স্বাস্থ্য
ডিজিটেল ডেস্ক : দুৰ্বল জীৱনশৈলী
আৰু খাদ্য-পানীৰ বাবে শৰীৰে প্ৰয়োজনীয় পুষ্টিকৰ উপাদান নাপায়। কাৰণ আজিকালি মানুহে
বেছিকৈ জাংকফুড খাই ভালপায়। ফাষ্টফুডে আমাৰ শৰীৰক যে কোনো ধৰণৰ প্ৰয়োজনীয় পুষ্টিকৰ
উপাদান নিদিয়ে, তাৰ বিপৰীতে ই আমাৰ শৰীৰত ভাগৰ আৰু অলসতা বৃদ্ধি কৰে, সেই কথা কোনেও
হয়তো জ্ঞাত নহয়। এনে অৱস্থাত ভিটামিনৰ অভাৱ হোৱাটো সাধাৰণ কথা হৈ পৰিছে। আজি আমি আপোনালোকক
ভিটামিন-‘ডি’ৰ অভাৱৰ লক্ষণসমূহৰ বিষয়ে ক’ম, কোনবোৰ লক্ষণ আপুনি ভিটামিন-‘ডি’ৰ অভাৱ
দূৰ কৰে জানো আহক।
১. শৰীৰ আৰু হাড়ৰ বিষঃ-ভিটামিন-‘ডি’ৰ
অভাৱৰ আটাইতকৈ গভীৰ প্ৰভাৱ আমাৰ শৰীৰৰ হাড়ত পৰে। ইয়াৰ অভাৱ হ’লে বেছিভাগৰে বিষ হাড়ত
হয়। আনহাতে ভিটামিন-‘ডি’ৰ অভাৱত শৰীৰে কেলছিয়াম উৎপাদন কৰিব নোৱাৰে, যাৰ ফলত শৰীৰ
আৰু হাড়ত অহৰহ বিষ হ’বলৈ আৰম্ভ কৰে।
২. চুলি সৰাঃ-ভিটামিন-‘ডি’ৰ অভাৱত
চুলিৰ গুৰিবোৰ শক্তিশালী হোৱাত সহায় কৰে। ইয়াৰ অভাৱৰ বাবে চুলি সৰা সমস্যা বহু পৰিমাণে
বৃদ্ধি পায় কাৰণ আমাৰ চুলিৰ গুৰিৰ দুৰ্বল হৈ যায়। এনে সমস্যাত আপুনি অধিক ভিটামিন-‘ডি’সমৃদ্ধ
খাদ্য সেৱন কৰিব লাগে।
৩. ক্লান্তিঃ-সকলো সময়তে ভাগৰুৱা
অনুভৱ কৰেনে? প্ৰতি নিশা আঠ ঘণ্টা টোপনি অহাৰ পাছতো যদি আপুনি ভাগৰ অনুভৱ কৰে, তেন্তে
এয়াও ভিটামিন-‘ডি’ৰ অভাৱৰ এটা ডাঙৰ লক্ষণ হ’ব পাৰে।
Leave A Comment