স্বাস্থ্য
ডিজিটেল ডেস্ক : একাংশ লোকে যিকোনো আহাৰ খোৱাৰ পাছতেই পেট ফুলি থকা
যোৱা যেন অনুভৱ কৰে। ইয়াৰ কাৰণ হ’ল-দুৰ্বল হজম প্ৰক্ৰিয়া। যদি
আপুনিও খাদ্য খোৱাৰ পাছত বদহজম অনুভৱ কৰে, তেন্তে আপুনি আপোনাৰ খাদ্য তালিকাত পৰিৱৰ্তন
কৰাটো অতি গুৰুত্বপূৰ্ণ। কাৰণ খাদ্য তালিকা সালসলনি কৰি হজম প্ৰক্ৰিয়াত সংশোধন কৰিব
পাৰি। বিশেষকৈ এই সময়ছোৱাত আমি এনেবোৰ বস্তু আমাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰা উচিত,
যিয়ে হজম শক্তি বৃদ্ধি কৰিব পাৰে। আজি আমি এনে কিছুমান খাদ্যৰ বিষয়ে জানিম, যিবোৰে
খাদ্য খোৱাৰ পাছত হোৱা পেট ফুলাৰ সমস্যা বহু গুণে হ্ৰাস কৰিব পাৰে।
১. পদিনা চাহ-
যদি খাদ্য খোৱাৰ পাছত পেট ফুলি
থাকে, তেন্তে খাদ্য তালিকাত পদিনা চাহ অন্তৰ্ভুক্ত কৰক। পদিনা চাহে পেট ফুলাৰ সমস্যা
কম কাৰ লগতে ই আপোনাৰ শৰীৰক হাইড্ৰেটেড কৰি ৰখাতো ফলপ্ৰসূ কাম কৰে। ইয়াৰ উপৰি খাদ্য
তালিকাত কেমোমিল চাহো অন্তৰ্ভুক্ত কৰিব পাৰে।
২. তালিকাত আঁহযুক্ত খাদ্য অন্তৰ্ভুক্ত কৰক-
কোষ্ঠকাঠিন্যৰ ফলতো পেট ফুলাৰ অভিযোগো হ’ব পাৰে। যদি কোষ্ঠকাঠিন্যৰ ফলত পেট ফুলা হয়, তেন্তে এই অৱস্থাত খাদ্যত আঁহ অন্তৰ্ভুক্ত কৰক। ইয়াৰ বাবে আপুনি আপোনাৰ খাদ্য তালিকাত বীন, খোলা আলু, গুটি আৰু বাদাম আদি অন্তৰ্ভুক্ত কৰিব পাৰে।
৩. হাইড্ৰেটেড হৈ থাকক-
পেট ফুলাৰ সমস্যা দূৰ কৰিবলৈ খাদ্যত অধিক তৰল বস্তু অন্তৰ্ভুক্ত কৰক। দিনটোত কমেও ৭ৰ পৰা ৮ গিলাচ পানী খাব লাগে। এনে কৰিলে পেট ফুলাৰ সমস্যা কমি যাব।
Leave A Comment