• কেনে যাব আজিৰ দিনটো? জানো আহক দিনটোৰ ৰাশিফল

    জীৱন শৈলী
    কেনে যাব আজিৰ দিনটো? জানো আহক দিনটোৰ ৰাশিফল
    ডিজিটেল ডেস্কঃ আজি ৫ মাঘ, শনিবাৰ , ২০ জানুৱাৰী ২০২৪ । আজি  সূৰ্য্যোদয়ৰ সময় হৈছে  ঘ:- ৬/১৫/৪০ সূৰ্য্যাস্ত ঘ:- ৪/৫০/০। তিথি :- শুক্লা দশমী, ৰা:ঘ:- ১০/০/৩০ লৈ।নক্ষত্ৰ :- কৃত্তিকা। শে:ৰা:ঘ:- ৫/৪১/৩৬  লৈ। শুভ সংখ্যা:- ২/৮,শুভ ৰং:- নীলা/ বেঙুনীয়া।ভক্ষাভক্ষ্য :- কলমৌ শাক খোৱা নিষেধ। ৰা:ঘ:- ১০/০০/৩০ যোৱাত  উৰহী খোৱা নিষেধ।


    ১. মেষ ৰাশি (অ,ল) : -  মেষ 
    ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত শুভ কৰ্মত আত্মনিয়োগ কৰিবলৈ সুযোগ লাভ কৰিব, ব্যৱসায় বাণিজ্যত শুভ বুলি কব পাৰি, লগতে আজি আপোনাৰ প্ৰেম আৰু আৰ্থিক দিশটো শুভ হোৱাৰ যোগ দেখা যায়। 

    ২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতিক জাতিকা সকলৰ‌ আজিৰ দিনটোত আয় বাঢ়িব , উৎসৱ পাৰ্বনত বা সামাজিক কৰ্মত ব্যস্ততা বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সৰু-সুৰা বাধাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।

    ৩. মিথুন ৰাশি(ক,ছ):-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত যিসকল সমাজ কৰ্মী আছে তেওঁলোকে ৰাইজৰ লগত ব্যস্ততা বাঢ়িব, যদিও আজি আপুনি ঠগ প্ৰৱঞ্চকৰ পৰা সাৱধান হ'ব লগতে আপুনি সজাগ নহ'লে যাত্ৰাত সামান্য বিপদ বিঘিনিৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।

    ৪. কৰ্কট ৰাশি(ড,হ) : - কৰ্কট ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত মনত প্ৰশান্তি বাঢ়িব, সামাজিক কৰ্মত ব্যস্ততা বাঢ়িব, যদিও আজি আপুনি ব্যয়ৰ ক্ষেত্ৰত সজাগ হোৱাটো ভাল হ'ব।

    ৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত প্ৰেমত শুভ হ'ব , ব্যৱসায়িক ভাৱে সফলতা লাভ কৰিব, কৰ্মত আনন্দময় পৰিবেশ লাভ কৰিব, যদিও আজি আপোনাৰ দেহ মনত কষ্ট পাবলগীয়া কৰ্মৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব।

    ৬. কন্যা ৰাশি (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত ধন আগমন বাঢ়িব , লগতে আজি আপুনি ভাল খাদ্য গ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব।

    ৭. তুলা ৰাশি (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব, লগতে আজি আপোনাৰ ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হোৱাৰ যোগ দেখা যায়।

    ৮. বৃশ্চিক ৰাশি (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত আনৰ সহায় সহযোগিতাৰ মাজেৰে দিনটো পাৰ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য খৰচ বৃদ্ধি হোৱাৰ যোগ দেখা।

    ৯. ধনু ৰাশি (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত শুভ কৰ্মত আত্মনিয়োগ কৰিবলৈ সুযোগ লাভ কৰিব, ব্যৱসায়িক ভাৱে সফলতা লাভ কৰিব, ছাত্ৰ ছাত্ৰী সকলৰ মনত আনন্দ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য কষ্ট বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

    ১০. মকৰ ৰাশি (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত দেহ মনত সুখ শান্তি লাভ কৰিব, প্ৰেমত সহাৰি লাভ কৰিব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধা লাভ হোৱাৰ যোগ দেখা যায়।

    ১১. কুম্ভ ৰাশি(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত বেচা কিনাত শুভ হ'ব , চাকৰিয়াল সকলৰ সুনাম অৰ্জন কৰিবলৈ সক্ষম হব, লগতে আজি আপোনাৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত শুভ হোৱাৰ যোগ দেখা যায়।

    ১২. মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত নতুন নতুন কাপোৰ লাভ কৰিব পাৰে, যদিও আজি আপুনি শত্ৰুৰ পৰা সাৱধান হ'ব লগতে আজি আপোনাৰ সন্মান হানি হ'ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।