বৰ্তমান যুৱ প্ৰজন্মৰ একাংশ তিলতিলকৈ ধ্বংসৰ গৰাহলৈ গৈ থকাৰ আঁৰত আছে ড্ৰাগছ আসক্তি। সুৰাপানৰ সমান্তৰালকৈ বৰ্তমান সময়ত বিভিন্ন ধৰণৰ ড্ৰাগছ সেৱনৰ ঘটনা আমাৰ বাবে অজানা নহয়। প্ৰধানকৈ কৈশোৰৰ পৰা যৌৱনপ্ৰাপ্তিৰ কালছোৱাৰ সময়ত সহজেই ল'ৰা-ছোৱালী ড্ৰাগছৰ কবলত পৰা দেখা যায়। ড্ৰাগছ ক্ৰয় কৰিবৰ বাবে প্ৰয়োজনীয় পইছাৰ অভাৱত বহু সময়ত বিভিন্ন ধৰণৰ অপৰাধ পৰ্যন্ত কৰিবলৈয়ো পিছহুহকি নাযায় তৰুণ-তৰুণী।ড্ৰাগছৰ কবলত পৰিলে অতি সহজেই শৰীৰ আৰু মন নিচাগ্ৰস্ত হৈ পৰে।
এনেবোৰ মাদক দ্ৰব্য সেৱন কৰি ক্ষন্তেক সময়ৰ কাৰণে স্নায়ুকেন্দ্ৰত অতিন্দ্ৰিয় সুখ অনুভৱ কৰিব পাৰি। শৰীৰ-মন যেন কিবা এক সন্মোহনত উপঙি ফুৰে। পৃথিৱীখন নিজৰ হাতৰ মুঠিত যেন লাগে। পাছে সেয়া তেনেই ক্ষন্তেকীয়া সুখ। ড্ৰাগছে স্নায়ুমণ্ডলী সম্পূৰ্ণ নিস্তেজ আৰু শৰীৰ একেবাৰে ভাৰসাম্যহীন আৰু দুৰ্বল কৰি তুলে। নিচাৰ প্ৰকোপ কমিলে শৰীৰ শুকান, ৰুগ্ন হয় আৰু মনলৈ নামি আহে অৱসাদগ্ৰস্ততা। ড্ৰাগছ সেৱনৰ ফলত শৰীৰৰ ওজন দিনক দিনে কমি আহে, চকুৰ মণি সৰু হৈ পৰে, টোপনিৰ ভৰত য’তে-ত’তে শুই পৰে, খোজ কাঢ়িবলৈ ক্ষমতা হেৰুৱাই পেলায়। স্বভাৱ খিংখিঙীয়া হয়। জ্ঞানশূন্য হৈ পৰে, ফলত ভুল-শুদ্ধ বিচাৰ কৰিব নোৱাৰা হয়। নিজৰ প্ৰতি উদাসীন, অমনোযোগী হৈ পৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা একেবাৰে নোহোৱা হৈ পৰে। অত্যধিক ড্ৰাগছৰ নিচাত মানুহৰ জীৱন বন্তিও সোনকালে নুমায়।
আজি ২৬ জুন। ড্ৰাগছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ বিশ্বতে প্ৰতি বছৰে ২৬ জুনত ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী আন্তঃৰাষ্ট্ৰীয় দিৱস পালন কৰা হয়। ড্ৰাগছ সেৱন আৰু সৰবৰাহে সমাজক কিমান ক্ষতি কৰে তাৰ প্ৰতি সজাগতা আনিবৰ বাবে এই দিৱস পালন কৰি অহা হৈছে। ১৯৮৭ চনৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ২৬ জুনৰ দিনটো আন্তৰ্জাতিক ড্ৰাগছ সেৱন আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস হিচাপে ঘোষণা কৰে। চীনৰ মূল ভূখণ্ডত প্ৰথম আফিং যুদ্ধৰ ঠিক আগতে চীনৰ গুৱাংডংৰ হুমেনত আফিং ব্যৱসায়ৰ অন্ত পেলাবলৈ বাছি লোৱা তাৰিখটোৰ স্মৃতিত এই দিনটো বাছি লোৱা হৈছে। বিশ্ব স্বাস্থ্য সংস্থাই কয় যে যিসকল ব্যক্তিয়ে অত্যধিক পৰিমাণৰ ড্ৰাগছ ব্যৱহাৰ কৰে, তেওঁলোকে এদিন এনে এক অৱস্থাত উপনীত হয়গৈ যে তেওঁলোকে জ্ঞান-বিবেক, বুদ্ধি সম্পূৰ্ণ হেৰুৱাই পেলায়। ৰোগীৰ তেনে অৱস্থাকে এডিকটেড বা আসক্ত বোলা হয়।
