ডিজিটেল ডেস্কঃ ফেব্ৰুৱাৰী মানেই পশ্চিমত প্ৰেমৰ মাহ। দেশ-বিদেশত ৭ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ প্ৰেম সপ্তাহ পালন কৰা হয়। যদিও প্ৰেম সপ্তাহ উদ্যাপন এক বিদেশী সংস্কৃতি, ভাৰতীয়সকলে এতিয়া এই ধাৰাক আকোঁৱালি লৈছে। সপ্তাহটো আৰম্ভ হয় ‘ৰ’জ ডে’ৰ পৰা।বহু ঠাইত কালিৰ দিনটোত প্ৰেমাস্পদক গোলাপ ফুল দিয়া দেখা গৈছে। গোলাপ হৈছে মৰম আৰু প্ৰেমৰ প্ৰতীক। ব্লিংকিটৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে উল্লেখ কৰে যে ভাৰতীয় বজাৰত গোলাপৰ চাহিদা বৃদ্ধিয়ে চলিত বৰ্ষৰ ৰ’জ ডেত সৰ্বকালৰ বিক্ৰী অতিক্ৰম কৰিছে।
ব্লিংকিটৰ চিইঅ’ আলৱিণ্ডাৰ ডিণ্ডছা জেই কয় যে চলিত বৰ্ষৰ ৭ ফেব্ৰুৱাৰীত তেওঁৰ কোম্পানীত প্ৰতি মিনিটত ১০৮টা গোলাপ ফুলৰ থোপা বিক্ৰী হৈছিল। আলৱিণ্ডাৰে লগতে কয়, "২০২৩ চনৰ ৭ ফেব্ৰুৱাৰীত আমি যিমান পৰিমাণৰ গোলাপ বিক্ৰী কৰিছিলো, ২০২৪ চনৰ ৭ ফেব্ৰুৱাৰীৰ দিনা পুৱা ১১ বজাৰ ভিতৰত আমি সিমান গোলাপ বিক্ৰী কৰিছিলোঁ।" আলৱিণ্ডাৰৰ এই পোষ্ট ভাইৰেল হোৱাৰ পাছত নেটিজেনে ধেমেলীয়া মন্তব্য কৰিবলৈ আৰম্ভ কৰে। এজন ব্যক্তিয়ে লিখিছে, "আপুনি নিজৰ সংস্কৃতিৰ বিষয়ে ইমান কথা কোৱা দেখা নাযায়!"আন এজন নেটিজেনে সুধিছে, "সেইদিনা গোলাপ ফুলৰ বিক্ৰী নে আন কিবা সামগ্ৰীৰো বিক্ৰী বাঢ়িল? " আন এজন নেটিজেনে লিখিছে, "সকলোৱে ইমানেই গোলাপ কিনিলে তথাপিও মই এটাও গোলাপ নাপালোঁ।''
কিন্তু কেৱল ‘ৰ’জ ডে’-এ নহয়, বহুজন ‘চকলেট ডে’ক লৈ অত্যন্ত উৎসাহী৷ আলৱিণ্ডাৰে লিখিছে, "৯ ফেব্ৰুৱাৰীতহে 'চকলেট ডে', কিন্তু তাৰ আগতেও আমাৰ এপত চকলেটৰ বিক্ৰী বৃদ্ধি পাইছে।"
Leave A Comment