• কোনটো পিঁয়াজ বেছি উপকাৰী, বগা নে ৰঙা? জানি লওঁক দুয়োটাৰ মাজৰ পাৰ্থক্য

    জীৱন শৈলী
    কোনটো পিঁয়াজ বেছি উপকাৰী, বগা নে ৰঙা? জানি লওঁক দুয়োটাৰ মাজৰ পাৰ্থক্য

    ডিজিটেল ডেস্ক : ভাৰতবৰ্ষৰ
    প্ৰায় প্ৰতিঘৰ লোকৰ পাকঘৰতে পিঁয়াজ ব্যৱহাৰ কৰা হয়। মানুহে খাদ্যত ৰঙা পিঁয়াজ ব্যৱহাৰ
    কৰে। সাধাৰণতে ব্যঞ্জন বনোৱাত বগা পিঁয়াজ ব্যৱহাৰ কৰা নহয়, কিন্তু বগা পিঁয়াজৰ উপকাৰিতা
    বহুত বেছি। বগা পিঁয়াজৰ সোৱাদ একেবাৰে বেলেগ। কেঁচাকৈ বা বনায়ো খাব পাৰে। বগা পিঁয়াজ
    শৰীৰৰ বাবে অতি উপকাৰী। বগা পিঁয়াজত এন্টি-ইনফ্লেমেটৰী আৰু এন্টিবায়টিক গুণ আছে যিয়ে
    শৰীৰৰ বহু ধৰণৰ উপকাৰ সাধন কৰে।



     শেহতীয়াকৈ চেফ সঞ্জীৱ কাপুৰে ইনষ্টাগ্ৰামত
    এটা পোষ্ট কৰিছিল য’ত তেওঁ পিঁয়াজৰ উপকাৰিতাৰ বিষয়ে কয়। তেওঁ কৈছিল,  যে আপুনি জানেনে পাকঘৰত ব্যৱহাৰ কৰা পিঁয়াজে আপোনাক
    ছান ষ্ট্ৰোক আৰু ৰ
    দত পোৰাৰ পৰা ৰক্ষা কৰে। পিঁয়াজত ‘শৰীৰ ঠাণ্ডা কৰা, আঁহেৰে সমৃদ্ধ,
    ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা, হৃদযন্ত্ৰক সুস্থ কৰি ৰখা, এন্টি-বেক্টেৰিয়েল গুণ,
    এন্টিঅক্সিডেন্টেৰে সমৃদ্ধ’



     



    বগা আৰু ৰঙা পিঁয়াজৰ মাজত পাৰ্থক্য-



     যদিও ৰঙা পিঁয়াজ আৰু বগা পিঁয়াজত
    বহুতো বস্তু একে, কিন্তু দুয়োটাতে বহুতো ভিন্ন গুণ পোৱা যায় যিয়ে ইহঁতক পৃথক কৰি
    তোলে। ৰঙা পিঁয়াজতকৈ বগা পিঁয়াজৰ এন্টিবায়টিক আৰু এন্টি-ইনফ্লেমেটৰী গুণ অতি বেছি।
    ৰঙা পিঁয়াজতকৈ বগা পিঁয়াজত অধিক কেলৰি আৰু কম ফাইবাৰ থাকে। সেয়েহে বগা আৰু ৰঙা পিয়াঁজ
    দুয়োবিধেই উপকাৰী, কিন্তু দুয়োটাতে কিছুমান উপাদান পোৱা যায় যিবোৰ ইটোৱে সিটোৰ পৰা
    পৃথক।