• পঠা মাংস সোৱাদযুক্ত কৰা আৰু সুন্দৰকৈ সিজাৰ চাৰিটা টিপ্‌ছ জানি লওক

    জীৱন শৈলী
    পঠা মাংস সোৱাদযুক্ত কৰা আৰু সুন্দৰকৈ সিজাৰ চাৰিটা টিপ্‌ছ জানি লওক
    ডিজিটেল ডেস্কঃ পঠাৰ মাংস বহুতৰে বাবে লোভনীয় খাদ্য। বিয়াই-জন্মদিনে বা ঘৰলৈ অহা আলহীক পঠাৰ মাংস খুৱাই গৃহস্থও সুখী হয়। কিন্তু ৰান্ধনীজনৰ আটাইতকৈ ডাঙৰ চিন্তা হৈছে মাংসখিনি ৰন্ধাটো। বহু সময়ত কষ্ট কৰি ৰন্ধা পঠাৰ মাংস নিসিজে। ফলত ৰান্ধোতা আৰু খাওঁতা সকলোৰে বৰ কষ্ট হয়। ভাল পঠা মাংস কেনেদৰে ৰান্ধিব পাৰি বা সহজতে সিজাব পাৰি জানো আহক।

    ১) বজাৰৰ পৰা মাটন কিনাৰ সময়ত নিশ্চিত হওক যে মাংসখিনি ছাগলীটোৰ ভৰিৰ ফালৰ পৰা কাটিছে নে নাই। এই মাংস আটাইতকৈ সোৱাদযুক্ত আৰু সহজে সিজে।

    ২) যদি পঠাৰ মাংস ৰান্ধিবলৈ গৈ আছে তেন্তে মাংসখিনি কমেও ৭-৮ ঘণ্টা মেৰিনেট কৰি ৰাখক। নহলে মাংসখিনি সিজিবলৈ সময় লাগে। কিন্তু মাংস কিমান কোমল হ’ব সেইটোও নিৰ্ভৰ কৰে আপুনি কিহেৰে মেৰিনেট কৰে তাৰ ওপৰত। দৈৰ সৈতে মাংস মেৰিনেট কৰিব পাৰে। কেঁচা অমিতা, নিমখ আৰু জালুক দিলে ভাল। যিমানেই এচিডিক খাদ্য মেৰিনেট কৰিব সিমানেই মাংস কোমল হ’ব। মেৰিনেড যিমানেই ভাল হ’ব সিমানেই মাংসৰ আঁহবোৰ দ্ৰুতগতিত ভাঙি কোমল হ’ব। খাবলৈ ৰসাল হ’ব।

    ৩) তিনি ঘণ্টা জুইত ৰাখিব পাৰিলে ই আটাইতকৈ কোমলকৈ সিজিব। কিন্তু এই পদ্ধতি সময়সাপেক্ষ। আজিকালি গেছৰ যিহে দাম, তাৰবাবে তিনি ঘণ্টা সিজাই থকাটো অসম্ভৱ। সেয়েহে আপুনি প্ৰেচাৰ কুকাৰত এঘণ্টা উতলাই ৪-৫টা চিটি মৰাব। চিটি মৰাৰ পাছত মাংসখিনি কুকাৰত কমেও ১৫-২০ মিনিট ৰাখিব লাগে।

    ৪) কেতিয়াবা মাংস মেৰিনেট কৰিবলৈ সময় নাপালে মাংসখিনি কমেও এঘণ্টা নিমখ দি ৰাখিব লাগে। দুঘণ্টা ধৰি ৰাখিব পাৰিলে ভাল। ৰন্ধা আগতে অতিৰিক্ত নিমখ ধুই পেলাব লাগে। এই পদ্ধতি মানি চলিলেও মাংসখিনি ভালদৰে সিজিব আৰু খাবলৈ সোৱাদ হ’ব।