ডিজিটেল ডেস্কঃ প্ৰতিবছৰে শাওণ মাহৰ পূৰ্ণিমাৰ দিনা ৰক্ষাবন্ধন উৎসৱ পালন কৰা হয়। এই দিনটোত ভগ্নীসকলে ককায়েক-ভায়েকৰ হাতত ৰাখী বান্ধি তেওঁলোকৰ দীৰ্ঘায়ুৰ বাবে প্ৰাৰ্থনা কৰে। এইবাৰ ১১ আগষ্ট বৃহস্পতিবাৰে পালন কৰা হ’ব ৰক্ষাবন্ধন। জ্যোতিষশাস্ত্ৰ অনুসৰি শাওণ মাহৰ পূৰ্ণিমা তিথি ১১ আগষ্টত আৰম্ভ হৈ ১২ আগষ্টৰ পুৱা ৭:০৫ বজালৈকে থাকিব। ১১ আগষ্টত গোটেই দিনটো ভদ্ৰ কাল হোৱাৰ বাবে ১২ আগষ্টত ৰাখী উদযাপনৰ কথা চিন্তা কৰিছে বহু লোকে।
জ্যোতিষৰ মতে শুভ সময়ত ৰক্ষাবন্ধনৰ তিলক লগোৱাটো শুভ ফলদায়ক। ৰক্ষাবন্ধনৰ বিশেষ উপলক্ষে বজাৰসমূহত উপলব্ধ হৈছে ৰঙীন ৰাখী। কিন্তু ৰাখী বান্ধি থাকোঁতে নাৰীয়ে কিছুমান কথাৰ প্ৰতি বিশেষ ধ্যান ৰখা উচিত। ভাই-ককাইৰ হাতত কেনেধৰণৰ ৰাখী বান্ধিব লাগে জানো আহক।
১)বিভিন্ন ডিজাইনৰ ৰাখীৰে ভৰি পৰিছে বজাৰ। এনে অৱস্থাত ৰাখী কিনাৰ সময়ত অলপ সাৱধান হোৱা উচিত। ৰাখীত কোনো ধৰণৰ অশুভ চিন থাকিব নালাগে। সাধাৰণতে শিশুৰ বাবে এই ধৰণৰ ৰাখী দেখা যায়, এই ৰাখীয়ে তেওঁলোকক আকৰ্ষণ কৰে, কিন্তু ই শুভ নহয়।
২)বহুতে ভগৱানৰ ছবি থকা ৰাখী কিনি ভাল পায়। তেওঁলোকে বিশ্বাস কৰে যে ই ঈশ্বৰৰ আশীৰ্বাদো কঢ়িয়াই আনে। আচলতে ৰাখীবোৰ ভাতৃৰ হাতত বহুদিন ধৰি বান্ধ খাই থাকে, এনে অৱস্থাত হাতো লেতেৰা হয় বা বহুবাৰ য’ত ত’ত সৰিও পৰে। এই দুয়োটা পৰিস্থিতিতে ঈশ্বৰক অপমান কৰা হয়। এনে অৱস্থাত এই ধৰণৰ ৰাখী বন্ধাৰ পৰা বিৰত থাকক।
৩)ৰক্ষাবন্ধন উৎসৱক ভনীয়েক আৰু ভাতৃৰ মাজত থকা প্ৰেমৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। এই দিনটোত বায়েক-ভনীয়েকে ভাতৃৰ সুখ আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰে। ভুলতো ক'লা ৰঙৰ ৰাখী ভাতৃৰ হাতত বান্ধিব নালাগে। ক’লা ৰং নেতিবাচকতাৰ প্ৰতীক। এই ৰংটো শুভ কামত ব্যৱহাৰ নকৰাই ভাল।
Leave A Comment