• প্ৰাইড মন্থ’: ৰক্ষণশীল সামাজিক প্ৰত্যাহ্বান নেওচি লিঙ্গ পৰিচয় আৰু সমতাৰ অধিকাৰৰ স্বতন্ত্ৰতা উদযাপন

    জীৱন শৈলী
    প্ৰাইড মন্থ’: ৰক্ষণশীল সামাজিক প্ৰত্যাহ্বান নেওচি লিঙ্গ পৰিচয় আৰু সমতাৰ অধিকাৰৰ স্বতন্ত্ৰতা উদযাপন
    ডিজিটেল ডেস্ক: প্ৰচলিত ৰক্ষণশীল সমাজ ব্যৱস্থাত লিংগ পৰিচয় আৰু যৌন আকাংক্ষাৰ ধাৰণাটো এতিয়াও ইন্দ্ৰিয় বৰ্জিত। পুৰুষতান্ত্ৰিক এই সমাজ ব্যৱস্থাত  প্ৰচলিত ধাৰা অনুসৰি পুংলিঙ্গ আৰু স্ত্ৰীলিঙ্গৰ ধাৰণাতে মানুহৰ লিঙ্গ বিভাজন সীমাবদ্ধ। ইয়াৰ বাহিৰে ব্যক্তিৰ নিজস্ব লিঙ্গ পৰিচয়, যৌন আকাংক্ষা আৰু লিঙ্গ বা যৌন সমতাৰ ধাৰণাক সন্মান জনাব পৰা পৰিৱেশ এটা এই পৰ্যন্ত সমাজত গঢ় লৈ উঠা নাই। এনে এটা ৰক্ষণশীল পৰিৱেশত তৃতীয় লিঙ্গৰ ধাৰণাটো এটা কৌতুকৰহে আহিলা। নিজৰ লিঙ্গ পৰিচয় আৰু যৌন অধিকাৰৰ প্ৰশ্ন উত্থাপন কৰা মানেই এই সমাজ ব্যৱস্থাত হাঁহিয়াতৰ পাত্ৰ। সমকামী, ট্ৰেণ্সজেণ্ডাৰ, বাইচেক্সুৱেল লোকসকল  পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাটোৰ ধাৰণাত এক শাৰীৰিক-মানসিক বিকাৰগ্ৰস্ততাত ভুগা ৰোগী। এই লোকসকলৰ লিঙ্গ পৰিচয় বা যৌন আকাংক্ষাক প্ৰাকৃতিক হিচাপে স্বীকৃতি দিয়াৰ পৰিৱেশ এটা এই পৰ্যন্ত গঢ় লৈ উঠা নাই। এই সকলো সামাজিক উপহাস, প্ৰতিকূলতাৰ, প্ৰত্যাহ্বান নেওচি LGBTQ সকলৰ নিজৰ লিঙ্গ পৰিচয় তথা যৌন সমতা তথা অধিকাৰ উপস্থাপনৰ এক আন্দোলন হৈছে প্ৰাইড মন্থ বা গৌৰৱৰ মাহ। 

    সমগ্ৰ বিশ্বতে প্ৰতি বৰ্ষৰ জুন মাহত এই প্ৰাইড মন্থ উদযাপন কৰা হয়। সমগ্ৰ বিশ্বৰ LGBTQ সম্প্ৰদায়ৰ প্ৰেম, সমতা, পৰিচয় আৰু আত্ম-গ্ৰহণৰ এই স্বাধীনতা উদযাপন নাগৰিক অধিকাৰৰ এক অন্যতম আন্দোলন। প্ৰচলিত ৰক্ষণশীল আৰু পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাক প্ৰত্যাহ্বান জনাই LGBTQ ৰ ৰামধেনু ৰঙী পতাকাৰ তলত একত্ৰিত হৈ জীৱন উদযাপনৰ এক পৰিবৰ্তনকামী আন্দোলন এই প্ৰাইড মন্থ।

