ডিজিটেল ডেস্কঃবাহিৰলৈ ফুৰিবলৈ যোৱাটো বহুতৰে চখ। ফুৰিলে নানা কথা জানিব পাৰি, নানা মানুহৰ সৈতে পৰিচয় হ’ব পাৰি। শিশুসকলেও ফুৰি বৰ ভালপায়। কিন্তু পৰিবেশৰ সলনিৰ বাবে ফুৰিবলৈ যোৱাৰ সময়ত বহু শিশু অসুস্থ হৈ পৰা অথবা নানান অসুবিধাৰ সন্মুখীন হোৱাও দেখা যায়। তেনে অসুবিধাৰ পৰা শিশুক মুক্ত ৰাখি শিশুক ভ্ৰমণৰ সম্পূৰ্ণ আনন্দ দিবলৈ কেইটামান বিশেষ কথালৈ সদায় মন কৰা ভাল।
শিশু এটিৰ সৈতে ভ্ৰমণ কৰোঁতে কি কি কথা মনত ৰাখিব লাগে জানো আহক
১) শিশুটোৰ সৈতে ভ্ৰমণ কৰোঁতে মাজনিশা যাত্ৰা আৰম্ভ কৰা বিমান বা ৰে’লৰ টিকট ক্ৰয় নকৰাই ভাল। এনে কৰিলে গোটেই ৰাতি শিশুটিৰ টোপনি নাহিব পাৰে, ফলত শিশুটোৱে পিছদিনা অস্বস্তি বোধ কতৰিব পাৰে। শিশুক ভ্ৰমণ কৰোঁতে আৰামদায়ক অনুভৱ কৰিব পৰা কাপোৰ পিন্ধাব লাগে।
২) ভ্ৰমণ কৰোঁতে শিশুটিৰ বাবে অতিৰিক্ত খাদ্য ৰাখিব। কিবা কাৰণত .দি ৰেল বা বিমানখন পলমকৈ গন্তব্যস্থানত উপস্থিত হয়, তেন্তে শিশুটোৰ খাদ্যৰ ক্ষেত্ৰত কোনো সমস্যা নহ’ব।
৩) ভ্ৰমণলৈ যাওঁতে শিশুটোৰ বাবে অধিক কাপোৰ নিব। শিশুটিয়ে আৰামেৰে শুব পৰাকৈ এটা সৰু গাৰুও ৰাখিব পাৰে।
৪) যদি শিশুটোৰ হাপানি বা আন কোনো ৰোগ আছে, তেন্তে আপুনি ভ্ৰমণৰ পূৰ্বে শিশু চিকিৎসকৰ পৰামৰ্শ ল'ব। শিশুটিৰ ঔষধবোৰ প্ৰথমে পেক কৰক আৰু সেইবোৰ মোনাত ভৰাই দিয়ক।
৫) বিমানত যাত্ৰা কৰিলে বিমানৰ উৰণৰ সময়ত আৰু 'অৱতৰণ'ৰ সময়ত বহু শিশুৰ কাণ বন্ধ হয়। শিশুটোক এই সমস্যাৰ পৰা দূৰত ৰাখিবলৈ লগত ললিপপ ৰাখিব পাৰে। ললিপপ খাই থাকিলে বিমানৰ উৰণ অথবা অৱতৰণৰ সময়ত শিশুৰ কাণ বন্ধ নহয়।
৬) শিশুটিকলৈ প্ৰথমবাৰৰ বাবে বেছি দূৰলৈ ভ্ৰমণ নকৰাই ভাল। প্ৰথমে পৰীক্ষামূলক ভাবে কাষৰীয়া কোনো ঠাইলৈ ভ্ৰমণ কৰিব পাৰে। শিশুটিয়ে ভ্ৰমণৰ সৈতে অভ্যস্ত হৈ পৰা বুলি অনুভৱ কৰিলে দূৰ ভ্ৰমণৰ পৰিকল্পনা কৰকিব পাৰে।
Leave A Comment