ডিজিটেল ডেস্কঃ ১১ আগষ্টত পালন কৰা হ’ব ৰাখী। ৰক্ষাবন্ধনৰ দিনা ভগ্নীয়ে ককায়েক-ভায়েকৰ হাতৰ ৰাখী বান্ধে। ৰাখীক ৰক্ষাসূত্ৰ বুলিও কোৱা হয়। যদিও এই উৎসৱ ভাই-ভনীয়েকৰ সম্পৰ্কৰ বাবে উৎসৰ্গিত, কিন্তু প্ৰথমবাৰৰ বাবে ভনীয়েকে ভাতৃৰ হাতত নহয় এগৰাকী পত্নীয়েহে স্বামীৰ হাতত বান্ধিছিল ৰক্ষাসূত্ৰ। হিন্দু ধৰ্ম-পুৰাণত এই বিষয়ে এক কাহিনী বৰ্ণিত আছে।
পৌৰাণিক কাহিনী অনুসৰি প্ৰথমবাৰৰ বাবে ৰক্ষাসূত্ৰ ইন্দ্ৰৰ হাতত বান্ধি দিছিল তেওঁৰ পত্নী শচীয়ে। আচলতে এবাৰ দেৱতা আৰু দানৱৰ মাজত তীব্ৰ যুদ্ধ চলি আছিল। দানৱ সকলে দেৱতাসকলৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল আৰু ভয়তে দেৱতাবোৰ পলাই যাবলৈ ধৰিছিল।
দেৱতাকলৰ জীৱন বিপদত পৰাত ইন্দ্ৰৰ পত্নী শচীয়ে দেৱগুৰু বৃহস্পতিৰ ওচৰলৈ গৈ সহায় বিচাৰিছিল। তেতিয়া দেৱগুৰু বৃহস্পতিয়ে ক’লে, ''মই মন্ত্ৰ জপ কৰি এডাল ৰক্ষাসূত্ৰ প্ৰস্তুত কৰিছো, আপুনি শ্ৰাৱণী পূৰ্ণিমাৰ দিনা দেৱৰাজ ইন্দ্ৰৰ হাতত এই সূতা বান্ধি দিব। এই ৰক্ষাসূত্ৰই তেওঁক ৰক্ষা কৰাই নহয়, যুদ্ধত বিজয়ো কঢ়িয়াই আনিব।'' ইয়াৰ পিছত শচীয়ে এই কাম কৰিলে আৰু দেৱতাসকলে যুদ্ধত জয়ী হ’ল। এইদৰেই প্ৰথম ৰক্ষাসূত্ৰ পত্নীয়ে স্বামীৰ হাতত বান্ধি দিছিল।
দ্ৰৌপদীয়ে তেওঁৰ কাপোৰৰ এটুকুৰা কৃষ্ণক বান্ধি দিছিল
ৰক্ষাবন্ধনৰ আন এক অনুৰূপ কাহিনী প্ৰচলিত যিটো পাণ্ডৱৰ পত্নী দ্ৰৌপদী আৰু ভগৱান কৃষ্ণৰ সৈতে জড়িত। এই কাহিনী অনুসৰি ৰাজসুয়যজ্ঞত যেতিয়া পাণ্ডৱসকলে পূজাৰ বাবে ভগৱান কৃষ্ণক বাছি লৈছিল, তেতিয়া ৰজা শিশুপালৰ খং উঠিছিল। তেওঁ ভগৱান শ্ৰীকৃষ্ণক গালি-গালাজ কৰিবলৈ ধৰিলে। শিশুপালৰ ১০০ ভুল ক্ষমা কৰিব বুলি ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ মাতৃক প্ৰতিশ্ৰুতি দিছিল যদিও এয়া আছিল ১০১ সংখ্যক ভুল।
সেয়ে শ্ৰীকৃষ্ণই তেওঁৰ সুদৰ্শন চক্ৰৰে শিশুপালক বধ কৰিলে। এই সময়ত ভগৱান শ্ৰীকৃষ্ণেও আঙুলিত আঘাত পাইছিল, তাৰ পিছত দ্ৰৌপদীয়ে তেওঁৰ শাৰীৰ এটুকুৰা ফালি ভগৱান শ্ৰীকৃষ্ণৰ আঙুলিত বান্ধি দিছিল। তেতিয়াৰ পৰা ভগৱান শ্ৰীকৃষ্ণই দ্ৰৌপদীক নিজৰ ভনীয়েক বুলি গণ্য কৰিছিল আৰু যেতিয়া হস্তিনাপুৰৰ দৰবাৰত দ্ৰৌপদীৰ বস্ত্ৰ হৰণ কৰা হৈছিল তেতিয়া শ্ৰীকৃষ্ণই দ্ৰৌপদীক ৰক্ষা কৰিছিল।
Leave A Comment