    প্ৰায় ৫০ বছৰ পূৰ্বতে আৰম্ভ হোৱা এই প্ৰাইড মন্থৰ আছে এক যুগান্তকাৰী ইতিহাস। ১৯৬৯ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মানহাটানত সংঘটিত ষ্টোনৱাল অভ্যুত্থানৰ পৰা আৰম্ভ হয় এই প্ৰাইড মন্থৰ ধাৰণা। ১৯৬৯ চনৰ ২৮ জুনত নিউয়ৰ্ক চহৰৰ ষ্টোনৱাল ইনত স্বৈৰাচ্ছাৰী আৰক্ষী বাহিনীৰ আক্ৰমণৰ বিৰোধিতাৰে সমকামী সম্প্ৰদায়ৰ লোকসকলে লোৱা এক বৈপ্লৱিক সিদ্ধান্তই জন্ম দিয়ে প্ৰাইড মন্থৰ ধাৰণা।

    আমেৰিকা যুক্তৰাষ্ট্ৰত LGBTQ সকলৰ অধিকাৰৰ প্ৰণালীবদ্ধ আন্দোলন প্ৰায় ১৯২৪ চনত হেনৰী জাৰ্বেৰে চিকাগোত মানৱ অধিকাৰ সমিতি প্ৰতিষ্ঠা কৰা সময়ৰ পৰাই আৰম্ভ হৈছিল। কিন্তু ১৯৬৯ চনৰ ২৮ জুনত নিউয়ৰ্ক চহৰৰ গ্ৰীণউইচ ভিলেজৰ ষ্টোনৱাল ইনে এই অধিকাৰ আন্দোলনক প্ৰাণৱন্ত কৰি তোলে। আৰক্ষীয়ে ২৮ জুনৰ পুৱাৰ ভাগত LGBTQ ৰ সমবেত স্থলী হিচাপে বিখ্যাত এই স্থানত আক্ৰমণ কৰে। অনুজ্ঞাপত্ৰ অবিহনে সুৰা বিক্ৰী কৰাৰ অজুহাত দেখুৱাই বহু লোককে বাৰখনৰ পৰা গ্ৰেপ্তাৰ কৰাৰ লগতে হাৰাশাস্তি কৰে। 

    আৰক্ষীৰ এই অত্যাচাৰী স্থিতি তথা LGBTQ সম্প্ৰদায়ৰ লোকসকলক কৰা দুৰ্ব্যৱহাৰৰ বিৰুদ্ধে জাঙোৰ খাই উঠে ঘটনাস্থলীত সমবেত লোক। লগে লগে আৰক্ষীৰ ওপৰত তেওঁলোকে আক্ৰমণত নামি পৰে। এনে অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হৈ আৰক্ষীয়ে দিকবিদিক হেৰুৱাই পেলায়। এই ঘটনাৰ পাছতে সমগ্ৰ দেশতে LGBTQ সম্প্ৰদায়ে এক বিদ্ৰোহৰ সূচনা কৰে। এই আন্দোলনটো পিছলৈ ষ্টোনৱাল দাঙ্গা হিচাপে পৰিচিত হৈ পৰে।

    আগৰ বিপৰীতে, এইবাৰ সমকামী সম্প্ৰদায়ে তেওঁলোকৰ সৈতে হোৱা অন্যায়ৰ বিৰুদ্ধে যুঁজ দিবলৈ থিয় দিছিল। ষ্টোনৱাল ইনৰ ভিতৰত অভিযানৰ বিৰুদ্ধে সমগ্ৰ দেশতে এলজিবিটিকিউ সম্প্ৰদায়ৰ দ্বাৰা এক বিদ্ৰোহ অনুষ্ঠিত হৈছিল, আৰু আন্দোলনটো ষ্টোনৱাল দাঙ্গা হিচাপে পৰিচিত হৈছিল।

    এই ষ্টোনৱাল দাঙ্গাৰ প্ৰথম বাৰ্ষিকী উপলক্ষে ১৯৭০ চনৰ জুন মাহত LGBTQ সম্প্ৰদায়ৰ লোকসকল একত্ৰিত হয়। তেওঁলোকৰ অধিকাৰৰ বাবে যুঁজ দিয়াৰ পথ মুকলি কৰা তথা তেওঁলোকৰ সামাজিক স্বীকৃতিৰ পথ সুগম কৰা এই গৌৰৱৰ ষ্টোনৱাল অভ্যুত্থানৰ প্ৰতি সন্মান জনাই এক পেৰেডত ভাগ লয়। 

