• পাকঘৰৰ বাবে অত্যাৱশ্যকীয় বাস্তু টিপছ

    জীৱন শৈলী
    পাকঘৰৰ বাবে অত্যাৱশ্যকীয় বাস্তু টিপছ
    ডিজিটেল ডেস্কঃ বাস্তুশাস্ত্ৰত পাকঘৰৰ অতি গুৰুত্ব আছে। পাকঘৰত যদি বাস্তুৰ বিসংগতি থাকে, তেন্তে গোটেই পৰিয়ালটোৰ ওপৰত সমস্যাৰ সৃষ্টি হ’ব পাৰে, পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্যৰ অৱনতি ঘটে।

    পাকঘৰৰ বাবে অত্যাৱশ্যকীয় বাস্তু টিপছৰ বিষয়ে জানি লওক

    ১)বাস্তু শাস্ত্ৰৰ মতে পাকঘৰটো জুইৰ কোণত দক্ষিণ বা পূব দিশত হ’ব লাগে, নহ’লে ইয়াৰ বেয়া প্ৰভাৱ পৰে।

    ২)পাকঘৰটো যদি উত্তৰ-পূব দিশত থাকে তেন্তে ঘৰৰ মানুহখিনিৰ টকাৰ অভাৱ আৰু সম্পৰ্ক বেয়া হয়। শিশুও ক্ষতিগ্ৰস্ত হ’ব পাৰে।

    ৩)পাকঘৰটো উত্তৰ-পশ্চিম দিশত থাকিলে ইয়াৰ ফলত বাস্তুৰ বিসংগতি নহয়, কিন্তু শাহুৱেক আৰু বোৱাৰীৰ মাজৰ সম্পৰ্ক নষ্ট হ’ব পাৰে।

    ৪)যদি দক্ষিণ-পশ্চিম দিশত পাকঘৰ আছে, তেন্তে ঘৰৰ মুৰব্বীজনৰ ক্ষতি হয়। সন্মান আৰু স্বাস্থ্যৰ ওপৰতো বেয়া প্ৰভাৱ পৰে।

    বাস্তুৰ এই নিয়মবোৰ পাকঘৰৰ বাবে মানি চলক

    ১)পাকঘৰত যত বাচন ৰখাৰ ষ্টেণ্ড থাকে তাত এখন ধুনীয়া ফল বা ফুলৰ ছবি ৰাখক, ই ইতিবাচক শক্তি আনে। পৰিয়ালৰ লোকৰ স্বাস্থ্যও ভাল।

    ২)মাতৃ অন্নপূৰ্ণাৰ এখন সুন্দৰ ছবি পাকঘৰত পূব দিশত ৰাখিব লাগে, পাৰিলে চন্দনৰ মালা আঁৰি দিব লাগে। এনে কৰিলে সেই ঘৰত টকা আৰু খাদ্যৰ অভাৱ নহয়।

    ৩)প্লাষ্টিকৰ বাচন-বৰ্তন কেতিয়াও ৰাখিব নালাগে। আনকি প্লাষ্টিকৰ বাচনত থকা খাদ্যও খাব নালাগে, ই ৰোগ বৃদ্ধি কৰে আৰু শনি গ্ৰহ দূষিত হয়।

    ৪)চিংকটো সদায় পাকঘৰৰ উত্তৰ-পূব দিশত থাকিব লাগে আৰু পাকঘৰৰ পানীৰ ঢালটোও একে দিশতে থাকিলে ভাল।

    ৫)পাকঘৰত ক’লা শিল বা ক’লা ৰং ব্যৱহাৰ কৰিব নালাগে, ই স্বাস্থ্যৰ বাবে বেয়া।

    ৬)পাকঘৰটো সদায় পৰিষ্কাৰ আৰু চিকচিকিয়া হ’ব লাগে। ইয়াত কোনো ধৰণৰ পোক-পৰুৱা বা মলি থাকিব নালাগে।

    ৭)পাকঘৰত পইতাচোৰা থাকিব নালাগে, ইয়াৰ ফলত আৰ্থিক লোকচানৰ লগতে ব্যৱসায়তো লোকচান হ’ব পাৰে।

    ৮)ৰন্ধা বাচন-বৰ্তন পাকঘৰত নুধুৱাকৈ থ’ব নালাগে, ইয়াৰ ফলত ঘৰৰ সদস্যসকলৰ মাজত কাজিয়া হয় আৰু পাৰস্পৰিক ঐক্য কম হয়।

    ৯)পাকঘৰত গেছৰ চৌকাটো জুইৰ দিশত অৰ্থাৎ দক্ষিণ-পূব দিশত ৰাখিব লাগে, ইয়াৰ ফলত সেই ঘৰত বাস কৰা লোকসকলৰ সন্মান বৃদ্ধি পায়।

    ১০)পাকঘৰত ৰখা নিমখ কেতিয়াও খোলা ৰাখিব নালাগে, সদায় ইয়াৰ ঢাকনি বন্ধ কৰি ৰাখিব নহ’লে আপোনাৰ ধাৰ বাঢ়িব পাৰে।

    ১১)যিয়েই খাদ্য ৰান্ধে, তেওঁৰ মুখখন দক্ষিণ দিশৰ ফালে হ’ব নালাগে, এনে কৰিলে তেওঁৰ সৌন্দৰ্য্য সোনকালে কমি যায় আৰু মুখৰ সৌন্দৰ্য্য আঁতৰি যায়। তেওঁৰ স্বভাৱটোও খিংখিঙীয়া হ’ব পাৰে।

    ১২)যদি পাকঘৰত বহি খাদ্য খোৱা হয়, তেন্তে ৰাহু গ্ৰহটো অতি সোনকালে ঠিক হয়। সম্পৰ্ক বিনষ্ট কৰাৰ কাৰণে ৰাহু গ্ৰহক কাৰণ গ্ৰহ বুলি গণ্য কৰা হয়।