• জাপানী সকলৰ অফুৰন্ত যৌৱনৰ সচাৰ কাঠি কি ?

    জীৱন শৈলী
    জাপানী সকলৰ অফুৰন্ত যৌৱনৰ সচাৰ কাঠি কি  ?
    ডিজিটেল ডেস্ক: জাপানীজ সংস্কৃতি বিশ্বৰ অন্যতম আকৰ্ষণীয় বিষয়।তেওঁলোকৰ দীৰ্ঘজীৱন আৰু যৌৱন তেওঁলোকৰ সামগ্ৰিক সংস্কৃতি আৰু জীৱনশৈলীৰ সৈতে জড়িত। সকলোৱে জানে যে জাপানী লোকৰ আয়ুস সীমা আনৰ তুলনাত বেছি। মৃত্যুৰ হাৰো যথেষ্ট কম। আচলতে তেওঁলোকৰ প্ৰাচীন পৰম্পৰাগত প্ৰথাই তেওঁলোকৰ স্বাস্থ্য আৰু যৌৱনৰ মূল চাবিকাঠি ।ইচ্ছা কৰিলে জাপানী সংস্কৃতিৰ কিছুমান অভ্যাস সকলোৱে নিজ নিজ জীৱনত প্ৰয়োগ কৰি সুস্থ জীৱন যাপন অব্যাহত ৰাখিব পাৰে।

    চাউল জাপানীসকলৰ প্ৰিয় খাদ্য। পুষ্টিবিদসকলে কয় যে জাপানীসকলৰ দৰে নিয়মিতভাৱে, কম পৰিমাণে ভাত খালে শৰীৰ সুস্থ হৈ থাকিব। গতিকে ডায়েটৰ কৱলত পৰি চাউল বা ভাত এৰি নিদিব 

    ন'ৰী - ন'ৰী ( Nori) হৈছে জাপানীজ সকলৰ ৰ অতি জনপ্ৰিয় খাদ্য। ই আচলতে শুকান সাগৰীয় শাক-পাচলি। যুগ যুগ ধৰি ই জাপানী খাদ্যৰ অংশ হৈ আহিছে। সাগৰীয় শাক-পাচলিত প্ৰচুৰ পৰিমাণে ভিটামিন এ, চি, আৰু ই থাকে। ই এন্টিঅক্সিডেন্টৰে ভৰপূৰ। আনহাতে বৰ্তমান যুগত এই ন'ৰী অনলাইনত সহজেই উপলব্ধ। আপুনি সন্ধান কৰি Nori Sheets বিচাৰি পাব পাৰে আৰু নুডলছ, চাইনিজ বা জাপানীজ খাদ্যৰ সৈতে ইয়াৰ সোৱাদ ল'ব পাৰে।

    শাৰীৰিক পৰিশ্ৰম - জাপানীসকলে ফিট, ক্ষীণ শৰীৰ ভাল পায়। গতিকে তেওঁলোকে নিয়মিতভাৱে দৌৰা, জগিং, খোজ কঢ়া, যোগাসন আদি কৰে।

    ফাৰমেন্টেত বা কিম্বনযুক্ত খাদ্য -জাপানীসকলে কিম্বন কৰা খাদ্য বহুত খায়। সেই তালিকাত আছে মিছ’, চয়া চচ, টেম্পে, আৰু কিমচি। ইহঁতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে আৰু পাচন প্ৰক্ৰিয়া সহজ কৰি তোলে। উল্লেখযোগ্য যে আমাৰ পইটা ভাতটোও কিম্বন কৰা খাদ্য। গতিকে ৰাতিৰ অতিৰিক্ত ভাতখিনি কেতিয়াবা পানীৰে তিয়াই থ’ব লাগে। পাছদিনা নেমু আৰু পিয়াঁজৰ লগত খাব। আপুনিও খাই ভাল পাব আৰু উপকৃত হ’ব। 

    গ্ৰীণ টি - জাপানীসকলে গ্ৰীণ টিৰ প্ৰতি অতি আকৰ্ষিত। ই কেন্সাৰৰ বিৰুদ্ধে যুঁজ দিয়া এন্টিঅক্সিডেন্টেৰে ভৰপূৰ। হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰে আৰু শক্তি বৃদ্ধি কৰে। গতিকে প্ৰতিদিনে পুৱা-গধূলি একাপ গ্ৰীণ টি খাব পাৰে। প্ৰথমতে বেয়া লাগিলেও ই এক অভ্যাসত পৰিণত হ’ব

    জাপানীজ শাক-পাচলিতো থাকে বহু গুণাগুণ। কোৱা হয় যে ঋতু অনুসৰি, সতেজ শাক-পাচলি স্বাস্থ্যৰ বাবে উত্তম। গতিকে সেইটো মনত ৰাখি প্ৰয়োজন অনুসৰি সতেজ শাক-পাচলি খোৱাতো জৰুৰী ।