• বাৰিষা কালত কৰক এইসমূহ ব্যৱস্থা, ঘৰত সুখ-সমৃদ্ধি বৃদ্ধি লগতে দূৰ হ’ব আৰ্থিক সংকট

    জীৱন শৈলী
    বাৰিষা কালত কৰক এইসমূহ ব্যৱস্থা, ঘৰত সুখ-সমৃদ্ধি বৃদ্ধি লগতে দূৰ হ’ব আৰ্থিক সংকট

    ডিজিটেল ডেস্ক : বৰষুণ মানে শাওণ
    মাহ ভোলেনাথৰ প্ৰিয় মাহ বুলি গণ্য কৰা হয়। এই মাহটো জ্যোতিষশাস্ত্ৰত অতি শুভ বুলি
    কোৱা হয়। এই সময়ছোৱাত যদি কিছু ব্যৱস্থা কৰা হয়, তেতিয়া ঘৰত সুখ-সমৃদ্ধিৰ লগতে
    টকাৰ অভাৱ দূৰ হয়। এই সন্দৰ্ভত বাস্তুশাস্ত্ৰত বহু প্ৰতিকাৰ দিয়া হৈছে, গতিকে সেই
    ব্যৱস্থাসমূহৰ বিষয়ে জানো আহক।



     ১. ঋণৰ পৰা মুক্তি-



    বাস্তুশাস্ত্ৰৰ মতে যদি আপুনি ঋণত
    ডুব গৈ আছে, তেন্তে বৰষুণৰ পানীৰে কিছু হ’লেও দূৰ কৰিব পাৰি বুলি বিশ্বাস কৰা হয়।
    এটা বাল্টিনত জমা কৰা বৰষুণৰ পানীত এগিলাচ গাখীৰ মিহলাই স্নান কৰিলে সোনকালে ঋণৰ পৰা
    মুক্তি পোৱা যায়।



     ২. অৰ্থ লাভ-



    জনশ্ৰুতি অনুসৰি শুকুৰবাৰৰ দিনা
    এটা তামৰ পাত্ৰত বৰষুণৰ পানী লৈ দেৱী লক্ষ্মীক জলাভিষেক কৰিলে শুভ বুলি গণ্য কৰা হয়।
    ইয়াৰ সমান্তৰালকৈ অৰ্থ লাভ কৰে বুলিও বিশ্বাস কৰা হয়। লগতে মা লক্ষ্মীক পদুম ফুল আগবঢ়োটো
    অত্যন্ত শুভ বুলি গণ্য কৰা হয়।



     ৩. আৰ্থিক সংকট দূৰ হয়-



    দৰাচলতে প্ৰায়সংখ্যক লোকে আৰ্থিক
    সংকটৰ মাজেৰে কটাবলগীয়া হয়। এনে সময়ত ঘৰৰ উত্তৰ দিশত এটা মাটিৰ পাত্ৰত বৰষুণৰ পানী
    জমা কৰি থৈ দিব লাগে। এনে কৰিলে আৰ্থিক সংকট দূৰ হয় বুলি বিশ্বাস কৰা হয়।



     ৪. সম্পৰ্কত মধুৰতা আহিব-



    বিয়াৰ পাছত বহু লোকৰ জীৱনলৈ প্ৰায়ে
    অশান্তি নামি আহে। এনে অৱস্থাত সম্পৰ্কত মধুৰতা বৃদ্ধি কৰিবলৈ কাঁচৰ বটলত বৰষুণৰ পানী
    ভৰাই বটলটো শোৱনি কোঠাত ৰাখিব লাগে। এনে কৰিলে লাহে লাহে সম্পৰ্কটো উন্নত হ’বলৈ ধৰে
    বুলি কোৱা হয়।