• আপুনিও টি বেগৰ চাহ খায় নেকি? তেন্তে জানি লওক ইয়াৰ পাৰ্শ্ব-প্ৰতিক্ৰিয়াসমূহ

    জীৱন শৈলী
    আপুনিও টি বেগৰ চাহ খায় নেকি? তেন্তে জানি লওক ইয়াৰ পাৰ্শ্ব-প্ৰতিক্ৰিয়াসমূহ

    ডিজিটেল ডেস্ক : অফিচৰ সময়ত, ভ্ৰমণৰ
    সময়ত বা কেতিয়াবা ঘৰতো চাহৰ বেগ বহু লোকে ব্যৱহাৰ কৰা দেখা যায়। বজাৰত আপোনালোকে
    বিচৰা ধৰণে সোৱাদযুক্ত বিভিন্ন ধৰণৰ টিবেগ পোৱা যায়। যিবোৰ মানুহে অতি তৃপ্তিৰে খাই
    ভালপায়। কিন্তু আপুনি জানেনে যে এই খৰতকীয়াকৈ বনোৱা চাহৰ মোনাটো আপোনাৰ কেনেদৰে স্বাস্থ্য
    ক্ষতি কৰিছে। হয়, আজি আমি আপোনালোকক tea bagৰ পাৰ্শ্ব-প্ৰতিক্ৰিয়াৰ বিষয়ে জনাম।



     আচলতে প্লাষ্টিকৰ চাহৰ বেগত ক্ষতিকাৰক
    কণা থাকে যিবোৰে বেক্টেৰিয়াক প্ৰভাৱিত কৰাৰ ক্ষমতা আছে বুলি প্ৰমাণিত হৈছে। বেছিভাগ
    চাহৰ মোনাতে ষ্টেপল পিন ব্যৱহাৰ কৰা হয় যদিও ই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।



     ১. চাহ কেনেকৈ খাব লাগে?



    প্রক্রিয়া অনুসৰি চাহ বনোৱাৰ পাছতেই
    ইয়াক খোৱা উচিত। গ্ৰীণ টি, ক’লা চাহ বা আন বহুতো ধৰণৰ বনৌষধি চাহ বজাৰত পোৱা যায়,
    যিটো পানীত উতলোৱাৰ পাছতহে খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী।



     ২. ডায়েবেটিছ ৰোগীৰ বাবে ক্ষতিকাৰক-



    চাহৰ বেগত অতিৰিক্ত কেফেইন থাকে
    যিয়ে তেজৰ গ্লুক’জৰ মাত্ৰাত বিঘ্নিত কৰে। যদিও টাৰ্মেৰিক চাহ, হিবিস্কাছ চাহ, দালচেনি
    চাহ, কেমোমিল চাহ আদি বনৌষধি চাহবোৰ এন্টি-ডায়েবেটিক। ইয়াৰ পাছতো অধিক কেফেইন থকা
    টিবেগ ব্যৱহাৰ কৰিলে ডায়েবেটিছ ৰোগীৰ ক্ষতি হয়।



     ৩. প্ৰকৃত সোৱাদ নাপায়-



    Calibri;mso-fareast-theme-font:minor-latin;mso-ansi-language:EN-US;mso-fareast-language:
    EN-US;mso-bidi-language:AR-SA">আচলতে চাহৰ বেগত ভৰোৱা পাতবোৰ অতি দীঘলীয়া প্ৰক্ৰিয়াৰ
    পাছত ভাগ কৰি পেক কৰা হয়। সেয়েহে ইয়াৰ সোৱাদ ইমান ভালকৈ দ্ৰৱীভূত নহয়, আনহাতে চাহপাত
    পানীত ভালদৰে দ্ৰৱীভূত হ’লে সোৱাদ ভাল হয়।