• পঁইতাচোৰাৰ আতংক! এটা সৰু ঘৰুৱা উপায়ে দিব আপোনাক এই সমস্যাৰ পৰা তৎক্ষণাতে সকাহ

    জীৱন শৈলী
    পঁইতাচোৰাৰ আতংক! এটা সৰু ঘৰুৱা উপায়ে দিব আপোনাক এই সমস্যাৰ পৰা তৎক্ষণাতে সকাহ

    ডিজিটেল ডেস্ক : আমাৰ ঘৰৰ বা পাকঘৰৰ
    চাৰিওফালে পঁইতাচোৰা অবাধে বিচৰণ কৰি ফুৰা পৰিলক্ষিত হয়, যিয়ে একপ্ৰকাৰৰ আতংকৰ সৃষ্টি
    কৰি তোলে। কাৰণ ই মানুহক বিভিন্ন ধৰণেৰে অসুস্থতা কাৰণ হৈ পৰিব পাৰে। সেয়েহে পঁইতাচোৰাৰ
    পৰা পৰিত্ৰাণ পোৱাৰ কেইটামান ঘৰুৱা উপায় বিষয়ে জানো আহক।



     ১. কেৰাচিন-



    যদি আপুনি আপোনাৰ পাকঘৰখন পঁইতাচোৰা
    পৰা মুক্তি বিচাৰে, তেন্তে আপুনি কেৰাচিন তেলৰ সহায় ল’ব পাৰে। প্ৰথমে পঁইতাচোৰ বেছিকৈ
    দেখা পোৱা ঠাইবোৰ চিহ্নিত কৰি তাত কেৰাচিন স্প্ৰে’ কৰক। কেৰাচিনৰ গোন্ধৰ বাবে ঘৰৰ পৰা
    পঁইতাচোৰ আঁতৰি যাব।



    ২. নিমপাত-



    পঁইতাচোৰাৰ পৰা মুক্তি পাবলৈ আন
    এক সুন্দৰ উপায় হৈছে নিমগছৰ পাত। যদি আপুনি ঘৰৰ পৰাই পঁইতাচোৰা পৰা মুক্তি পাব বিচাৰে
    তেন্তে নিমপাত পানীত উতলাই পঁইতাচোৰা ওলোৱা ঠাইসমূহ চিনাক্ত কৰি তাত নিমৰ পানী ছটিয়াই
    দিব লাগে। এই কৌশলেৰে তৎক্ষণাতে ঘৰৰ পৰা পঁইতাচোৰা নোহোৱা কৰিব পাৰি।



     ৩. বেকিং ছ’ডা অতি ফলপ্ৰসূ-



    বেকিং ছ’ডাইও আপোনাক যথেষ্ট সহায়
    কৰিব পাৰে। বেকিং ছ’ডাত চেনি মিহলাই মিশ্ৰণ বনাই এই মিশ্ৰণটো পঁইতাচোৰা ওলোৱা স্থানসমূহত
    ৰাখিব লাগে। চেনিয়ে পঁইতাচোৰাক আকৰ্ষণ কৰিব কিন্তু বেকিং ছ’ডাৰ লগত মিহলাই দিলে ইহঁতৰ
    বাবে বিহৰ দৰে কাম কৰে ফলত আতংকমুক্ত হ’ব পাৰিব।