ডিজিটেল ডেস্ক: মালক্ষ্মীৰ পূজাৰ বাবে শুক্ৰবাৰৰ দিনটো বিশেষ ফলদায়ক বুলি মানি লোৱা হয়, মা লক্ষ্মীৰ কৃপাত ধন, সম্পত্তি পোৱা যায়। শুক্রবাৰৰ দিনটো শুক্ৰগ্ৰহৰ নামত সমৰ্পিত। কোৱা হয় যে এই দিনটোত সকলো শুভ কাম সম্পন্ন হয়। জানো আঁহক শুক্ৰবাৰৰ দিনটোত কি কি কাম কৰিব নালাগে :
মালক্ষ্মী বিধিগত পূজাৰ দ্বাৰা প্ৰসন্ম হয়। কিন্তু এনে কিছুমান কাম আছে যিবোৰত লক্ষ্মী মা সন্তুষ্ট নহয়। জানি বুজি বা নজনাকে কৰা কিছুমান কামৰ বাবে লক্ষ্মী মা অসন্তুষ্ট হয় যাৰ ফল আপোনাৰ লগতে ঘৰৰ সদস্যবোৰেও সমস্যাৰ সন্মুখীন হব লগা হয় । তেনে ক্ষেত্ৰত ঘৰত ধনৰ অভাৱ হয় আৰু দৰিদ্ৰতাই দেখা দিয়ে। আহক জানো শুক্রবাৰৰ দিনটোত কি কি কাম কৰিব নালাগে।
ঘৰৰ দুৱাৰ
শাস্ত্ৰৰ মতে পূজাৰ সময়ত ঘৰৰ মূল দুৱাৰ পুৱা-গধূলি সদায় খুলি ৰাখিব লাগে। বিশ্বাস কৰা হয় যে মালক্ষ্মী ভ্ৰমণৰ বাবে ওলাই আহে আৰু ঘৰৰ দুৱাৰ বন্ধ দেখিলে উভতি যায়। যদি লক্ষ্মী মাৰ আশীৰ্বাদ বিচাৰিছে গধূলি বন্তি জ্বলোৱা সময়ত ঘৰৰ দুৱাৰ বন্ধ নকৰিব ৷
ধাৰ লোৱা
শুক্ৰবাৰৰ দিনটোত ধাৰ লোৱাটো অশুভ বুলি কোৱা হয়। মানি লোৱা হয় যে এই দিনটোত কৰোবাৰ পৰা ধাৰ ললে আৰু ধাৰ দিলে লক্ষ্মী মা অসন্তুষ্ট হয়, কয় যে এই দিনটোত কাৰোবাক ধাৰ দিয়া টকা উভটাই পোৱা নাযায়।যদি কৰোবাৰ পৰা ধাৰ লোৱা হয় সেই টকা উভতাই দিয়াৰ ক্ষেত্ৰত সমস্যা হয়।
মহিলাৰ অনাদৰ
মহিলাসকল প্ৰত্যেক দিনায়ে সন্মানৰ পাত্ৰ। শুক্রবাৰৰ দিনা মহিলা, ছোৱালী আৰু ক্লীৱ লিংগসকলক কেতিয়াও অপমান কৰিব নালাগে। প্রত্যোক মহিলা দেৱী স্বৰূপ।তেওঁলোকক অপমান কৰা মানে দেৱীক অনাদৰ কৰা বুজাই। এনে কৰিলে ধনবান ব্যক্তিও দৰিদ্ৰতাৰ কবলত পৰে৷
চেনি
শুক্ৰবাৰৰ দিনটোত যিকোনো বস্তু দান কৰা শুভ, কিন্তু চেনি দান কৰাটো শুভ নহয়। চেনিৰ সম্বন্ধ শুক্রগ্ৰহৰ লগত আছে। শুক্রবাৰৰ দিনটোত চেনি দান কৰিলে সুখ-শান্তি আৰু সমৃদ্ধি নোহোৱা হয় আৰু টকা-পইচা হ্রাস হয়।
Leave A Comment