• অতীত কাতৰতাই আমনি কৰে নেকি আপোনাকো? প্ৰতিটো পল উদ্‌যাপন কৰি জীৱন সজাওক নতুন হেঁপাহেৰে

    জীৱন শৈলী
    অতীত কাতৰতাই আমনি কৰে নেকি আপোনাকো? প্ৰতিটো পল উদ্‌যাপন কৰি জীৱন সজাওক নতুন হেঁপাহেৰে
    ডিজিটেল ডেস্ক: ওলমা পৃথিৱীৰ ওমলা সময়বোৰ এতিয়া নষ্টালজিয়াৰ সোণ বৰষুণ হৈ সৰি পৰে৷ মাটি-শৈশৱৰ ফুটা-নুফুটা, বুজা-নুবুজা কথাবোৰ, কাহিনীবোৰ, দূৰ অতীতৰ গল্পবোৰ এতিয়া মাথোঁ সোঁৱৰণী৷ সোঁৱৰণীৰ বঁকিয়াইদি নামি আহে স্মৃতিৰ নদী৷ 

    এটা সময় আছিল আপুনি হাতত মাৰ্বলগুটি কেইটিমান লৈ ৰং বুটলিছিল৷ ৰং সানিছিল মনত৷ এতিয়া সেয়া নষ্টালজিয়া৷ এতিয়া যন্ত্ৰৱৎ পৃথিৱী এখনৰ আপুনি ব্যস্ত নাগৰিক৷ আপোনাৰ ব্যস্ততা আপোনাৰ নিত্যসংগী সম্প্ৰতি৷ এতিয়া আপুনি মাৰ্বল খেলিবগৈ নোৱাৰে৷ আপুনি মিলাবলগীয়া হৈছে জীৱনৰ হিচাপ-নিকাচ৷ শৈশৱৰ সমৃদ্ধিবোৰ বুটলি-সামৰি আপুনি এতিয়া অভিজ্ঞতাৰ আলোকেৰে পৰিপূৰ্ণ৷

    সময় এনেকুৱাই৷ আজিৰ বৰ্তমান কাইলৈ হৈ পৰিব অতীতৰ ধূসৰতা৷ অতীতে বাট দেখুৱায়৷ ভুলৰ শুধৰণি কৰি জীৱনত আগবাঢ়িবলৈ অতীতেই সকীয়ায়৷ কিন্তু, অতীতকেই খামুচি আজিৰ সময়খিনিক ক’লা-বগা কৰি আপুনি কিয় পুনৰ ভুল কৰিব খোজে? কিয় ৰৈ যাব খোজে?

    প্ৰথাগত ধাৰণাৰে আমি ভাবি লওঁ— আগৰ সময়বোৰেই ভাল আছিল! অপ্ৰাপ্তি, বিৰহ-বিচ্ছেদৰ বেদনাই যেতিয়া মনটোক জুৰুলা কৰে, যেতিয়াই ছয়াময়া হৈ পৰে সমুখৰ পথ, যেতিয়া আপুনি বাট হেৰুৱাই আপোনাৰ সংগ্ৰামত? তেতিয়াই হুমুনিয়াহ এটা নিগৰাই আপুনি নকয়নে— আগৰ সময়বোৰেই ভাল আছিল!

    কিন্তু, এয়া আপেক্ষিক ধাৰণা৷ আগৰ সময়বোৰেই ভাল, তেনে কথা নহয়৷ সময়ৰ সোঁতত, সময়ৰ ডঁৰিয়লিত আগত দিনৰো এটি কেঁকুৰিত আপুনি ক’ব— আগৰ দিনবোৰেই ভাল আছিল৷ 

    তাতকৈ আহক, উদযাপন কৰক প্ৰতিটো পল৷ জীৱনৰ হেঁপাহত মেলি দিয়ক মনৰ দুপাখি৷ উৰিব দিয়ক মনটোক৷ আকাশৰো সিপাৰে...