• বাস্তুশাস্ত্ৰঃ ঘৰত তাজমহলৰ শ্ব'পিচ বা ফটো ৰখা অনুচিত! পৰিয়ালত বাঢ়ে অশান্তি

    জীৱন শৈলী
    বাস্তুশাস্ত্ৰঃ ঘৰত তাজমহলৰ শ্ব'পিচ বা ফটো ৰখা অনুচিত! পৰিয়ালত বাঢ়ে অশান্তি
    ডিজিটেল ডেস্কঃ বাস্তুশাস্ত্ৰ মানি চলিলে জীৱনত বহু উন্নতি কৰিব পাৰি। বহু সময়ত মানুহে ঘৰ সজাই তোলাৰ প্ৰক্ৰিয়াত এনে ভুল কৰে যাৰ ফলত বাস্তুৰ ডাঙৰ ডাঙৰ বিপদৰ আগমন ঘটে। ঘৰত তাজমহলৰ শ্ব’পিছ ৰখা বা তাজমহলৰ ফটো লগায় মানুহে। বাস্তুশাস্ত্ৰ অনুযায়ী এইটো বৰ ডাঙৰ ভুল। প্ৰেমৰ প্ৰতীক তাজমহল দেখাত বৰ ধুনীয়া যদিও ইয়াৰ ফটো বা শ্ব'পিচ ঘৰত ৰখা বা কাৰোবাক উপহাৰ হিচাপে দিয়াটো ভাল নহয়।

    জানি লওক ইয়াৰ কাৰণ

    তাজমহলে ঘৰত কঢ়িয়াই আনে নেতিবাচকতা

    পত্নী মমতাজৰ মৃত্যুৰ পিছত শ্বাহজাহানে তেওঁৰ স্মৃতিত তাজমহল নিৰ্মাণ কৰিছিল। তাজমহল হৈছে মমতাজৰ সমাধি। হিন্দু ধৰ্মত কবৰস্থান বা সমাধিৰ ছবি ঘৰত ৰাখিলে ঘৰখনত নেতিবাচকতা আহে বুলি গণ্য কৰা হয়। গতিকে কেতিয়াও ঘৰত তাজমহলৰ ছবি নাৰাখিব বা তাৰ শ্ব’পিচ নাৰাখিব।

    তাজমহল ৰাখিলে ঘৰত বাস্তুদোষৰ সৃষ্টি হয়

    বাস্তুশাস্ত্ৰৰ মতে তাজমহল ঘৰত ৰাখিলে বাস্তুদোষৰ সৃষ্টি হয়, কিয়নো তাজমহল দুখ, সমাধি, মৃত্যুৰ লগত জড়িত। এই বাস্তুদোষে বহু সমস্যা কঢ়িয়াই আনে। ইয়াৰ ফলত ঘৰৰ মানুহৰ অগ্ৰগতিত বাধাৰ সৃষ্টি হয়। ৰোগত আক্ৰান্ত হয়। আৰ্থিক লোকচান হয় বা আৰ্থিক সংকটৰ সন্মুখীন হ’বলগীয়া হয়।

    তাজমহলৰ ছবি বা শ্ব’পিচ কাকো উপহাৰ হিচাপে নিদিব

    একেদৰে তাজমহলৰ ছবি বা শ্ব’পিচ কাকো উপহাৰ হিচাপে নিদিব। তেনে কৰাটো ভাল বুলি গণ্য কৰা নহয়। যদি কেতিয়াবা তাজমহল উপহাৰ হিচাপে পায় তেন্তে ঘৰলৈ নানিব। ইয়াক কেতিয়াও ঘৰত সজাব নালাগে।