• আজি নাগপঞ্চমী, নকৰিব এইসমূহ কাম, নহ’লে অসন্তুষ্ট হৈ পৰিব নাগ দেৱতা, নাইকিয়া হ’ব ঘৰৰ সুখ-সমৃদ্ধি

    জীৱন শৈলী
    আজি নাগপঞ্চমী, নকৰিব এইসমূহ কাম, নহ’লে অসন্তুষ্ট হৈ পৰিব নাগ দেৱতা, নাইকিয়া হ’ব ঘৰৰ সুখ-সমৃদ্ধি

    ডিজিটেল ডেস্ক : শাওণ মাহৰ শুক্ল
    পক্ষৰ পঞ্চমী অৰ্থাৎ আজি নাগপঞ্চমী উদযাপন কৰা হৈছে। আজিৰ দিনটোত সৰ্পদেৱতাৰ পূজা কৰাৰ
    সমান্তৰালভাৱে কিছু কাম কৰাটোও নিষিদ্ধ কৰা হৈছে। অন্যথা অসন্তুষ্ট হৈ পৰিব সৰ্পদেৱতাৰ।
    যিহেতু নাগ ভগৱান ধনৰ ৰক্ষক, গতিকে সাপৰ অসন্তুষ্টিয়ে ঘৰখনৰ পৰা সুখ-সমৃদ্ধি নোহোৱা
    হ’ব পাৰে। সেয়েহে জানো আহক নাগপঞ্চমীৰ দিনা কি কৰা উচিত আৰু কি অনুচিত।



     ১. মাটি খান্দিব নালাগে:-নাগপঞ্চমীৰ
    দিনা মাটি খান্দিব নালাগে। আচলতে মাটিত থকা গাঁতত সাপ থাকে, মাটি খান্দিলে গাঁতত থকা
    সাপবোৰে আঘাত পাব পাৰে। গতিকে আজি এই কাম নকিৰব নালাগে, লগতে বছৰৰ কোনো দিনতে ইচ্ছাকৃতভাৱে
    সাপক আঘাত দিব নালাগে।



     ২. শাক কাটিব নালাগেঃ-নাগপঞ্চমীত
    সেউজীয়া শাক কটাটো নিষিদ্ধ। কাৰণ আজিৰ দিনটোত সেউজীয়া শাক-পাচলি খাব নালাগে।



     ৩. গছ কাটিব নালাগে:-যিহেতু গছতো
    সাপ থাকে, সেয়ে নাগপঞ্চমীৰ দিনা গছ কাটিব নালাগে। দৰাচলতে গছবোৰ হ’ল আমাৰ অস্তিত্বৰ
    আধাৰ, সেয়ে কেতিয়াও গছ কাটিব নালাগে।



     ৪. চিলাই কাম নকৰিব:-নাগপঞ্চমীৰ
    দিনা বেজী-সূতাও ব্যৱহাৰ নকৰিব। লগতে আন চোকা বস্তু ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক।



     ৫. শিৱক পূজা কৰক:-নাগপঞ্চমীৰ দিনা
    ভগৱান শিৱক পূজা কৰক। ভোলেনাথৰ পূজা অবিহনে সৰ্পদেৱতাৰ পূজা অসম্পূৰ্ণ।