ডিজিটেল ডেস্কঃ বিভিন্ন ঠাইত লাহে লাহে বানপানী শুকাবলৈ আৰম্ভ হৈছে ।দিনে দিনে বাঢ়িছে বিপদ। এইবছৰ দোকালটকা বানত লাখ লাখ মানুহৰ সা-সম্পত্তি পানীত জাহ গৈছে ।দীৰ্ঘদিন ধৰি জমা হৈ থকা লেতেৰা পানী আৰু হানি হোৱা জীৱ-জন্তুৰ গলিত মৃতদেহসমূহে এক দূষিত পৰিৱেশৰ সৃষ্টি কৰিছে । ইয়াৰ লগে লগে প্ৰাৰ্দুভাৱ ঘটিছে অনেক ন-ন ৰোগৰ ৷ বিগত দুবছৰে ক’ভিদৰ সৈতে যুঁজি অহা ৰাজ্যখনৰ ৰাইজক এইবাৰ জুৰুলা কৰিছে নতুনকৈ অহা ৰোগসমূহে ।
মূলতঃ ম’হ আৰু দূষিত পানীৰ দ্বাৰাই চিকেনগুনীয়া, ভাইৰেল জ্বৰ, মেলেৰীয়া,ডেংগু,ক’লেৰা ,ইনফলুৱেঞ্জা আদি বেমাৰৰ উদ্ভৱ হয় । আহকচোন এই ৰোগসমূহৰ বিষয়ে কিছু গুৰুত্বপূৰ্ণ কথা জানো-
১)মেলেৰীয়া: মাইকী এন’ফিলিচ ম’হৰ কামোৰত এই ৰোগ বিয়পে ৷ যদিও ইয়াৰ ভয়াবহতা কম বুলি ভবা হয় কিন্তু ২০১৯ চনৰ এক ৰিপ’ৰ্টমতে সমগ্ৰ বিশ্বতে এই ৰোগত চাৰি লাখ মৃত্যু ৰেকৰ্ড কৰা হৈছিল ।পাঁচ বছৰৰ তলৰ শিশুৰ এই ৰোগ হোৱাৰ প্ৰৱণতা বেছি ।ইয়াৰ লক্ষণসমূহ হ’ল,
জ্বৰ,গাৰ বিষ,মূৰৰ বিষ,ডায়েৰীয়া আৰু বমি ৷
২)ডেংগুঃ এই ৰোগো মাইকী ম’হৰ দ্বাৰা বিয়পে ।ইয়াৰ লক্ষণসমূহ হ’ল প্ৰচণ্ড মূৰৰ বিষ, চকুৰ তলৰ বিষ, মাংসপেশীৰ বিষ,বমি,শৰীৰৰ বিভিন্ন অংশ ফুলি যোৱা ৷
৩) চিকুণগুনীয়াঃ ইয়ো একপ্ৰকাৰৰ ম’হৰ দ্বাৰা বিয়পা ৰোগ ৷ ইয়াৰ ফলত প্ৰচণ্ড গাৰ বিষ আৰু জ্বৰ হ’ব পাৰে ৷ ইয়াৰ লক্ষণসমূহো কিছু দেৰিকৈ দেখা দিয়ে।
এনে ম’হৰ কামোৰৰ পৰা উদ্ভৱ বেমাৰ সমূহৰ পৰা কিদৰে
পৰিত্ৰাণ পাব পাৰি জানো আহক।
১/ ঘৰৰ আশে-পাশে কোনো কাৰণতে পানী জমা হৈ থাকিবলৈ নিদিব ।
২/ম’হৰ কামোৰৰ পৰা ৰক্ষা পাবলৈ আঠুৱা ব্যৱহাৰ কৰক ।
৩/ পৰাপক্ষত ফিল্টাৰ অথবা উতলা ঠাণ্ডা পানীহে ব্যৱহাৰ কৰক ।
৪/নলাবোৰ চাফা কৰি ৰাখক ।
Leave A Comment