• গোটেই বছৰটো ঘৰত টকাৰ বৰষুণ হৈ থকাটো বিচাৰে নেকি? পহিলা ব'হাগত কৰক এই চাৰিটা কামৰ যিকোনো এটা, ফল লাভ কৰিব নিশ্চিতভাবে

    জীৱন শৈলী
    গোটেই বছৰটো  ঘৰত  টকাৰ বৰষুণ  হৈ থকাটো বিচাৰে নেকি? পহিলা ব'হাগত  কৰক এই চাৰিটা কামৰ যিকোনো এটা,  ফল লাভ কৰিব নিশ্চিতভাবে
    ডিজিটেল ডেস্কঃ  ভাৰতীয়ৰ বাবে আকৌ এটা নৱবৰ্ষ  আহিল । দেওবাৰে পহিলা ব'হাগ । শাস্ত্ৰ অনুসৰি বছৰটোৰ প্ৰথম দিনটো যিকোনো কামৰ বাবেই শুভ বুলি ধৰা  হয়। যদি আপুনি নতুন কিবা আৰম্ভ কৰিব বিচাৰে, এই দিনটো  বাছনি কৰিব পাৰে। নতুন  কামৰ পৰিকল্পনা কৰাৰ বাবেও এই দিনটো শুভ বুলি গণ্য কৰা হয়।

    মানুহে   ধনকলৈয়েই বছৰটো বেছিকৈ চিন্তা কৰিবলগীয়া হয়।   বছৰৰ  প্ৰথম দিনটোত   লক্ষ্মীদেৱীকক সন্তুষ্ট কৰিব পাৰিলে বছৰটোত ধনৰ অভাৱ নহয় বুলি বহুতে ধাৰণা কৰে। বছৰৰ প্ৰথম দিনটোত বহুতে  ভগৱান গণেশকো উপাসনা কৰে। গণেশৰ উপাসনাই ব্যৱসায়  বৃদ্ধি কৰে। লক্ষ্মী আৰু গণেশক একেলগে উপাসনা কৰিলে শুভ ফল পোৱাটো সম্ভৱ বুলি শাস্ত্ৰই কয়। পহিলা ব'হাগত   এই চাৰিটা  কামৰ ভিতৰত যিকোনো এটা  কৰিব  পাৰিলে বছৰটোত ধনৰ আকাল নহ'ব।  কি কাম জানো আহক- 
    ১) পহিলা ব'হাগৰ দিনা  ঘৰত লক্ষ্মীৰ ঘটৰ ওপৰত পাঁচটা পাঁচটা কড়ি ৰাখিব। প্ৰতি বৃহস্পতিবাৰে সেই কড়িৰে দেৱী লক্ষ্মীৰ উপাসনা কৰক, ই দেৱীক সন্তুষ্ট কৰিব। পৰিয়ালটোলৈ  সমৃদ্ধি আহিব আৰু আৰ্থিক সীমাবদ্ধতাৰ পৰাও মুক্তি থাকিব।
    ২) বছৰৰ প্ৰথম দিনটোত, আপুনি ঘৰত ভগৱান গণেশৰ মূৰ্তি স্থাপন কৰি পূজা কৰিলেও  ধনৰ ক্ষেত্ৰত শুভফল  লাভ কৰিব পাৰে। ঘৰত পইচা আৰু গহনা ৰখা ঠাইত পূজাৰ ফুল ৰাখিব।

    ৩) কোৱা হয় যে সকলো দেৱতাৰ  গৰুৰ সৈতে ওচৰ সম্পৰ্ক আছে।  গৰুক বহুতে সেয়ে দেৱতা অথবা দেৱীৰ ৰূপত  পূজাও কৰে। সেয়েহে, নৱবৰ্ষৰ  প্ৰথম দিনটোত  গৰুক খুৱালে  শুভ বুলি গণ্য কৰা হয়। ৰাস্তাত থকা গৰুক   কিছু খাদ্য এৰি দিলে তাৰ শুভ ফল পাব।  এই দিনটোত যিকোনো পথৰ  জন্তুক খুৱালেও  শুভ ফলাফললাভ হয়।

    ৪) এটা বাটিত তেল-হালধি আৰু সেন্দুৰ  মিহলি কৰক। সেই মিশ্ৰণেৰে  আমৰ পাতত ফোঁট দিয়ক। তাৰ পিছত সাতটা আমৰ পাত ৰঙা সূতাৰে বান্ধি দুৱাৰত ওলোমাই ৰাখক । এনেদৰে আমৰ পাত ঘৰৰ দক্ষিণ-পূব কোণত ৰখা ভাল। যদি ঘৰত বাস্তুদোষ  থাকে তেন্তে সেয়া দূৰ হ'ব আৰু ঘৰলৈ ধন আৰু সুখৰ সোঁত ব'ব।