ডিজিটেল ডেস্কঃ গ্ৰহৰ ৰজা সূৰ্য্যক জ্যোতিষশাস্ত্ৰত অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। মৰ্যাদা, সফলতা আদি বিভিন্ন বস্তুৰ কাৰণ গ্ৰহ হিচাপে সূৰ্য্যক গণ্য কৰা হয়। জ্যোতিষশাস্ত্ৰৰ মতে ডিচেম্বৰ মাহলৈকে কেইটামান ৰাশিৰ জাতক-জাতিকা সূৰ্য্য দেৱতাৰ কৃপাত উপকৃত হ’ব। সেই তালিকাত কোন আছে চাওঁ আহক।
১)সিংহ ৰাশিঃ কৰ্মৰ প্ৰতি উৎসাহ থাকিব। অৱশ্যে কথা-বতৰাত সংযমতা থাকিব লাগিব। ধৰ্মৰ প্ৰতি আগ্ৰহ বাঢ়িব। মাতৃয়ে সকলোতে সহায় কৰিব। মাতৃৰ পৰা টকা লাভ হ’ব পাৰে। জীৱনলৈ বন্ধু এজন আহিব পাৰে। শিক্ষামূলক কামৰ পৰা লাভ হ’ব ধন। পৰিয়ালৰ সৈতে কোনো ধৰ্মীয় ঠাইলৈ যাব পাৰে।
২)কন্যা ৰাশিঃ ব্যৱসায়ত উন্নতি হ’ব। ভাতৃৰ সহায় সহযোগিতা লাভ কৰিব। কিন্তু অধিক কষ্ট কৰিব লাগিব। মাংগলিক কাৰ্য ঘৰত কৰিব পাৰিব। চাকৰি সলনি হোৱাৰ সম্ভাৱনা আছে। ভ্ৰমণ হ’ব পাৰে। আমদানি-ৰপ্তানিৰ ব্যৱসায় কৰা সকলেও লাভৱান হ’ব। চাকৰিত উচ্চ বিষয়াৰ সহায় লাভ কৰিব।
৩)বৃশ্চিক ৰাশিঃ আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হ’ব। কিন্তু আত্মসংযম ৰাখক। কৰ্মক্ষেত্ৰত পৰিৱৰ্তন হ’ব পাৰে। অধিক কষ্ট কৰিব লাগিব। লাভ বৃদ্ধি হ’ব। মাতৃৰ ঘনিষ্ঠতা আৰু সমৰ্থন পাব। চাকৰিত উচ্চ বিষয়াৰ সহায় লাভ কৰিব, পদোন্নতি হোৱাৰ সম্ভাৱনা।
৪)মীন ৰাশিঃ আত্মবিশ্বাস বাঢ়িব। অধ্যয়নৰ প্ৰতি আগ্ৰহ বাঢ়িব। চাকৰি সলনি হোৱাৰ সম্ভাৱনা আছে। ভাতৃৰ সহায় সহযোগিতা লাভ কৰিব। ধৰ্মীয় কাম-কাজত অংশগ্ৰহণ কৰিব পাৰে। পৰিয়ালৰ সদস্যৰ লগত সময় কটাওক। সুখৰ হ’ব বিবাহিত জীৱন।
Leave A Comment