• এনেদৰে কৰক বিশুদ্ধ আৰু ভেজাল বেচনৰ চিনাক্ত; নহ’লে পকৰী খাই পৰিব বিপদত!

    জীৱন শৈলী
    এনেদৰে কৰক বিশুদ্ধ আৰু ভেজাল বেচনৰ চিনাক্ত; নহ’লে পকৰী খাই পৰিব বিপদত!
    ডিজিটেল ডেস্কঃ বেচনৰ পকৰী খাই সকলোৱে ভালপায়। বিশেষকৈ বাৰিষা কালত চাহৰ লগত পকৰীৰ সোৱাদ লোৱাৰ মজাই সুকীয়া। পকৰী বনাওতে কিন্তু আমি ধ্যান ৰাখিব লাগিব যে আমি ব্যৱহাৰ কৰা বেচন কিমান বিশুদ্ধ। আজিকালি বজাৰত প্ৰায়বোৰ বস্তুৱেই ভেজাল পোৱা যায়, বেচনো আজিকালি ভেজাল হ’ল। আজি আমি আপোনালোকক এনে সহজ কৌশলৰ বিষয়ে ক’ম, যাৰ সহায়ত প্ৰকৃত আৰু ভেজাল বেচন সহজে চিনাক্ত কৰিব পাৰিব।

    যিকোনো খাদ্য-পানীয়ত মিশ্ৰণৰ প্ৰকৃত উদ্দেশ্য হ’ল সৰ্বাধিক লাভ অৰ্জন কৰা। কিন্তু ব্যৱসায়ীসকলে নাভাবে যে ই গ্ৰাহকৰ স্বাস্থ্যত কিমান প্ৰভাৱ পেলায়। 

    প্ৰকৃত আৰু নকল বেচন কেনেকৈ চিনাক্ত কৰিব?

    ১)হাইড্ৰক্লৰিক এচিডৰ সহায়ত পৰীক্ষা কৰকঃ বেচনক চকুৰে চাই গুণগত মান চিনাক্ত কৰাটো অসম্ভৱ, আৰু আজিকালি পেকেটত ভৰোৱা আৰু খোলা বেচন দুয়োটাতে প্ৰচণ্ড ভেজাল ঘটিছে। ইয়াক চিনাক্ত কৰিবলৈ হাইড্ৰক্লৰিক এচিড ব্যৱহাৰ কৰা হয়। আপুনি এটা বাটিত ২ৰ পৰা ৩ চামুচ বেচন লৈ পানী মিহলাই পেষ্ট প্ৰস্তুত কৰক। তাত ২ চামুচ হাইড্ৰক্লৰিক এচিড দি কেইমিনিটমান অপেক্ষা কৰিব। যদি বেচনৰ ৰং ৰঙা হৈ পৰে, তেন্তে বুজিব যে সেয়া ভেজাল বেচন

    ২)নেমুৰ সহায় লওকঃ প্ৰায় প্ৰতিটো ঘৰতে নেমু ব্যৱহাৰ কৰা হয়, ইয়াৰ সহায়ত আপুনি সহজেই প্ৰকৃত আৰু নকল ভেজাল চিনাক্ত কৰিব পাৰিব। মাত্ৰ আপুনি অলপ পৰীক্ষা-নিৰীক্ষা কৰিব লাগিব। ইয়াৰ বাবে এটা পাত্ৰত ৩ চামুচ বেচন লৈ সমান সংখ্যক নেমুৰ ৰস মিহলাই ল'ব লাগে। এতিয়া ইয়াত হাইড্ৰক্লৰাইল এচিডো দিব। প্ৰায় ৫ মিনিটমান থৈ দিয়াৰ পিছত যদি বেচনৰ ৰং বাদামী বা ৰঙা হয়, তেন্তে বুজিব যে ইয়াত ভেজাল হৈছে।