• শাওণ মাহত এইবোৰ কাম নকৰিব! মহাদেৱৰ পৰা লাভ কৰিব বিশেষ আশীৰ্বাদ

    জীৱন শৈলী
    শাওণ মাহত এইবোৰ কাম নকৰিব! মহাদেৱৰ পৰা লাভ কৰিব বিশেষ আশীৰ্বাদ
    ডিজিটেল ডেস্কঃ আৰু কিছুদিনৰ পাছতেই আৰম্ভ হব শাওণ মাহ। এই মাহটো ভগৱান শিৱৰ অতি প্ৰিয়। বিশেষকৈ শিৱ ভক্তসকলে এই মাহৰ বাবে অপেক্ষা কৰে। ১৮ জুলাই, সোমবাৰৰ পৰা আৰম্ভ হব শাওণ মাহ। এই মাহত ভগৱান শিৱৰ বিশেষ পূজা কৰিলে বিশেষ ফল পোৱা যায়। এই মাহত মহাদেৱক সন্তুষ্ট কৰাটো অতি সহজ। বিশ্বাস কৰা হয় যে শাওণ মাহত ভোলানাথে কৈলাশ পৰ্বত এৰি পৃথিৱীত বিচৰণ কৰিবলৈ আহে। শাওণ মাহত কিছুমান কাম নকৰিলে মহাদেৱৰ বিশেষ আশীৰ্বাদ লাভ কৰা যায়। তেওঁ তেনে ভক্তৰ সোনকালেই মনৰ আশা পূৰণ কৰে। 

    শাওণ মাহত কি কি কৰিব নালাগে জানো আহক-

    ১)আমিষ খাদ্য নাখাবঃ শাওণ মাহত পিঁয়াজ, নহৰু, মাছ-মাংস, কণী খাব নালাগে। ইয়াৰ বাহিৰেও শাওণ মাহত বেঙেনা সেৱন কৰাটোও নিষিদ্ধ বুলি গণ্য কৰা হয়।

    ২)ৰাতিপুৱা গা ধুবলৈ নাপাহৰিবঃ শাওণ মাহত পুৱা সোনকালে সাৰ পাই গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধিব লাগে। গোটেই শাওণ মাহত ভোলেনাথক পানী আৰু বেল পাত আগবঢ়ালে ভাল ফল পোৱা যায় বুলি কোৱা হয়৷

    ৩)বিলাসৰ পৰা আঁতৰত থাককঃ শাওণ মাহটো তপস্যা আৰু ধ্যানৰ মাহ, গতিকে এই মাহ বিলাসীতাৰ পৰা আঁতৰি থাকিব লাগে। শাওনত বিচনাত শুব নালাগে বুলি এটা বিশ্বাস প্ৰচলিত আছে। এনে সময়ত বহুত মানুহ মাটিত শোৱে। 

    ৪)শৰীৰত তেল লগাব নালাগেঃ শাওণ মাহত শৰীৰত তেল লগাব নালাগে বুলি বিশ্বাস কৰা হয়।

    ৫)দাড়ি আৰু চুলি কাটিব নালাগেঃ শাওণ মাহত চুলি আৰু দাড়ি কাটিব নালাগে। 

    ৬)দিনৰ সময়ত শুব নালাগে- শাওণ মাহত দিনৰ সময়ত শুব নালাগে। এই গোটেই মাহটোত কেৱল ৰাতি শুই বাকী দিনটো শিৱ ভক্তিত কটাব লাগে।

    ৭)গাখীৰ সেৱন নকৰিব- শাওণ মাহত গাখীৰ খোৱা উচিত নহয়। কিন্তু শিৱলিংগত গাখীৰৰে অভিষেক কৰিব লাগে। ইয়াৰ বাহিৰেও এই গোটেই মাহটোত ব্ৰঞ্জৰ বাচন-বৰ্তনত খাদ্য খোৱা উচিত নহয়।

    ৮)নেতিবাচক চিন্তাৰ পৰা আঁতৰি থাকক- কোনো নেতিবাচক চিন্তা বা বেয়া কথা মনলৈ আনিব নালাগে। যদি আপুনি শিৱৰ আশীৰ্বাদ লাভ কৰিব বিচাৰে তেন্তে নিশ্চিতভাৱে এই মাহত আপোনাৰ পিতৃ-মাতৃ আৰু গুৰুসকলক সন্মান কৰক।