ডিজিটেল ডেস্কঃ আমাৰ দেহৰ বাবে মৌ অতি উপকাৰী। মৌ হৈছে মানৱ জাতিৰ বাবে প্ৰকৃতিৰ এক অনুপম উপহাৰ। ৰং বিৰঙী বিবিধ ফুলৰ পৰা ৰেণু কঢ়িয়াই আনি মৌ মাখিয়ে মৌ তৈয়াৰ কৰে। সঘনাই চৰ্দি কাহত ভুগি থকা সকলে মৌ তুলসী সেৱন কৰিলে সুফল পায়। পৰম্পৰাগত চিকিৎসা পদ্ধতিত বহুতো ৰোগৰ চিকিৎসাত মৌৰ ব্যৱহাৰ হয়। শিশুসকলৰ কফজনীত সমস্যাত আদা, তুলসীৰ ৰসৰ লগত মৌ মিহলাই খাবলৈ দিয়া হয়।
বৰ্তমান সময়ত স্বাস্থ্যসচেতন বহু লোকে চেনিৰ সলনি মৌ ব্যৱহাৰ কৰে। বিশেষকৈ ডায়েট প্লেনত থকা বহু লোকেই পুৱাই পুৱাই নেমুৰ ৰস আৰু মৌ মিহলি কুহুমীয়া পানীৰ সেৱন কৰে। সৌন্দৰ্য চৰ্চাতো মৌৰ ব্যৱহাৰ হয়।
আজিকালি সকলো বস্তুৱে ভেজাল হ'ল। এইক্ষেত্ৰত মৌও ভেজাল হ'ল। মৌ খাটি নে ভেজাল আপুনি ঘৰতে পৰীক্ষা কৰিব পাৰিব।
জানো আহক কিদৰে মৌ পৰীক্ষা কৰিব
১)ব্লটিং বা টিছু পেপাৰে মৌ শুহিলে সেই মৌ খাটি নহয়। ইয়াৰ বাবে টিছু পেপাৰত আপুনি মৌ দি চাব পাৰে।
২)মৌত চেনীৰ দানা সৃষ্টি হ'লে সেই মৌ খাটি নহয়।
৩) গৰম পানীৰ জৰিয়তে মৌৰ বিশুদ্ধতা পৰীক্ষা কৰিব পাৰি। এগিলাচ গৰম পানী লৈ তাত এচামুচ মৌ দিব। যদি মৌ গৈ গিলাচৰ তলত পানীৰ তলত বহি থাকে, তেন্তে জানি থওক যে আপোনাৰ মৌ বিশুদ্ধ। যদি মৌ পানীত সহজে দ্ৰৱীভূত হয়, তেন্তে ইয়াৰ অৰ্থ হ’ল মৌত মিশ্ৰিত হৈছে।
৪) ব্ৰেডৰ লগত মৌ পৰীক্ষা কৰিব পাৰি। ইয়াৰ বাবে আপুনি ব্ৰেডৰ ওপৰত মৌ দিব। যদি ব্ৰেড তিতি যায়, তেন্তে বুজিব যে মৌৰ লগত পানী মিহলোৱা হৈছে। মৌ বিশুদ্ধ হ'লে ব্ৰেড তিতি নাযায়।
৫) পানীত ভিনেগাৰ মিহলাই তাত মৌ এটোপাল দিলে, মৌত ফেন ওলোৱা দেখিলে বুজিব যে মৌ ভেজাল।
৬) বিশুদ্ধ মৌত বগা ফেন বা বুদবুদৰ দৰে দেখা যায়। । এইটো বিশুদ্ধ মৌৰ লক্ষণ।
৭) বিশুদ্ধ মৌত জুই লগালে জুই জ্বলি উঠে। যদি জ্বলি নাযায় তেন্তে বুজিব লাগিব যে মৌত কিবা বস্তু মিহলোৱা হৈছে।
৮)কাপোৰৰ পৰা যদি মৌৰ দাগ সহজে উঠি যায় তেন্তে সেই মৌ ভেজাল।
Leave A Comment