• মাত্ৰ ৩বিধ ফল খায়েই আপুনি হৈ থাকিব পাৰে চিৰযৌৱনা: জানক সবিশেষ

    জীৱন শৈলী
    মাত্ৰ ৩বিধ ফল খায়েই আপুনি হৈ থাকিব পাৰে চিৰযৌৱনা: জানক সবিশেষ
    ডিজিটেল ডেস্ক: আপুনিও যৌৱন ধৰি ৰাখিব বিচাৰে নেকি? মুখৰ ছালখন উজ্জ্বল কৰি ৰখাটো প্ৰায় প্ৰতিগৰাকী মহিলাৰে কাম্য। কিন্তু বয়সৰ লেখেৰে আগুৱাই গৈ থাকোতে মুখমণ্ডলৰ ছালত সূক্ষ্ম ৰেখা, ছাল কোঁচ খোৱাকে ধৰি কিছুমান সমস্যাই দেখা দিয়ে।

    ছালৰ যত্নৰ বাবে মহিলাসকলে সাধাৰণতে প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰিলেও বয়স বৃদ্ধিৰ লক্ষণবোৰ বহুসময়ত প্ৰতিফলিত হৈ পৰে। কিন্তু যদি আপুনি এগৰাকী মহিলা, তেন্তে আপুনি ৩০ বছৰ বয়সৰ পাছত কিছুমান স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰিলে বয়সে আপোনাৰ ছালত ধৰা দিব নোৱাৰে। 

    মাত্ৰ তিনিবিধ ফল খায়েই আপুনি আপোনাৰ ছালখনক চিৰযৌৱনা কৰি ৰাখিব পাৰে। কি এই তিনিবিধ ফল৷ জানো আহক—

    কল: কলক ছালৰ বাবে এক আশীৰ্বাদ বুলি গণ্য কৰা হয়। কল পটাছিয়ামযুক্ত হোৱাৰ লগতে ইয়াত মেগনেছিয়ামো যথেষ্ট ভাল পৰিমাণত পোৱা যায়। কলক ভাল এণ্টি-এজিং ফল বুলিও গণ্য কৰা হয়। কলে ছালৰ কোষবোৰ হাইড্ৰেটেড ৰাখে, যিয়ে ছাল স্বাস্থ্যৱান কৰি ৰাখে। 

    কিৱি: কিৱিত থকা ভিটামিন-চিয়ে ছালখনক টান কৰি ৰাখে। কিৱি খালে বয়স বৃদ্ধিৰ স্বাভাৱিক প্ৰক্ৰিয়াটো লেহেমীয়া হৈ পৰে। এই ফল দৈনিক খালে, ছালৰ যৌৱন অক্ষুন্ন ৰখাত সহায় হয়৷

    অমিতা: অমিতাত ভিটামিন-চিৰ লগতে লাইকোপেন নামৰ এণ্টি-অক্সিডেণ্ট থাকে। যিয়ে ছালৰ ওপৰত মুক্ত ৰেডিকেলৰ প্ৰভাৱ হ্ৰাস কৰে। সেয়ে ছালখন উজ্জ্বল দেখায়। তদুপৰি, অমিতাত পোৱা এণ্টি-অক্সিডেণ্টৰ বাবে ছাল কোঁচ খোৱা সমস্যা হ্ৰাস বহুপৰিমাণে হ্ৰাস হয়৷