স্বাস্থ্য
ডিজিটেল ডেস্ক : যুগ যুগ ধৰি আয়ুৰ্বেদত
নিম ব্যৱহাৰ হৈ আহিছে। নিম ছালৰ বাবে অতি উপকাৰী। নিমপাত, বাকলি, ফল আৰু ফুল আদি কোনোবা
নহয় কোনোবা ৰূপত ব্যৱহাৰ কৰা হয়। ছালৰ যত্নৰ বাবেও নিম ব্যৱহাৰ কৰা হয়। বজাৰত নিম
তেল, ফেচৱাছ, নিম চাবোন, নিম চেম্পু আৰু নিমৰ পৰা তৈয়াৰী বিভিন্ন সামগ্ৰী পোৱা যায়।
ব্ৰণৰ সমস্যা দূৰ কৰিবলৈও নিম ব্যৱহাৰ কৰা হয়। বাৰিষা দিনত নিশ্চয় নিম ফেচপেক বা
ফেচমাস্ক ব্যৱহাৰ কৰিব লাগে। আজি আমি আপোনালোকক নিমৰ ৩টা ফেচমাস্কৰ কথা ক’ম। ইয়াৰ
ফলত আপোনাৰ ছালখন সুস্থ হৈ থাকিব আৰু ব্ৰণৰ সমস্যা নোহোৱা হৈ যাব।
বাৰিষাত ব্যৱহাৰ কৰক ৩টা নিম ফেচমাস্ক
১. নিম, মৌ আৰু গাখীৰঃ-শুকান ছাল
আৰোগ্য কৰিবলৈ নিমৰ পৰা তৈয়াৰী ফেচমাস্ক ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে ২ চামুচ নিমপাতৰ
পেষ্ট বনাই এচামুচ মৌ আৰু ১ ১/২ চামুচ গাখীৰ মিহলাই ল’ব লাগে।
তাৰ পৰা এটা মসৃণ পেষ্ট বনাই লওক। এতিয়া মুখত লগাই কুমলীয়া পানীৰে ধুই পেলাব লাগে।
নিম ফেচমাস্কে ছালখন পৰিষ্কাৰ আৰু সুন্দৰ কৰি তুলিব।
২. নিম, মুলতানি মিট্টি আৰু দৈঃ-যদি
আপোনাৰ ছালখন তেলীয়া হয় আৰু ব্ৰণৰ সমস্যা আছে তেন্তে আপুনি এই ফেচমাস্ক ব্যৱহাৰ কৰিব
পাৰে। ইয়াৰ বাবে ২ চামুচ নিমপাতৰ পেষ্টৰ লগত এচামুচ দৈ আৰু ৩⁄৪ চামুচ
মুলতানি মিট্টি পাউদাৰ দিব। তাত গোলাপ জল দি পেষ্ট প্ৰস্তুত কৰক। এই পেষ্টটো ১০ মিনিটমান
লগাই তাৰ পাছত ঠাণ্ডা পানীৰে ধুই পেলাব লাগে।
৩. নিম, হালধি আৰু চাহ গছৰ তেলঃ-যদি
বহুত পিম্পলছৰ সমস্যা আছে তেন্তে নিম আৰু চাহ গছৰ তেল ব্যৱহাৰ কৰিব লাগে। এই মাস্ক
বনাবলৈ ২ চামুচ নিমপাতৰ পেষ্ট, ১ টোপাল চাহ গছৰ তেল আৰু ১ চামুচ হালধি মিহলাই এটা ডাঠ
পেষ্ট বনাব লাগে। এতিয়া মুখত লগাই ১০ মিনিটৰ পাছত পানীৰে ধুব পেলাব লাগে।
Leave A Comment