স্বাস্থ্য
ডিজিটেল ডেস্ক : গৰ্ভাৱস্থাত সময়ত
মহিলাসকলে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। বিশেষকৈ কঁকালৰ বিষৰ সমস্যাটো
মহিলাসকলৰ মাজত আটাইতকৈ বেছিকৈ দেখা যায়। আজি আমি আপোনালোকক এনে কিছুমান যোগাসন ক’ম, যাৰ
সহায়ত গৰ্ভৱতী মহিলাৰ কঁকালৰ বিষত উপশম দিয়াৰ লগতে গৰ্ভত থকা সন্তানৰ ওপৰতো ভাল প্ৰভাৱ
পেলায়। কিন্তু সঠিকভাৱে কৰাৰ উপায় থাকিব লাগে। গতিকে গৰ্ভৱতী মহিলাৰ বাবে আটাইতকৈ
সুৰক্ষিত আসনৰ বিষয়ে জানো আহক।
ত্ৰিকোনাসন
ইয়াৰ বাবে যোগাসনৰ মেটৰ ওপৰত থিয়
হ’ব লাগে।
এতিয়া দুয়োখন ভৰি মেলি দিয়ক। তাৰ পাছত বাওঁ ভৰিৰ আঙুলিবোৰ মাটিত ৰাখি আনখন হাত ওপৰলৈ
তুলিব লাগে। ওপৰৰ হাতখনৰ ফালে ডিঙিটো পেচাই ৰাখিব লাগে। এই অৱস্থাত কেইছেকেণ্ডমান থাকি
আৰু স্বাভাৱিকভাৱে উশাহ-নিশাহ লৈ থাকিব। এতিয়া লাহে লাহে উশাহ এৰি স্বাভাৱিক ভংগীমালৈ
উভতি আহক। তাৰ পাছত বিপৰীতে ফালেও এই প্ৰক্ৰিয়াৰ পুনৰাবৃত্তি কৰক।
বিৰভদ্ৰাসন
যোগাসনৰ মেটৰ ওপৰত থিয় হওক। এতিয়া
এখন ভৰি পিছলৈ লৈ আনখন ভৰি আগলৈ লৈ যাওক। এতিয়া দুয়োখন হাত ওপৰলৈ নিয়ক। এই আসন কৰাৰ
সময়ত আঁঠুবোৰ অলপ বেঁকা কৰি ৰাখিব লাগে। এতিয়া ভৰি দুখন সমানভাৱে ৰাখি তাৰ পাছত বিপৰীতে
একেদৰেই কৰক।
Leave A Comment