• ৮ আগষ্ট শাওণৰ শেষৰটি সোমবাৰ: এইধৰণে আৰাধনা কৰিলে দেৱাদিদেৱ শিৱৰ কৃপা

    জীৱন শৈলী
    ৮ আগষ্ট শাওণৰ শেষৰটি সোমবাৰ: এইধৰণে আৰাধনা কৰিলে দেৱাদিদেৱ শিৱৰ কৃপা
    ডিজিটেল ডেস্ক: শাওণ মাহ শিৱক আৰাধনা কৰাৰ উত্তম মাহ বুলি ধৰা হয়। শাওণ মাহত জলাভিষেক কৰিলে সোনকালে সকলো সমস্যাৰ সমাধান পাই বুলি ধৰা হয়। আৰু সেয়েহে শাওণ মাহৰ সোমবাৰে শিৱক আৰাধনা কৰা হয়। অৱশ্যে অন্য দিনতো শিৱক আৰাধনা কৰা হয় যদিও এই মাহতো অত্যন্ত শুভ বুলি ধৰা হয়।

    ৮ আগষ্টত শাওণৰ শেষৰটো সোমবাৰ। আৰু শাওণৰ শেষৰটো সোমবাৰ অৰ্থাৎ চতুৰ্থটো সোমবাৰলৈ ভক্তগণে অতি আগ্ৰহেৰ বাট চাই থাকে। এই মাহত শিৱক পূজা কৰিলে ভক্তসকলৰ সকলো দুখ-যন্ত্ৰণা মহাদেৱে হৰি নিয়ে বুলি সকলোৱে বিশ্বাস কৰে। সেয়েহে তেওঁৰ পূজা কৰোঁতে সকলোৱে হৰ হৰ মহাদেৱ বুলি বাক্য আওৰায়৷  

    এনেধৰণে শিৱক আৰাধনা কৰিলে আপোনাৰ সকলো দুখ হ’ব দূৰ: 

    পুৱা সোনকালে উঠি গা ধুই শিৱক আৰাধনা কৰিব লাগে। শিৱ লিংগত পানী ঢালিব লাগে। শাওণত শিৱলিংগত জলাভিষেক বা ৰুদ্ৰাভিষেক কৰাৰ মহত্ব অশেষ, আৰু শাওণত ইয়াৰ মহত্ব অধিক হয়।

    ৰুদ্ৰাভিষেক কৰি ১০৮বাৰ শিৱ মন্ত্ৰ জঁপ কৰিব আৰু লগতে শিৱ লিংগত বেলপাত অৰ্পণ কৰক। শিৱৰ পূজাৰ সামগ্ৰীত গাখীৰ বেলপাত ভাং ধতুৰা গুটি ৰাখক কিয়নো শিৱৰ প্রিয় সামগ্ৰী অৰ্পণ কৰিলে মহাদেৱ সন্তুষ্ট হ’ব।

    শাওন মাহৰ প্রতিটো সোমবাৰে ব্ৰতপালন কৰক।

    প্ৰতি সোমবাৰে শিৱ মন্দিৰত এগছি ঘীৰ চাকি জ্বলাওক। 

    শাওণৰ সোমবাৰে যিসকল লোকে নীতি-নিয়ম আৰু শ্ৰদ্ধাপূৰ্বক পূজা কৰে তেওঁলোকৰ কষ্ট মহাদেৱে দূৰ কৰে বুলি বিশ্বাস কৰে।