এলাৰ্ম বন্ধ কৰাৰ লগে লগে লগে লগে কোঠাটোৰ পৰা ওলাই মুকলি ঠাইত থিয় হওক। এনে কৰিলে আপোনাৰ শৰীৰে শুদ্ধ বতাহ অনুভৱ কৰিব আৰু চকুৰ পৰা টোপনি নোহোৱা হৈ যাব।

    ৩)মোবাইলৰ পৰা দূৰত্ব বনাওক- ৰাতি শোৱাৰ এঘণ্টা আগতে ফোন, লেপটপ বা টিভি একেবাৰে নাচাব। টোপনিৰ চক্ৰ বহুদিনলৈ ফোন বা লেপটপৰ দ্বাৰা বিঘ্নিত হৈ পৰে।