• কেৰালাত নিপা ভাইৰাছৰ সংক্ৰমণ; কোঝিকোডত ১৭ ছেপ্তেম্বৰ পৰ্যন্ত বন্ধ থাকিব শিক্ষানুষ্ঠান

    জীৱন শৈলী
    কেৰালাত নিপা ভাইৰাছৰ সংক্ৰমণ; কোঝিকোডত ১৭ ছেপ্তেম্বৰ পৰ্যন্ত বন্ধ থাকিব শিক্ষানুষ্ঠান
    ডিজিটেল ডেস্কঃ দেশত পুনৰ দেখা দিছে নিপা ভাইৰাছৰ সংক্ৰমণ৷ নিপা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে কেৰালা চৰকাৰে কোঝিকোডত বিদ্যালয়-মহাবিদ্যালয়সমূহৰ বন্ধৰ সময়সীমা ১৬ ছেপ্তেম্বৰ (শনিবাৰ)লৈ বৃদ্ধি কৰিছে। দুদিন পূৰ্বে ৰাজ্যত এই মাৰাত্মক ভাইৰাছত আক্ৰান্ত হৈ দুজন লোকৰ মৃত্যু পঞ্জীয়ন কৰা হৈছিল।

    নিপা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত সতৰ্কতামূলক ব্যৱস্থাৰ অংশ হিচাপে কোঝিকোড জিলাৰ অংগনবাড়ী, মাদ্ৰাছা, টিউচন কেন্দ্ৰ, মহাবিদ্যালয়কে ধৰি সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছে।

    ইয়াৰ পূৰ্বে বৃহস্পতিবাৰ আৰু শুকুৰবাৰ (১৪ আৰু ১৫ ছেপ্টেম্বৰ) বন্ধ ঘোষণা কৰা হৈছিল। কিন্তু বিশ্ববিদ্যালয় আৰু লোকসেৱা আয়োগৰ পৰীক্ষাৰ সময়সূচী অপৰিৱৰ্তিত হৈ আছে। শিক্ষানুষ্ঠানসমূহক অনলাইন ক্লাছৰ ব্যৱস্থা কৰিবলৈ চৰকাৰে আহ্বান জনাইছে৷ইফালে কেন্দ্ৰৰ এটা দল কোজিকোডত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

    স্বাস্থ্যমন্ত্ৰী বীনা জৰ্জে কয় যে এখন উচ্চ পৰ্যায়ৰ বৈঠক হৈছিল আৰু স্বাস্থ্য বিভাগৰ প্ৰধান সচিবে দিল্লীৰ পৰা অহা বিষয়াসকলৰ সৈতে এই বৈঠকত মিলিত হৈছিল।