    উল্লেখ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি বিল ক্লিণ্টনে ১৯৯৯ চনৰ জুন মাহটোক "সমকামী আৰু সমকামী গৌৰৱ মাহ" হিচাপে ঘোষণা কৰিছিল। ইয়াৰ পিছত ৰাষ্ট্ৰপতি বাৰাক অবামাই জুন মাহটোক "LGBT প্ৰাইড মন্থ" বুলি ঘোষণা কৰিছিল। শেহতীয়াকৈ ৰাষ্ট্ৰপতি জ’ বিডেনে এই জুন মাহটোক "লেসবিয়ান, গে, বাইচেক্সুৱেল, ট্ৰেন্সজেণ্ডাৰ, আৰু কুইৰ (LGBTQ) প্ৰাইড মন্থ" হিচাপে আনুষ্ঠানিকভাৱে চৰকাৰী স্বীকৃতি দিয়ে। 

    এই প্ৰাইড মন্থ উদযাপনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশবোৰৰ ভিতৰত এটা হৈছে ৰামধেনু ৰঙী পতাকা। এই পতাকাই সমগ্ৰ সম্প্ৰদায়টোক প্ৰতিনিধিত্ব কৰে। এই ৰামধেনু ৰঙী পতাকাখন ১৯৭৮ চনত ডিজাইন কৰা হৈছিল। আমেৰিকাৰ সমকামী ৰাজনীতিবিদ হাৰ্ভে মিল্কে মুকলিকৈ সমগ্ৰ সম্প্ৰদায়টোক একত্ৰিত কৰাৰ বাবে এটা প্ৰতীকৰ বিষয়ে উত্থাপন কৰাৰ পিছত এই পতাকাখন গ্ৰহণ কৰা হৈছিল। ৰামধেনু ৰঙী এই পতাকাখনে সকলো গোট আৰু সম্প্ৰদায়ৰ গ্ৰহণযোগ্যতাক প্ৰতিনিধিত্ব  কৰে।

    সাধাৰণতে ভাৰতীয় সমাজ ব্যৱস্থাত এই LGBTQ ধাৰণাটো এতিয়াও সামাজিক স্বীকৃত নহয়। এতিয়াও এই লোকসকলক ভাৰতীয় সমাজত শাৰীৰিক মানসিক ৰুগী বা অপৰাধীৰ দৰে গণ্য কৰা হয়। কিন্তু এই ধাৰণাটো বিশেষকৈ সমকামিতাৰ ধাৰণা ভাৰতত নতুন নহয়। প্ৰাচীন ভাৰততো সমকামিতাৰ ধাৰণা বিদ্যমান। অৰ্থাৎ ই ভাৰতীয় সভ্যতা-সংস্কৃতিৰ এটা অংশ হিচাপেই স্বীকৃত। দেশৰ বিভিন্ন প্ৰান্তত থকা প্ৰাচীন হিন্দু মন্দিৰসমূহৰ দেৱালত সমকামিতাৰ স্পষ্ট নিদৰ্শন দেখিবলৈ পোৱা যায়। ইয়াৰ পিছতো সমকামিতাক স্বীকৃতি দিবলৈ এতিয়াও কুণ্ঠাবোধ কৰে ভাৰতীয় সমাজে। 

    ভাৰতীয় এই ৰক্ষণশীল সামাজিক পৰিৱেশত LGBTQ সম্প্ৰদায়ৰ লোক সকলে এতিয়াও নিজৰ লিঙ্গ পৰিচয় আৰু যৌন সমতা তথা স্বাধীনতাৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। ভাৰতীয় LGBTQ সম্প্ৰদায়ৰ সামাজিক স্বীকৃতি তথা সমতা আজুৰি অনাৰ এই সংগ্ৰামত অৱশ্যে বৰ্তমান সময়ত প্ৰগতিশীল যুৱচামৰ অংশগ্ৰহণ এক আশাৰ বতৰা। বৈপ্লৱিক আন্দোলন হিচাপে প্ৰাইড মন্থ বা এই গৌৰৱৰ মাহ ৰামধেনু ৰঙী পতাকাৰ দৰেই ৰঙীন হওক। একবিংশ শতিকাৰ এই আধুনিক সময়ত ৰক্ষণশীল আৰু পুৰুষতান্ত্ৰিক সমাজৰ শিকলি ছিঙি এক পৰিবৰ্তনকামী আন্দোলন হিচাপে এই প্ৰাইড মন্থৰ প্ৰাসংগিকতা সদায় আছে আৰু থাকিব।