ড্ৰাগছ খোৱা লোকজনে কেৱল নিজৰে ক্ষতি নকৰে, তেওঁৰ পৰিয়ালটোলৈও নামি আহে কাল অমানিশা। এখন ঘৰত যেতিয়া এজন ড্ৰাগছ আসক্ত লোক থাকে সেইখন ঘৰ কিমান মানসিক যন্ত্ৰণাৰ সন্মুখীন হয় সেয়া কেৱল ভুক্তভোগীয়েহে বুজি পায়। ড্ৰাগছ খাই থকা লোকজনে কেতিয়াবা ড্ৰাগছ খাবলৈ নাপালে তেওঁৰ শৰীৰত কিছুমান উপসৰ্গই দেখা দিয়ে। যেনে মূৰৰ প্ৰচণ্ড যন্ত্ৰণা, বমি বমি ভাৱ, পেটত অসহ্য যন্ত্ৰণা, হাত-ভৰিৰ কঁপনি, অনিদ্ৰা ইত্যাদি। এই উপসৰ্গবিলাক দূৰ কৰিবলৈ ব্যক্তিজনে পুনৰ ড্ৰাগছ খাবলৈ বাধ্য হৈ পৰে। যদি সময়ত ড্ৰাগছ খাবলৈ নাপায় তেন্তে তেওঁ পাগলৰ দৰে আচৰণ কৰে। সাম্প্ৰতিক সময়ত ড্ৰাগছে যুৱ প্ৰজন্মৰ মাজত নীৰৱ ঘাটকৰ ভূমিকা পালন কৰি আছে। ড্ৰাগছ সেৱন কৰা এচাম নৱ প্ৰজন্মৰ বাবে তেওঁলোকৰ পৰিয়াললৈ নামি আহে ঘোৰ অন্ধকাৰ।
এতিয়া কথা হ’ল যে এই ড্ৰাগছৰ পৰা আমি নিজকে কিদৰে বচাই ৰাখিব পাৰো? একেবাৰেই সহজভাৱে ক’বলৈ গ’লে প্ৰথম তথা প্ৰধান উপায় হৈছে ড্ৰাগছৰ পৃথিৱীয়ে আমাক যিমান হাত বাউলি দি মাতিলেও আমি ঘূৰি চাব নালাগিব। আমি ভাবিব লাগিব যে এই ক্ষন্তেকীয়া সুখ লৈ মই কি পাম...এন্ধাৰৰ গহ্বৰত ভৰি থৈ মই কি পাম...সময়তকৈ আগত মৃত্যুক আমন্ত্ৰণ জনাবৰ বাবে এই পৃথিৱীলৈ মোৰ আগমন হৈছে নেকি? ড্ৰাগছ সেৱন কৰাতো স্বাস্থ্যৰ পক্ষে কোনোধৰণেই লাভজনক বা উপকাৰী নহয় বৰঞ্চ ই ইমানেই ক্ষতিকাৰক যে জীৱনটো নৰকসদৃশ কৰি পেলায়। নিজক ভালপোৱা মানুহে...নিজৰ আপোন মানুহখিনিৰ চিন্তা কৰা মানুহে কেতিয়াও ড্ৰাগছৰ কাষ নাচাপে। তেওঁলোকে জানে এই ভুলে কিমান ভয়ংকৰ বিপদৰ মাজলৈ ঠেলি দিব পাৰে।
এনে অভ্যাসৰ পৰা দূৰত থাকিবলৈ আধ্যাত্মিক চিন্তা-চৰ্চাৰ কাষ চাপি যাব লাগে। যোগ কৰিব লাগে। যোগে অভ্যাসে শৰীৰ আৰু মনৰ উৎকৰ্ষ সাধন কৰে, আত্মসংযম বজাই ৰাখে। নিতৌ যোগাভ্যাস কৰিলে শৰীৰ আৰু মনত শান্তিৰ নিজৰা বয়। ই নিচাযুক্ত দ্ৰব্যৰ পৰা বিৰত থকাত যথেষ্ট সহায় কৰে। নিজৰ লগতে ড্ৰাগছৰ নিচাত আক্ৰান্ত হ’বলৈ ধৰা আপোনাৰ চিনাকিজনকো বাধা দিয়ক। জীৱনমুখী হোৱাৰ মানসিকতা গঢ়ি তোলক। প্ৰয়োজন হ’লে শাৰিৰীক-মানসিক ৰোগৰ চিকিৎসা বিশেষজ্ঞৰ সহায় লওক। নিচামুক্তি কেন্দ্ৰৰো আশ্ৰয় লওক।
যি নিচাই আপোনাক ধ্বংসৰ মুখলৈ ঠেলি দিয়ে সেয়া কি নিচা!!!... নিচা যদি হয় যদি হওক জীৱনৰ নিচা। জীৱনৰ নিচা জাগি উঠিলে বেলেগ নিচাযুক্ত দ্ৰব্যৰ আশ্ৰয় লোৱাৰ প্ৰয়োজনেই নপৰে। নিজক ভালপাবলৈ শিকক...এই জীৱন বৰ ধুনীয়া। ধ্বংসাত্মক নিচাৰ বিপৰীতে ধনাত্মক নিচা গঢ়ি তোলক। কৰি ভালপোৱা কামবোৰৰ নিচা জগাই তোলক। কোনোবাই গান গাই ভালপায়...কোনোবাই ছবি আঁকি ভালপায়...কোনোবাই ভালপায় কাপোৰ চিলায়। কোনোবাই ৰান্ধি ভালপায়....কোনোবাই গীটাৰ বজায় ভালপায়...কোনোবাই ভালপায় কিতাপ পঢ়ি। এয়া মাত্ৰ কেইটামান উদাহৰণ। জীৱনমুখী এনে অনেক নিচাই আমাক আৱৰি ৰাখে। মাত্ৰ সেই নিচাক চিনক,বুজক আৰু জীৱনৰ মাদকতাত বিলীন হৈ যাওক। আন একো নহলেও প্ৰেমৰে নিচাত ডুবি থাকক। যি নিচাই আপোনাক এই সুন্দৰ পৃথিৱীখনত মুকলিমূৰীয়াকৈ উশাহ লৈ জীয়াই থকাত সহায় কৰে, সেই নিচা গ্ৰহণ কৰক...ড্ৰাগছ নহয়।
-কস্তুৰী বৰঠাকুৰ
Leave A Comment