• পুষ্টিৰে সমৃদ্ধ হয় খৰবুজ, জানো আহক এই ফলৰ গুণাগুণ

    জীৱন শৈলী
    পুষ্টিৰে সমৃদ্ধ হয় খৰবুজ, জানো আহক এই ফলৰ গুণাগুণ

    ডিজিটেল
    ডেস্ক : গ্ৰীষ্মকাল মানে হৈছে ফলৰ বতৰ। বজাৰত উপলব্ধ হয় বিভিন্ন ধৰণৰ ৰসাল আৰু সুস্বাদু
    ফল৷ এই সময়ত 
    বজাৰত
    যথেষ্ট পৰিমাণে খৰবুজ পোৱা যায়। যিটো সহজে উপলব্ধ কিন্তু আমাৰ মাজৰ বহুতেই এই ফলৰ গুণাগুণ
    বিষয়ে নাজানো।



     খৰবুজত
    যথেষ্ট পৰিমাণে পটাছিয়াম থাকে৷ ফলস্বৰূপে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে৷ আনকি এই ফলে হৃদযন্ত্ৰ
    স্বাস্থ্যৱান কৰি ৰখাৰ লগতে চকুৰ স্বাস্থ্য ভাল ৰাখে। এই ফলত বিটা-কেৰোটিন অতুলনীয়
    বাবে দৃষ্টিশক্তি বৃদ্ধি কৰে। ইয়াত থকা অক্সিকাইনৰ প্ৰভাৱত খৰবুজ বৃক্কৰ নিষ্কাশনৰ
    বাবে অতি উত্তম। সেয়েহে ইয়াক নিয়মীয়া আহাৰৰ তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে।



     এই
    ফলৰ গুণাগুণে ঋতুস্ৰাৱৰ বিষ হ্ৰাস কৰে। একে সময়তে খৰবুজ আৰু ইয়াৰ গুটিবোৰে আমাৰ ছাল
    উজ্জ্বল কৰি ৰখাৰ লগতে শুকান ছাল সতেজ কৰি তোলে। তৰমুজৰ দৰে খৰমুজতো যথেষ্ট পৰিমাণে
    পানী থাকে। ফলস্বৰূপে বদহজম, কোষ্ঠকাঠিন্য, গেছকে ধৰি হজমৰ সকলো ধৰণৰ সমস্যা নাইকিয়া
    হয়।



     খৰবুজত
    যথেষ্ট পৰিমাণে ভিটামিন ‘চি’ থাকে। এই ফলত থকা এণ্টিঅক্সিডেণ্টে ৰোগ প্ৰতিৰোধ প্ৰণালী
    শক্তিশালী কৰে। ইয়াৰ উপৰি এই ফলৰ ফাইটোকেমিকেলে আমাৰ যকৃত স্বাস্থ্যৱান কৰি ৰাখে।